ইন্দ্ৰাণী পেৰেৰা ( Indrani Perera) (জন্ম তাৰিখ: ১৫ ফেব্ৰুৱাৰী), এগৰাকী শ্ৰীলংকাৰ সংগীত শিল্পী আৰু নেপথ্য গায়িকা।১ ক্লেৰেন্স উইজেৱাৰ্ডেনা আৰু এন্সলি মালেৱানাৰ লগত একেলগে ইন্দ্ৰানীক "দ্য অৰিজিনেল সিংহলী পপ ত্ৰিমূৰ্তি" বুলি জনা যায়।২
প্ৰাৰম্ভিক জীৱন
ইন্দ্ৰাণীৰ ১৫ ফেব্ৰুৱাৰীত বৰেল্লাত জন্ম হয়৷ জন্মগ্ৰহণ কৰা পয়ালটোৰ তিনিগৰাকী ছোৱালীৰ ভিতৰত তেওঁ দ্বিতীয়গৰাকী।৩ তেওঁৰ পিতৃ আবেয়পালা পেৰেৰা আছিল এগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী লোক আৰু মাতৃ মুৰিয়েল পেৰেৰা আছিল খ্ৰীষ্টান ধৰ্মী। তেওঁৰ ডাঙৰ বায়েকৰ নাম মল্লিকা আৰু সৰু ভনীয়েকৰ নাম ইৰাংগানী। ইন্দ্ৰানীয়ে ৰিজেণ্ট ষ্ট্ৰীটৰ প্ৰেছবিটেৰিয়ান গাৰ্লছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৩ তেওঁ বিদ্যালয়ত কেণ্ডিয়ান নৃত্যও অনুশীলন কৰিছিল।৪ ১৯৬৫ চনৰ পৰা তেওঁৰ বায়েক মল্লিকাই গান গাই আহিছে য'ত তেওঁ ছামা ছবিৰ নেপথ্য গায়িকা আছিল।৫
১৯৭৯ চনত তেওঁ জেমছ শ্ৰী নিবাসনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৬ শ্ৰীনিবাসনৰ হা হা হ'ৰে ডানুনা গীতৰ প্ৰযোজনাৰ সময়ত ইন্দ্ৰাণীয়ে তেওঁক লগ পাইছিল, য'ত তেওঁ লোটাছ ডিস্কৰ প্ৰযোজক আছিল৷৭ দম্পতীহালৰ দুটি সন্তান, এগৰাকী কন্যা অঞ্জলি চাৰুকেশী আৰু এজন পুত্ৰ পেষ্টৰ নিমেন্দ্ৰ ধনঞ্জয়া।৪ নিমেন্দ্ৰই ৰোশনীৰ লগত বিবাহপাশত আৱদ্ধ হয়। তাৰ পাছত তেওঁ কল্লুপিটিয়াৰ ছেইণ্ট থমাছ প্ৰিপেৰেটৰী স্কুললৈ যায়। ইয়াৰ পিছত তেওঁ ৰয়েল ইনষ্টিটিউটত এ/এল শিক্ষা গ্ৰহণ কৰে। পিছলৈ ২০০৯ চনত নিমেন্দ্ৰই বিজনেছ ষ্টাডিজত ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
সৰুৰে পৰাই ইন্দ্ৰাণীয়ে সাজি-কাছি গীৰ্জালৈ গৈ গীত গাই ভাল পাইছিল৷ ডালৰেন ছুবিৰ ফায়াৰ ফ্লাইজ বেণ্ডৰ সৈতে তেওঁৰ গায়িকা জীৱন আৰম্ভ হয়। ১৯৬৯ চনত ইন্দ্ৰানীয়ে তেওঁৰ প্ৰথম গীত দিলহানি দুৱানী গাইছিল, যিটো গীতত আগতে কণ্ঠদান কৰিছিল এন্সলি মালেৱানাই।৩ তাৰ পিছত তেওঁক ক্লেৰেন্স উইজেৱাৰ্ডেনা আৰু মালেৱানাৰ নেতৃত্বত চলি থকা জনপ্ৰিয় সংগীত বেণ্ড দ্য মুনষ্টোনছত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।৫ ১৯৬৯ চনৰ ডিচেম্বৰ মাহত তেওঁ বাই-ভনী ইৰাংগানি আৰু মল্লিকাৰ সৈতে মিলি "থ্ৰী চিষ্টাৰছ" নামৰ মহিলা কণ্ঠৰ গায়িকা গোট গঠন কৰে।৮ ১৯৬৯ চনৰ ৩১ ডিচেম্বৰত তেওঁ দ্য মুনষ্টোনছ ৰ সৈতে হোটেল টাপ্ৰ'বেনত অনুষ্ঠিত হোৱা নৃত্য প্ৰদৰ্শনত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে।৪ ১৯৮০ চনত জ্যেষ্ঠা ভগ্নী মল্লিকাৰ মৃত্যুৰ আগলৈকে এই থ্ৰী চিষ্টাৰে সংগীতানুষ্ঠানত একেলগে গান পৰিৱেশন কৰিছিল।৩ ডাঙৰ ভনীয়েকৰ মৃত্যুৰ পিছত কনিষ্ঠ ভগ্নী ইৰাংগনী আৰু ইন্দ্ৰানীয়ে যুটী হিচাপে গান গাইছিল যদিও পিছলৈ ইৰাংগানীয়ে সংগীত জীৱনৰ পৰা আঁতৰি আহিছিল।২
ইন্দ্ৰানীয়ে কেইবাটাও জনপ্ৰিয় গীত গাইছে, য'ত আছে, থিলিন লেচিন, ৱাছান্থায়ে মাল কেকুলাই, চুডু আছু পিতা নাগালা, কাগেদা গন ৱাছা, কুমুডু মাল আৰু মাথাকায়া আছুৰিন আদিৰ দৰে জনপ্ৰিয় গীত।৫ ১৯৭৩ চনত তেওঁ দ্য মুনষ্টোনছৰ সৈতে চিগিৰিয়া আৰু হা হা হোৰেৰ দৰে আন বহুতো গীত গায়।৩ ইয়াৰ উপৰিও তেওঁ পডি মাল্লী, ডিনুম কানুৱা, লাছানা কেল্লা, সদাহাটামা ওবা মেগে আৰু চিকুৰুলিয়া আদি বহু ছবিত নেপথ্য গায়িকা হিচাপেও কাম কৰিছিল। ১৯৭০ চনত তেওঁ ডেচমণ্ড ডি ছিলভা আৰু পল ফাৰ্নাণ্ডোৰ সৈতে বাইলাৰ যুটি গীত ৰেকৰ্ডিং কৰে।২
২০১৪ চনত ইন্দ্ৰানীয়ে সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ছ’ল চাউণ্ডছ বঁটা লাভ কৰিছিল। তাৰ পিছত ২০১৫ চনত ৰাষ্ট্ৰীয় কেথলিক সাহিত্য সংস্থাৰ পৰা আৰু ২০১৬ চনত প্ৰাদেশিক সাহিত্য সংস্থাৰ পৰা বঁটা লাভ কৰে।৪ ২০১৯ চনত বিএমআইচিএইচৰ জেচমিন অডিটৰিয়ামত অনুষ্ঠিত হোৱা দ্য জানভিমণি বা হেলা মহা ৰাৱণ ৰাজ ভীমণি বঁটা প্ৰদান অনুষ্ঠানত ইন্দ্ৰানীয়ে শ্ৰেষ্ঠ সংগীত সেৱাৰ বঁটা লাভ কৰে।৯
তথ্যসূত্ৰ
- ↑ Indrani Perera discography. discogs
- ↑ Indrani Perera biography. sooriya
- ↑ I was a boy when I was little. Deshaya
- ↑ One of the three!. Daily News
- ↑ Sandawata Rantharu. Silumina
- ↑ Famous Sinhalese women married to Tamils. lifie
- ↑ Indrani
- ↑ Indrani Perera career. sangeethaya
- ↑ Janabhimani Awards presented. Sarasaviya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰাণী পেৰেৰা” প্ৰবন্ধৰ সংশোধন ৬১০৯০২ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।