অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইয়াছমিন ৱাইনালডাম

ইয়াছমিন ৱাইনালডাম (জন্ম ১০ জুলাই ১৯৯৮) এগৰাকী ডাচ ফেশ্বন মডেল। তেওঁ নিজৰ আত্মবিশ্বাসী ৰানৱে ৱাকৰ বাবে পৰিচিত।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
কেঅ’ছৰ ফেশ্বন এক্সেছৰি ব্ৰেণ্ডৰ বাবে ৱাইনালডাম
কেঅ’ছৰ ফেশ্বন এক্সেছৰি ব্ৰেণ্ডৰ বাবে ৱাইনালডামছবি: Yvan Fabing · CC BY 3.0

ইয়াছমিন ৱাইনালডাম (জন্ম ১০ জুলাই ১৯৯৮) এগৰাকী ডাচ ফেশ্বন মডেল। তেওঁ নিজৰ আত্মবিশ্বাসী ৰানৱে ৱাকৰ বাবে পৰিচিত।১

প্ৰাৰম্ভিক জীৱন

ৱাইনালডামৰ জন্ম নেদাৰলেণ্ডছৰ আমষ্টাৰডামত হৈছিল। তেওঁৰ পিতৃ ছুৰিনামৰ আৰু মাতৃ নেদাৰলেণ্ডৰ। তেওঁ ১৬ বছৰ বয়সত নিউ ইয়ৰ্কলৈ স্থানান্তৰিত হয়।

কৰ্মজীৱন

ৱাইনালডামে ২০১৪ চনৰ এলিট মডেল লুক প্ৰতিযোগিতাত অংশগ্ৰহণৰ জৰিয়তে নিজৰ মডেলিং জীৱনৰ আৰম্ভণি কৰে, য’ত তেওঁ নেদাৰলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল আৰু এলিট মডেল মেনেজমেণ্টৰ আমষ্টাৰডাম শাখাৰ সৈতে চুক্তি লাভ কৰিছিল।২ এলিট ৱৰ্ল্ডৱাইড আৰু দ্য ছ’চাইটিৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত, তেওঁ জঁ-পল গল্টিয়ে হ’ট কুটুৰ ফল/ৱিন্টাৰ ১৫ শ্ব’ত প্ৰথমবাৰৰ বাবে ৰানৱেত খোজ কাঢ়িছিল।৩ ২০১৬ চনৰ বসন্ত/গ্ৰীষ্ম (এছ/এছ ১৬) মৌচুমত তেওঁ কেৱল প্ৰাডাৰ বাবে ৰানৱেত খোজ কাঢ়িছিল আৰু পৰৱৰ্তী সময়ত ছাছা পিভোভাৰোভা আৰু নাটালিয়া ভ’ডিয়ানোভাৰ সৈতে প্ৰাডাৰ বিজ্ঞাপন অভিযানত অংশগ্ৰহণ কৰিছিল।৪৫ তেওঁৰ প্ৰথম মেগাজিন কভাৰ আছিল আই-ডি মেগাজিনৰ ছামাৰ ২০১৬ সংখ্যা।৬ ২০১৮ চনত তেওঁ ভিক্টোৰিয়া’ছ ছিক্ৰেট ফেশ্বন শ্ব’ত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে।৭

২০১৭ চনত ভ’গ আৰেবিয়াই তেওঁক “১১ জন চাবলগীয়া মডেল”ৰ তালিকাত অন্তৰ্ভুক্ত কৰে।৮

২০১৭ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ মডেলছ ডট কমৰ “টপ ৫০” তালিকাত অন্তৰ্ভুক্ত হৈছিল৯ আৰু “টপ ছেক্সিয়েষ্ট” তালিকাতো স্থান লাভ কৰিছিল।১০ ২০১৮ চনত তেওঁ বিজনেছ অৱ ফেশ্বনৰ ফেশ্বন উদ্যোগ গঢ় দিয়া ৫০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰে।১১

২০২১ চনত তেওঁ কেৱল এটা শ্ব’ত অংশগ্ৰহণ কৰে, যিটো আছিল চেনেল বসন্ত/গ্ৰীষ্ম ২০২২ (#পি এফ ডব্লিউ)। ইয়াৰ পিছত তেওঁ এক বছৰতকৈ অধিক সময় ৰানৱে পৰা বিৰতি লয়। ২০২৩ চনৰ জুলাই মাহত তেওঁ ভেলেণ্টিনো কুটুৰ শৰৎ/শীত ২০২৩ শ্ব’ত পুনৰ ৰানৱেত খোজ কাঢ়ি ঘূৰি আহে। মাৰ্চ ২০২৪ চনত মনক্লেৰৰ সৈতে ৰানৱেত খোজ কাঢ়ি তেওঁ সম্পূৰ্ণ ৰূপে কামবেক কৰে।

ব্যক্তিগত জীৱন

২০১৯ চনত ৱাইনালডামে আমেৰিকান ৰেপাৰ জি-ইজিৰ সৈতে সম্পৰ্কত আছিল। ২০২০ চনত তেওঁ ইনষ্টাগ্ৰামত আমেৰিকান ৰেপাৰ মেগান থি ষ্টেলিয়নৰ সৈতে সম্পৰ্কত থকাৰ খবৰ পোৱা যায়।১২

২০২১ চনৰ পৰা তেওঁ অভিনেতা থমাছ ড’হাৰ্টিৰ সৈতে সম্পৰ্কত আছে।

তথ্যসূত্ৰ

  1. ↑ Browchuk, Elisée. (3 January 2020). Watch Yasmin Wijnaldum Prep for Moschino's Pre-Fall 2020 Show. Vogue. Condé Nast
  2. ↑ (14 January 2016). 10 things you need to know about yasmin wijnaldum
  3. ↑ Jean Paul Gaultier Fall 2015 Couture Fashion Show
  4. ↑ Prada Makes Models: Meet Yasmin Wijnaldum
  5. ↑ Dazed. (4 January 2016). Introducing Miuccia Prada's teenage muse, Yasmin Wijnaldum
  6. ↑ i-D Magazine Summer 2016 Covers (i-D Magazine). models
  7. ↑ (8 September 2018). Victoria's Secret Fashion Show 2018: All the Models Confirmed So Far, From Winnie Harlow to Barbara Palvin. W
  8. ↑ (11 January 2017). 11 Models You Need to Know for 2017. Vogue Arabia
  9. ↑ Top 50 models. models
  10. ↑ Top Sexiest Models. models
  11. ↑ BoF - The Business of Fashion. www.businessoffashion.com
  12. ↑ (28 November 2020). Everything We Know About G-Eazy's Relationship History

সম্পৰ্কিত শ্ৰেণী

মডেলনেডাৰলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়াছমিন ৱাইনালডাম” প্ৰবন্ধৰ সংশোধন ৫৭৬৮৯৭ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।