অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইমুনা ইলন

ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।

হালনাগাদ: ১৮ মাৰ্চ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।

জীৱনী

১৯৫৫ চনত জেৰুজালেমত অধ্যাপক পিনচাছ হাকোহেন পেলি আৰু তেওঁৰ পত্নী পিনিনাৰ ঘৰত ইমুনা ইলনে জন্মগ্ৰহণ কৰিছিল। জেৰুজালেম আৰু নিউয়ৰ্কত তেওঁ ডাঙৰ-দীঘল হৈছিল৷ নিউয়ৰ্কত থকাৰ সময়ত ইলনে নিউয়ৰ্ক চহৰৰ সুপৰিচিত হাইস্কুল অৱ মিউজিক এণ্ড আৰ্টত পঢ়িছিল। ইজৰাইলী বসতি বেইট এলত বহু বছৰ ধৰি তেওঁ বাস কৰিছিল,১ আৰু বৰ্তমান জেৰুজালেমৰ ৰেহাভিয়াত তেওঁ বাস কৰে। নেচেটৰ প্ৰাক্তন সদস্য প্ৰয়াত ৰাব্বি বিন্যামিন ইলনৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁ ছয়টা সন্তানৰ মাতৃ৷

তেওঁ ইহুদী ধৰ্ম, হাছি ধৰ্ম আৰু হিব্ৰু সাহিত্যৰ অধ্যাপনা কৰে আৰু ইজৰাইলী মহিলাৰ মৰ্যাদাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯১ চনৰ পৰা ২০০৫ চনলৈকে ইজৰাইলৰ সৰ্ববৃহৎ কাকত য়েদিয়থ আহ্ৰনথত ইহুদী ধৰ্ম আৰু ৰাজনীতিৰ পৃথকীকৰণৰ পোষকতা কৰা স্তম্ভ লিখিছিল আৰু পিছলৈ ইজৰাইল হায়মত স্তম্ভ লিখিছিল।

প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে উপন্যাস লিখাৰ লগতে তেওঁ অকাহিনীমূলক কিতাপও লিখিছে। তেওঁৰ কিছুমান উপন্যাস ইংৰাজীলৈ অনুবাদ কৰা হৈছে। "ইফ ইউ এৱেকেন লাভ", ইংৰাজীলৈ অনুবাদ হোৱা তেওঁৰ প্ৰথম উপন্যাস। ২০০৭ চনৰ ৰাষ্ট্ৰীয় ইহুদী কিতাপ বঁটাৰ বাবে এই উপন্যাসখন চূড়ান্ত প্ৰতিযোগী আছিল।২

তথ্যসূত্ৰ

  1. ↑ The Institute for the Translation of Hebrew Literature
  2. ↑ Authors: Emuna Elon. Simon and Schuster

সম্পৰ্কিত শ্ৰেণী

লেখিকাঔপন্যাসিকসাংবাদিকইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীইজৰাইলৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমুনা ইলন” প্ৰবন্ধৰ সংশোধন ৪৯৩৬৮২ (১৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।