ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল।১ ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
প্ৰাৰম্ভিক জীৱন
ল'ৰা অৱস্থাত কলকাতাত জন্মগ্ৰহণ কৰা দাসে মুম্বাই আৰু কলকাতাৰ এটা ৰক্ষণশীল পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।১ শৈশৱতে তেওঁৰ পিতৃ-মাতৃ দুয়োৰে মৃত্যু হয়। তেওঁ কয় যে তেওঁ সদায় মহিলা হিচাপে পৰিচয় দিছিল, আৰু লিংগ ডিছফ'ৰিয়া অনুভৱ কৰিছিল, কিন্তু ভগৱান কৃষ্ণৰ ইস্ককন মন্দিৰ ভ্ৰমণ কৰাৰ পিছত, বুজি পাইছিল যে তেওঁ এগৰাকী নাৰী, "আৰু সেই আধ্যাত্মিকতাৰ জৰিয়তে, মই আভ্যন্তৰীণ শক্তি পাইছিলোঁ আৰু অনুভৱ কৰিছিলোঁ যে মই পুনৰ জন্ম লৈছো।"১
তেওঁ দিল্লীলৈ গুচি গৈ কৰিঅ’গ্ৰাফাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে, আৰু লগতে অসুস্থতা আৰু চুলি সৰাৰ বাবে মূৰৰ চুলি খুৰাই লয়। তাৰ পিছত তেওঁ মডেল হ’বলৈ নিযুক্তি লাভ কৰি মুম্বাইলৈ গুচি যায়।
কেৰিয়াৰ
২০১৭ চনত লালিত হস্পিটেলিটী চেইনৰ কেশৱ সূৰিৰ নিমন্ত্ৰণত২ ইভাংকা দাসে চণ্ডীগড়ৰ কিটি চু ক্লাবত নৃত্যশিল্পী হিচাপে কাম আৰম্ভ কৰে। তেখেতই কিটি চু-ৰ বিভিন্ন ঠাইৰ ড্ৰেগ ৰাতিৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। তাৰোপৰি, তেওঁ ডেন্স দিৱানে অনুষ্ঠানত জনপ্ৰিয় প্ৰতিযোগী হিচাপেও পৰিচিত হৈছিল।
২০১৯ চনত ভোগ ইণ্ডিয়াৰ অনলাইন কভাৰত তেওঁ স্থান লাভ কৰে,৩৪ যিটো নৱতেজ সিং জোহৰ বনাম ভাৰত চৰকাৰ ৰায়ৰ প্ৰথম বাৰ্ষিকী উদযাপন উপলক্ষে প্ৰকাশিত হৈছিল। এই ৰায়ত পূৰ্ণবয়স্কসকলৰ মাজত সহমতযুক্ত যৌন সম্পৰ্কক ডিক্ৰিমিনেলাইজ কৰা হৈছিল।৫ তেওঁ ভোগ ইণ্ডিয়াক কৈছিল, "মই এগৰাকী ট্ৰেন্সজেণ্ডাৰ মহিলা আৰু এগৰাকী সংগ্ৰামী। আৰু এটা দিনত মই এগৰাকী চুপাৰষ্টাৰ হ'ম।"
২০১৯ চনত তেওঁ য়ে হে #মান্ডি নামৰ ৱেব শৃংখলাত কাৰীনা নামৰ এক গণিকালয়ৰ মালিকৰ ভূমিকাত অভিনেত্ৰী হিচাপে অভিষেক কৰে।৬ ২০২০ চনত তেওঁ বম্বে বেগমছ নামৰ নেটফ্লিক্স ৱেব শৃংখলাত বিউটি নামৰ এক ট্ৰেন্সজেণ্ডাৰ মহিলাৰ সহায়ক চৰিত্ৰত অভিনয় কৰে।৭৮
২০২০ চনত তেওঁ এমটিভি বিটছৰ লভ ডুৱেট গীতমালাৰ "খুদ কো হি পাকে" নামৰ গীতত নিকিতা গান্ধীৰ সৈতে উপস্থিত হয়।৯১০
২০২৩ চনত, ইভাংকা দাসে অভিষেক বচ্চন, শাবানা আজমী আদি অভিনেতাৰ সৈতে বলিউড চলচ্চিত্ৰ ঘূমাৰ-ত অভিনয় কৰে।১১১২১৩১৪
টেলিভিছন আৰু ৱেব ছিৰিজ
- ডেন্স দীৱানে
- য়ে হ্যায় #মাণ্ডি
- বম্বে বেগমছ
- (সোণু কা ধাবা) দংগল টিভিত
- মাজা মা
- ছান ফ্ল'ৱাৰ (ৱেব ছিৰিজ)
- ঘুমেৰ (২০২৩)
- হদ্দী (২০২৩)
তথ্যসূত্ৰ
- ↑ Sarrubba, Stefania. (November 15, 2018). Bald and bold: this beautiful trans model is challenging stereotypes in India. Gay Star News
- ↑ Mukherjee, Oindrila. (November 2, 2017). 'Gender is identity, sex is what you are born with'. Hindustan Times
- ↑ (2019-09-21). Meet India's top drag queens. Rediff.com
- ↑ Katz, Evan Ross. (October 5, 2020). Why Did 'Vogue' Take So Long to Give Drag Queens a Cover?. Paper
- ↑ Sachdeva, Maanya. (September 12, 2019). What went into the making of Vogue India's September 2019 issue. Vogue India
- ↑ (2019-12-23). Transwoman actress was uncomfortable doing intimate scenes in debut show. Zee News. IANS
- ↑ (2020-07-16). Web series Bombay Begums to stream on Netflix. The Indian Express
- ↑ Himani. (April 1, 2021). Bombay Begums Centers the Queer South Asian Story I've Been Searching For. Autostraddle
- ↑ (November 30, 2020). Nikhita Gandhi questions gender identity through 'Khud ko hi paake'. The Siasat Daily. IANS
- ↑ (November 28, 2020). What's gender got to do with love, questions Nikhita Gandhi. The Tribune
- ↑ (June 15, 2022). Abhishek Bachchan's Ghoomer Co-Star Saiyami Kher Thinks Film Is "Too Good To Be True". NDTV
- ↑ (June 8, 2022). Shabana Azmi wraps shoot of Abhishek Bachchan-led 'Ghoomer'. Times of India. Press Trust of India
- ↑ (17 December 2023). Ivanka Das: 'Ghoomer' is turning point in my career. The Times of India. IANS
- ↑ Prakash, Priya. (17 Aug 2023). 'Talent Deserves Universal Respect:' Ghoomer Actor Ivanka Das. SheThePeople
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইভাংকা দাস” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৭৩ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।