জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইছমাইল ইবনে মুছা মেঙ্ক
ইছমাইল ইবনে মুছা মেঙ্ক (Ismail Ibn Musa Menk, জন্ম: ২৭ জুন ১৯৭৫) সাধাৰণতে মুফতি মেংক নামেৰে পৰিচিত, জিম্বাবুৱেৰ এগৰাকী ইছলামিক ভাষী। তেওঁ জিম্বাবুৱেৰ গ্ৰেণ্ড মুফতি আৰু জিম্বাবুৱেৰ কাউন্সিল অৱ ইছলামিক স্কোলাৰছৰ ফতোৱা বিভাগৰ মুৰব্বী।
-
ইছমাইল বাৰাৰী
ইছমাইল বাৰাৰী (ফাৰ্চী: اسماعیل براری; জন্ম ১৯৬৫) এজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক আৰু চলচ্চিত্ৰ প্ৰযোজক।
-
ইছাইভানি
ইছাইভানি (: Isaivani, তামিল: இசைவாணி; জন্ম ১৯৯৬) চেন্নাইৰ এগৰাকী গানা সংগীতশিল্পী। যিয়ে দ্য কেষ্টলেছ কালেকটিভৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰে। ২০২০ চনত তেওঁ নিজৰ সাফল্যৰ বাবে বিবিচি ১০০ মহিলা বঁটাৰ জৰিয়তে তেওঁৰ কৃতিত্বৰ স্বীকৃতি লাভ কৰে।
-
ইছি ৰিংগল্ড
আইছোলা "ইছি" ৰিংগল্ড (১৮৮৭ চনৰ মাৰ্চ – ১৫ মে’, ১৯৫২) আছিল এগৰাকী আমেৰিকান ব্লুজ গায়িকা, যিয়ে ১৯২০ আৰু ১৯৩০ৰ দশকত বুৰ্লেস্ক আৰু ভডেভিল কাৰ্যসূচীত প্ৰধানকৈ সূচকধৰ্মী গীত পৰিৱেশন কৰাৰ বাবে পৰিচিত আছিল।
-
ইছৰত আফ্ৰিন
ইছৰত আফ্ৰিন (Ishrat Afreen, জন্ম-২৫ ডিচেম্বৰ ১৯৫৬) এগৰাকী উৰ্দু কবি। তেওঁৰ ৰচনাসমূহ ইংৰাজী, জাপানী, সংস্কৃত আৰু হিন্দীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে। গজল গায়ক জগজিৎ সিং আৰু চিত্ৰা সিঙেও তেওঁলোকৰ সংকলন বিয়ণ্ড টাইম (১৯৮৭)ত তেওঁৰ কবিতা পৰিবেশন কৰে।
-
ইছৰাৰ আহমেদ
ড° ইছৰাৰ আহমদ ( ইংৰাজী: Dr.Israr Ahmed ) আছিল পাকিস্তানী ইছলামিক পণ্ডিত, বক্তা আৰু ধৰ্মতত্ত্ববিদ। পাকিস্তান আৰু দক্ষিণ এছিয়াৰ বাকী অংশত তেওঁৰ অনুগামী গঢ় লৈ উঠিছিল যদিও মধ্যপ্ৰাচ্য, পশ্চিম ইউৰোপ, উত্তৰ আমেৰিকাৰ কিছুমান দক্ষিণ এছিয়ান মুছলমানৰ মাজতো তেওঁৰ অনুগামী গঢ় লৈ উঠিছিল।
-
ইজাজ উল কৰিম ৰাও
ইজাজ উল কৰিম ৰাও (উৰ্দু: اعجاز الکریم راؤ) এজন পাকিস্তানী উদ্যোগী, জাৰণ আৰু অখণ্ডতা অভিযন্তা আৰু ভেলোচি এচেট ইণ্টিগ্ৰিটি লিমিটেডৰ পৰিচালক। তেওঁৰ তেল আৰু গেছ উদ্যোগত ৩০ বছৰতকৈ অধিক কৰ্ম অভিজ্ঞতা আছে আৰু তেওঁ VAIL Plant(R), এটা সম্পূৰ্ণ মডিউলাৰ ভিত্তিক সম্পত্তিৰ অখণ্ডতা ব্যৱস্থাপনা সমাধান চফ্টৱেৰ…
-
ইজাবেল জুনট
ইজাবেল জুনট, মাৰ্চিঅ’নেছ ডি কিউবাছ (ইংৰাজী: Isabelle Junot, Marchioness de Cubas; জন্ম: ১৮ এপ্ৰিল ১৯৯১) এগৰাকী ফৰাচী-ডেনিছ আৰু স্পেনিছ অভিজাত মহিলা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
ইজাবেলা আব্ৰামোভিচ
ইজাবেলা আব্ৰামোভিচ (৯ নৱেম্বৰ ১৮৮৯, লুট'ছলাভিচ – ২২ জানুৱাৰী ১৯৭৩, লেচিকা) পোলেণ্ডৰ গণিতজ্ঞ আৰু গণিত শিক্ষাবিদ আছিল। গাণিতিক শিক্ষাৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁক নাইটছ ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ প’ল’নিয়া ৰেষ্টিটিউটাৰ সন্মানেৰে সন্মানিত কৰা হয়।
-
ইজি শ্বাৰ্প
আইছ'বেল গ্ৰেচ শ্বাৰ্প (ইংৰাজী: Isobel Grace Sharp; জন্ম: ১ ডিচেম্বৰ ২০০৪) নিউজিলেণ্ডৰ এগৰাকী মহিলা ক্ৰিকেটাৰ। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিউজিলেণ্ড মহিলা ক্ৰিকেট দলৰ হৈ খেলে আৰু ঘৰুৱা ক্ৰিকেটত কেণ্টাৰবেৰীৰ হৈ খেলে। তেওঁ সোঁহতীয়া বেটাৰ আৰু উইকেট কিপাৰ হিচাপে খেলে।
-
ইঞ্জি আফ্লাটুন
ইঞ্জি আফ্লাটুন(Inji Aflatoun; আৰবী: إنجي أفلاطون; ১৬ এপ্ৰিল ১৯২৪ – ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ইজিপ্তৰ চিত্ৰশিল্পী আৰু মহিলা আন্দোলনৰ কৰ্মী আছিল। তেওঁ আছিল "১৯৪০ আৰু ১৯৫০ চনৰ শেষৰ ফালে মাৰ্ক্সবাদী-প্ৰগতিশীল-জাতীয়তাবাদী-নাৰীবাদী আন্দোলনৰ আগশাৰীৰ মুখপাত্ৰ" থকাৰ, লগতে "আধুনিক ইজিপ্তৰ শিল্পৰ পথ প্ৰদৰ্শক"…
-
ইটা বাণ্ডা
ইটা এলিজাবেথ বাণ্ডা ( Eta Elizabeth Banda; জন্ম: ১৯৪৯) ২০০৯ চনৰপৰা ২০১১ চনলৈকে মালাউইৰ এগৰাকী প্ৰাক্তন ৰাজনীতিবিদ। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ স্বাস্থ্য পেছাদাৰী আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসক হিচাপে কাম কৰিছিল।
-
ইডা ক্ৰেডক
ইডা চি ক্ৰেডক (Ida Craddock) আছিল ১৯ শতিকাৰ এগৰাকী আমেৰিকীয় বাক-স্বাধীনতা আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক। যৌনতাক লৈ তেওঁ বিস্তৃতভাৱে লিখিছিল, যাৰ ফলত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল আৰু অশ্লীল কামৰ বাবে কাৰাগাৰত বন্দী কৰা হৈছিল। মুক্তিৰ পিছত তেওঁ অধিক আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হৈ আত্মহত্যা কৰে।
-
ইডা গ্ৰে
ইডা গ্ৰে (ইডা গ্ৰে নেলছন আৰু ইডা ৰলিন্স বুলিও জনা যায়; জন্ম: ৪ মাৰ্চ, ১৮৬৭ – মৃত্যু: ৩ মে', ১৯৫৩) আমেৰিকাত দন্ত চিকিৎসক হোৱা প্ৰথম আফ্ৰিকান-আমেৰিকান মহিলা। অতি কম বয়সতে মাক-দেউতাকৰ মৃত্যুত তেওঁ অনাথ হৈ পৰিছিল।
-
ইডা হাৰমান
ইডা জোনাচদটিৰ হাৰমান (ইংৰাজী: Íeda Jónasdóttir Herman; জন্ম: ১৬ মে’, ১৯২৫ – মৃত্যু: ৮ মে’, ২০১৯) এগৰাকী আইচলেণ্ডিক মূলৰ আমেৰিকান লেখিকা আৰু সাংস্কৃতিক কৰ্মী আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈনিকক বিবাহ কৰোৱা প্ৰথমগৰাকী আইচলেণ্ডিক মহিলা আছিল।
-
ইডোলা চেইণ্ট-জাঁ
ইডোলা চেইণ্ট-জাঁ ( Idola Saint-Jean), জন্ম: ১৯ মে', ১৮৮০ চন – মৃত্যু: ৬ এপ্ৰিল, ১৯৪৫ চন, কিউবেকৰ এগৰাকী সাংবাদিক, শিক্ষাবিদ আৰু নাৰীবাদী মহিলা আছিল। তেওঁ কিউবেকত মহিলাসকলৰ সম অধিকাৰৰ সন্ধানত নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু তেওঁৰ প্ৰচেষ্টাৰ ফলত ১৯৪০ চনত কিউবেকত মহিলাসকলক ভোটাধিকাৰ দিয়া হয়।
-
ইতি ত্যাগী
ইতি ত্যাগী এগৰাকী ভাৰতীয় ডিজাইনাৰ আৰু উদ্যোগী। ২০১৫ চনত, তেওঁ ক্ৰাফ্ট ভিলেজ স্থাপন কৰিছিল যাৰ উদ্দেশ্য হৈছে হস্তশিল্প নিৰ্মাণ কৰা শিল্পীসকলক ক্ৰেতা আৰু পৃষ্ঠপোষকৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা। তেওঁ মহিলাসকলক শক্তিশালী কৰা কামৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰৰ পৰা ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।
-
ইথৈ ঐনাম
ইথৈ ঐনাম হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যি মণিপুৰী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ শিশুশিল্পী হিচাপে মুখ্য ভূমিকাত অভিনয় আৰম্ভ কৰে চান-থোইবি (২০০৯) চলচ্চিত্ৰত, যিখন ন'কিয়া N70 ম'বাইল ফোনত ধাৰণ কৰা হৈছিল আৰু ১২ বছৰৰ তলৰ শিশুসকলৰ দ্বাৰা সম্পূৰ্ণৰূপে নিৰ্মিত হৈছিল।
-
ইনফ'পাৰ্ক কোচি
ইনফ’পাৰ্ক, কোচি ভাৰতৰ কেৰালাৰ কোচি চহৰত অৱস্থিত এখন তথ্য প্ৰযুক্তি উদ্যান। ২০০৪ চনত কেৰালা চৰকাৰে স্থাপন কৰা এই উদ্যানখন দুটা পৰ্যায়ত ৩২৩ একৰ (১৩০.৭ হেক্টৰ) কেম্পাছত বিস্তৃত, ইয়াত ৫৮২টা কোম্পানী আছে যিয়ে ২০২৫ চনলৈকে প্ৰায় ৭২,০০০ পেছাদাৰীক নিয়োজিত কৰিছে।
-
ইনশ্বৰ্টছ
ইনশ্বৰ্টছ (Inshorts) হৈছে ভাৰতভিত্তিক এটা সংবাদ সংকলক আৰু বিষয়বস্তু বিতৰণ কোম্পানী। এই কোম্পানীটোৱে এটা ম’বাইল এপ প্ৰকাশ কৰে, য’ত প্ৰতিটো বাতৰি প্ৰায় ৬০টা শব্দত সংক্ষিপ্তভাৱে উপস্থাপন কৰা হয়।
-
ইনা গ্ৰেগৰী
জৰ্জিনা এলিছ গ্ৰেগৰী (১৮ অক্টোবৰ ১৮৭৪ – ৫ জুন ১৯৬৪) এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী আছিল। ১৮৭৪ চনৰ ১৮ অক্টোবৰ তাৰিখে ইষ্ট মেলবৰ্ণত এলিছ (জন্ম-সূত্ৰে টপ) আৰু আইনজীৱী জন বাৰ্ছলেম গ্ৰেগৰীৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে। সাতজন সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল।
-
ইনি এডো
ইনিঅবং এডো একিম(Iniobong Edo Ekim; জন্ম: ২৩ এপ্ৰিল ১৯৮২) আকোৱা ইবোম ৰাজ্যৰ এগৰাকী প্ৰবীণ নাইজেৰিয়ান অভিনেত্ৰী। ২০০০ চনত ইনি ইডোৱে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু এতিয়ালৈকে তেওঁ ২০০ খনতকৈও অধিক চিনেমাত অভিনয় কৰিছে৷ ২০১৩ চনত ইনি এডো মিছ ব্লেক আফ্ৰিকা ইউ কে পেজেণ্ট হিচাপে বিবেচিত হয়৷ তেওঁ…
-
ইন্তান পাৰামাদিথা
ইন্তান পাৰামাদিথা এগৰাকী ইণ্ডোনেছিয়ান নাৰীবাদী লেখিকা তেওঁক সাহিত্যৰাজি “লিংগ আৰু যৌনতা, সংস্কৃতি আৰু ৰাজনীতি”ৰ ওপৰত কেন্দ্ৰিত।
-
ইন্দিৰা জোচেফ ভেনিয়ুৰ
ইন্দিৰা জোচেফ ভেনিয়ুৰ (ইংৰাজী: Indira Joseph Venniyoor; জন্ম: ইন্দিৰা পড়ুভাল; ১৯২৫/১৯২৬ – ২৯ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ৰেডিঅ' সম্প্ৰচাৰক আৰু ট্ৰিভাংকুৰ ৰেডিঅ'ৰ প্ৰথম ইংৰাজী ভাষাৰ বাতৰি সম্প্ৰচাৰক আছিল। ১৯৮৪ চনত অৱসৰ লোৱালৈকে অল ইণ্ডিয়া ৰেডিঅ’ৰ সম্প্ৰচাৰক হিচাপে কাম কৰিছিল।
-
ইন্দিৰা নাথ
ইন্দিৰা নাথ (Indira Nath; ১৪ জানুৱাৰী ১৯৩৮ – ২৪ অক্টোবৰ ২০২১ ) এগৰাকী ভাৰতীয় ইমিউন'লজিষ্ট। চিকিৎসা বিজ্ঞানত তেওঁৰ প্ৰধান অৱদান মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অপ্ৰতিক্ৰিয়াশীলতাৰ অন্তৰ্নিহিত ব্যৱস্থা, কুষ্ঠ ৰোগত প্ৰতিক্ৰিয়া আৰু স্নায়ুৰ ক্ষতি আৰু কুষ্ঠ বেচিলাছৰ জীৱনমুখীতাৰ বাবে চিহ্নিতকাৰীৰ সন্ধানৰ…
-
ইন্দিৰা বাজৰামোভিচ
ইন্দিৰা বাজৰামোভিচ এগৰাকী ৰোমা কৰ্মী আৰু অৰ্থনীতিবিদ, যিয়ে ২০ বছৰতকৈও অধিক সময় ধৰি বছনিয়া আৰু হাৰ্জেগোভিনাৰ ৰোমা মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ টুজলাৰ এছ'চিয়েচন অৱ ৰোমা উইমেনৰ 'বেটাৰ ফিউচাৰ' (স্থানীয় নাম 'বলজা বুডুচনষ্ট')ৰ পৰিচালিকা।
-
ইন্দিৰা বেনাৰ্জী
ইন্দিৰা বেনাৰ্জী, জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫৭ চন; এগৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ইতিহাসত অষ্টমগৰাকী মহিলা ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় আইনবিদ।
-
ইন্দিৰা ৰাণা মগৰ
ইন্দিৰা ৰাণা মগৰ (:Indira Rana Magar,নেপালী: ইदिদি ৰানামাৰ ) এগৰাকী নেপালৰ ৰাজনীতিবিদ আৰু সমাজকৰ্মী, যিয়ে ২০২৩ চনৰ ২১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ২৮ ডিচেম্বৰলৈকে নেপালৰ প্ৰতিনিধি সদনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্ৰেণী।।২০২২ চনত অনুষ্ঠিত হোৱা নেপালৰ সাধাৰণ নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ…
-
ইন্দু জৈন
ইন্দু জৈন (Indu Jain, ৮ ছেপ্টেম্বৰ ১৯৩৬) এগৰাকী বিশিষ্ট ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু ব্যৱসায়ী। চাহু জৈন পৰিয়ালৰ অন্তৰ্ভুক্ত ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ টাইমছ গ্ৰুপৰ অধ্যক্ষ।
-
ইন্দু পুৰী
ইন্দু পুৰী ( Indu Puri; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫৩) ১৯৭০ আৰু ১৯৮০ চনৰ এগৰাকী প্ৰাক্তন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মহিলা টেবুল টেনিছ ক্ৰীড়াবিদ। তেওঁ ৰাষ্ট্ৰীয় মহিলা একক শাখাত আঠবাৰ অভিলেখ সৃষ্টি কৰে।