অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইভানা লিঞ্চ

ইভানা পেট্ৰিচিয়া লিঞ্চ (Evanna Lynch জন্ম: ১৬ আগষ্ট, ১৯৯১) এগৰাকী আইৰিছ অভিনেত্ৰী। লিঞ্চক মূলতঃ হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত তেওঁ ৰূপায়ণ কৰা লুনা লাভগুড (ইংৰাজী: Luna Lovegood) চৰিত্ৰটোৰ বাবে জনা যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭৯১ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইভানা পেট্ৰিচিয়া লিঞ্চ (Evanna Lynch জন্ম: ১৬ আগষ্ট, ১৯৯১) এগৰাকী আইৰিছ অভিনেত্ৰী। লিঞ্চক মূলতঃ হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত তেওঁ ৰূপায়ণ কৰা লুনা লাভগুড (ইংৰাজী ভাষা: Luna Lovegood) চৰিত্ৰটোৰ বাবে জনা যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে লিঞ্চে শৃংখলাটোৰ চাৰিখন চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰ লগতে তেওঁ চলচ্চিত্ৰকেইখনৰ সৈতে সম্পৰ্কিত ভিডিঅ' গেমসমূহতো একেই ভূমিকাত অৱতীৰ্ণ হয়।

লিঞ্চে ফেশ্বনৰ আনুষঙ্গিক সামগ্ৰীসমূহৰ নিৰ্মাণ কাৰ্যতো জড়িত হোৱাৰ লগতে এখন অডিঅ'বুকো বাণীবদ্ধ কৰিছে। তেওঁ দা হেৰী পটাৰ এলায়েঞ্চ (The Harry Potter Alliance) নামৰ অলাভকাৰী এক অনুষ্ঠানৰ উপদেষ্টামণ্ডলীৰো সদস্য।

শৈশৱ আৰু শিক্ষা

আয়াৰলেণ্ডৰ কাউণ্টি লাউথৰ নগৰাঞ্চল টাৰ্মনফেকিনত ইভানাৰ জন্ম হৈছিল। তেওঁৰ মাতৃ আৰু পিতৃ হৈছে ক্ৰমে মাৰ্গাৰেট (ইংৰাজী ভাষা: Marguerite) আৰু ডনেল লিঞ্চ (ইংৰাজী ভাষা: Donal Lynch)। ছজনীয়া পৰিয়ালটোত১ লিঞ্চৰ এমিলি আৰু মেইৰেড নামৰ দুই ভগ্নী আৰু পেট্ৰিক২ নামৰ এক ভাতৃও আছে। শৈশৱতে হেৰী পটাৰ শৃংখলাৰ অনুৰাগী৩ লিঞ্চে শৃংখলাটোৰ লেখিকা জে. কে. ৰাউলিংলৈ পত্ৰও প্ৰেৰণ কৰিছিল। এঘাৰ বছৰ বয়সৰ পৰা প্ৰায় দুবছৰ ধৰি লিঞ্চ এন'ৰেক্সিয়া ৰোগত ভুগিছিল। সেই সময়ছোৱাত ৰাউলিঙে পত্ৰযোগে লিঞ্চক উৎসাহ যোগাই আহিছিল। এই সম্পৰ্কত লিঞ্চে ৰাউলিঙক এক পৰামৰ্শদাতা সদৃশ বুলি বৰ্ণাইছে।৪

লিঞ্চে কাৰ্ট'উন নেচনেল স্কুলত ২০০৪ চনলৈকে শিক্ষাগ্ৰহণ কৰাৰ পিছত কাউণ্টী লাউথৰে ড্ৰ'গেডা নামৰ ঠাইৰ আৱাৰ লেডী কলেজ নামে এখন কেথ'লিক মহিলা শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰে। উক্ত শিক্ষানুষ্ঠানতে লিঞ্চৰ পিতৃয়েও উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫৬ ২০০৮ চনত লিঞ্চে ডাবলিনৰ গ্লাচনেভিন নামৰ ঠাইত অৱস্থিত চেণ্টাৰ ফৰ দা টেলেণ্টেড য়ুথ অফ আয়াৰলেণ্ড নামৰ শিল্প-প্ৰতিভাৱান কিশোৰ-কিশোৰীসকলৰ এক শিক্ষানুষ্ঠানত কল্পনাশীল গল্প আৰু নাটকৰ বিষয়ে অধ্যয়ন কৰে।৭৮ হেৰী পটাৰ চলচ্চিত্ৰৰ ছেটতো তেওঁক দৈনিক অন্ততঃ তিনিঘণ্টা সময় ধৰি শিকোৱা-বুজোৱা হৈছিল।৯ ২০১০ চনৰ পৰা লিঞ্চে পুনৰাই নিজৰ শিক্ষান্ত পৰীক্ষাৰ বাবে ইনষ্টিটিউট অফ এডুকেচনতো উপস্থিত আছিল।১০

কৰ্মজীৱন

হেৰী পটাৰ

"ৰ বাবে চুক্তিবদ্ধ হোৱাৰ সময়ত লিঞ্চ]]

হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স

২০০৬ চনত লিঞ্চে লণ্ডনৰ এক অভিনয় শিল্পী বাছনি অনুষ্ঠানত হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স ছবিৰ লুনা লাভগুড চৰিত্ৰটোৰ বাবে বাছনি পৰীক্ষা অৰ্থাৎ অডিচনত অৱতীৰ্ণ হয়।১১১২ অন্য ১৫০০০ কিশোৰীৰ বিপৰীতে১১ বাছনি পৰীক্ষা দিয়াৰ পিছতেই তেওঁ ছবিৰ মুখ্য অভিনেতা ডেনিয়েল ৰেডক্লিফৰ সৈতে এক স্ক্ৰীণ টেষ্টতো অৱতীৰ্ণ হয়।৯ চৰিত্ৰটোৰ সৈতে থকা ইভানাৰ সাদৃশ্যত প্ৰযোজকসকল মুগ্ধ হয়। ডেভিদ হেইমেনে কয়, "আনে লুনাক ৰূপায়ণ কৰিব পাৰিব; ইভানা লিঞ্চ লুনা। "১৩ ৰাউলিঙ নিজে শিল্পী বাছনিত জড়িত নাছিল যদিও তেওঁ এই চৰিত্ৰটোৰ বাবে লিঞ্চ যথোপযুক্ত বুলি বিশ্বাস কৰিছিল।১৪ হেৰী পটাৰ শৃংখলাৰ আগলৈকে লিঞ্চৰ অভিনয়ৰ কোনো বৃত্তিগত অভিজ্ঞতা নাছিল আৰু ই বিদ্যালয়ৰ নাটসমূহতে সীমাৱদ্ধ আছিল।১৫ ২০০৭ চনৰ হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্স ৰূপালী পৰ্দাত লিঞ্চৰ প্ৰথম প্ৰদৰ্শন আছিল। বিশ্বজুৰি ৯৩৮ মিলিয়ন ইউ এছ ডলাৰ উপাৰ্জনেৰে এই ছবিখন বক্স অফিচত হিট হয়। ইয়াত কৰা সু-অভিনয়ৰ বাবে লিঞ্চ বিশেষভাৱে সমালোচকসকলৰদ্বাৰা উচ্চ প্ৰশংসিত হয়।১৬১৭ এ. অ'. স্কট আৰু দা নিউয়ৰ্ক টাইমছে তেওঁৰ অভিনয়ক 'বিমুগ্ধকাৰী' আখ্যা দিয়ে।১৮ কাণ্ট্ৰি লাইফৰ জেন ৱাটকিনছে ইয়াকো কয়, "তেওঁ চৰিত্ৰটোৰ মাজলৈ এক মিঠা আকৰ্ষণ আনে যি গ্ৰন্থকেইখনতো ভালদৰে ফুটি উঠা নাই। "১৯ ছবিখনৰ সৈতে সংযুক্ত ভিডিঅ' গেমতো লিঞ্চে লুনাৰ ভূমিকা পালন কৰে।২০

হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স

ইয়াৰ দুবছৰ পাছত লিঞ্চে শৃংখলাৰ ষষ্ট ছবি হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্সত পুনৰবাৰ লুনাৰ চৰিত্ৰ ৰূপায়ণ কৰে। ছবিখনে সমালোচনা আৰু আৰ্থিক দিশৰ পৰা সাফল্য অৰ্জন কৰে।২১২২ ৱেছলি মৰিছ আৰু দ্য বষ্টন গ্ল'বৰ মতে লুনাৰ ৰূপত লিঞ্চে "ছবিখনৰ মাজে মাজে আহি পৰা স্থবিৰ গতিক নিজা [লুনাৰ] আমোদজনক স্থবিৰতাৰে প্ৰতিহত কৰে। "২৩ দ্য আইৰিছ টাইমছৰ মাইকেল ডয়াৰে ছবিখনত কৰা প্ৰদৰ্শনৰ বাবে তেওঁক ২০০৯ বৰ্ষৰ শ্ৰেষ্ট আইৰিছ অভিনেত্ৰী বুলি অভিহিত কৰে।২৪ এই প্ৰদৰ্শনে তেওঁলৈ 'স্ক্ৰীম বঁটা' আৰু যুৱ শিল্পী বঁটাৰ মনোনয়ন কঢ়িয়াই আনে২৫২৬ আৰূ তেওঁ পুনৰবাৰ ছবিখনৰ সৈতে যুক্ত ভিডিঅ' গেমছত লুনাক ৰূপায়িত কৰি যায়।২৭

হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ

২০১০ চনত গ্ৰন্থ শৃংখলাটোৰ অন্তিম গ্ৰন্থখনৰ আধাৰত নিৰ্মাণ হ'ব লগা দুখন ছবিৰ প্ৰথমখন ছবি হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ -প্ৰথম খণ্ড নিৰ্মাণ কৰা হয়। বক্স অফিছত সফল হোৱাৰ লগতে ই সমালোচকসমলৰদ্বাৰা সমাদৃত হয়।২৮২৯ দা বষ্টন হেৰল্ডৰ জেমছ ভাৰ্নিয়েৰে লুনাৰ বিষয়ে "এতিয়াও চন্দ্ৰমুখ" বুলি মন্তব্য কৰে।৩০ কুইকফিক্স আলোচনীত ছাইমন মিৰেড'ৱে মন্তব্য কৰে, "উন্মাদপ্ৰায় লুনা লাভগুডৰ ৰূপত ইভানা লিঞ্চক বেয়াকৈ কমকৈ উপযোগ কৰা হৈছে। "৩১ এই ছবিখনৰে সংযুক্ত ভিডিঅ' গেমছতো লিঞ্চে আগৰদৰেই কাম কৰি যায়।৩২

২০১১ চনত লিঞ্চে শৃংখলাৰ অন্তিম ছবি হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ - দ্বিতীয় খণ্ডতো লুনাৰ ভূমিকা পালন কৰে। ছবিখনে ১.৩২৮ ইউ এছ ডলাৰ মুঠ আয়েৰে সৰ্বকালৰ চতুৰ্থ সৰ্বোচ্চ মুঠ আয় অৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।৩৩৩৪ দ্য অ'ৰলেণ্ড' ছেণ্টিনেলৰ ৰ'জাৰ মূৰেই লিঞ্চক সমাপ্তিৰ এক প্ৰিয় চৰিত্ৰ বুলি অভিহিত কৰে।৩৫ তেওঁ ভিডিঅ' গেমসমূহতো আগৰদৰেই কাম কৰি যায়।৩৬

২০১২ চনৰ আগষ্টত তৃতীয় হেৰী পটাৰ মিউজিকেলত লুনা লাভগুডৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ লিঞ্চে চিকাগোৰ লিকিক'নত ষ্টাৰকিডত যোগদান কৰে।

২০১১ চনত লিঞ্চ
২০১১ চনত লিঞ্চছবি: Ifta 2011.jpg: ArtisticLove ❧ · CC BY 2.0

ভৱিষ্যত প্ৰকল্প

লিঞ্চে স্কাই ওৱান টেলিভিছন চেনেলযোগে প্ৰচাৰিত হ'বলগা ধাৰাবাহিক ছিনবাদত ৰাজকুমাৰী এলেনাৰ চৰিত্ৰ ৰূপায়ণ কৰিব।৩৭৩৮ ২০১৩ চনত তেওঁ হেৰী পটাৰ শৃংখলাত একলগে অভিনয় কৰা গেৰী অল্ডমেনৰ সৈতে অপৰাধ নাট্যমূলক ছবি মনষ্টাৰ বাটলাৰতো ফিয়'না কেৰিক-স্মিথৰ ভূমিকাত অভিনয় কৰাৰ কথা আছিল। এই ছবিখন ইংৰাজ ধাৰাবাহিক হত্যাকাৰী আৰু চোৰ আৰ্কিবল্ড হলৰ (Archibald Hall) জীৱনৰ ওপৰত আধাৰিত হ'বলগা আছিল।৩৭৩৯ পিছে অৰ্থৰ অভাৱত ছবিখনৰ নিৰ্মাণ বাতিল কৰা হয়।

অন্যান্য কৰ্ম

লিঞ্চে হেৰী পটাৰ চলচ্চিত্ৰসমূহৰ বাবে ভালেসংখ্যক ফেশ্বনৰ আনুষঙ্গিক সামগ্ৰীৰো নিৰ্মাণ তথা ডিজাইন তৈয়াৰ কৰিছে।১৬৪০৪১ ইয়াৰোপৰি তেওঁ কেটৰিন থমাছ আৰু চিয়েৰান চুইনিৰ বাবে মডেলিঙো কৰিছে।৪২৪৩৪৪ লিঞ্চে ক্লেয়াৰ কিগানৰ চুটি গল্পৰ এক অডিঅ'বুকো বাণীবদ্ধ কৰিছে।৪৫ লিঞ্চ আয়াৰলেণ্ডৰ মাল্টিপল শ্লেৰ'ছিছ চ'ছাইটীৰ সৈতেও জড়িত য'ত তেওঁ ২০১০ চনত এম এছ ৰিডএথন নামে বৰঙনি সংগ্ৰহকাৰী প্ৰকল্পৰ শুভাৰম্ভ কৰে। লিঞ্চ অলাভকাৰী অনুষ্ঠান 'হেৰী পটাৰ এলায়েঞ্চ'ৰ উপদেষ্টামণ্ডলীৰো অন্যতম। অনুষ্ঠানটোৰ সৈতে তেওঁ সমলিংগ-বিবাহৰ প্ৰতি সমৰ্থন আগবঢ়াই৪৬ আৰু এক 'ৱেবকাষ্ট' অনুষ্ঠানত অংশ লোৱাৰ৪৭ লগতে এক বৰঙনি গোটোৱাৰ উদ্দেশ্য প্ৰকাশিত গ্ৰন্থলৈ৪৮ এক প্ৰবন্ধও আগবঢ়ায়।৪৯

চলচ্চিত্ৰপঞ্জী

+চলচ্চিত্ৰ আৰু দূৰদৰ্শন
বৰ্ষশিৰোনামচৰিত্ৰটোকা
২০০৭হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্সলুনা লাভগুড
২০০৯হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্সলুনা লাভগুড
২০১০হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – প্ৰথম খণ্ডলুনা লাভগুড
২০১১হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – দ্বিতীয় খণ্ডলুনা লাভগুড
২০১২ছিনবাদআলেহনাটেলিভিছন ছিৰিজ; পৌনঃ পুনিক ভূমিকা
২০১২এপেক্সৰেগানচুটি ছবি
২০১৩মনষ্টাৰ বাটলাৰফিয়'না চেৰিক-স্মিথঅৰ্থাভাৱৰ বাবে বাতিল
+ভিডিঅ' গেম
বৰ্ষগেমচৰিত্ৰ
২০০৭হেৰী পটাৰ এণ্ড দি অৰ্ডাৰ অফ দা ফিনিক্সলুনা লাভগুড
২০০৯হেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্সলুনা লাভগুড
২০১০হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – প্ৰথম খণ্ডলুনা লাভগুড
২০১১হেৰী পটাৰ এণ্ড দা ডেথ্লী হেল'জ – দ্বিতীয় খণ্ডলুনা লাভগুড

বঁটা আৰু মনোনয়নসমূহ

+ পুৰস্কাৰ আৰু মনোনয়ন
বৰ্ষবঁটাশিতানছবিফলাফল
২০০৯স্ক্ৰীম এৱাৰ্ডশ্ৰেষ্ঠ সহঃ অভিনেত্ৰীহেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স
২০০৯যুৱ শিল্পী বঁটাশ্ৰেষ্ঠ সহঃ অভিনেত্ৰীহেৰী পটাৰ এণ্ড দা হাফ-ব্লাড প্ৰিন্স

তথ্যসূত্ৰ

  1. ↑ Cummins, Steve. (12 October 2010). The Insider: Evanna Lynch. Nylon
  2. ↑ Hogan, Louise. (9 July 2007). Evanna goes Potty as big screen wins over her dad. Irish Independent. Independent News & Media
  3. ↑ (16 July 2007). Luna Lovegood actress talks Potter. BBC News. BBC
  4. ↑ Smart, Gordon. (22 November 2010). JK Rowling a life-saver for Luna. The Sun. News International
  5. ↑ Bray, Allison. (14 July 2009). Evanna casts a spell as stars step out for Potter. Irish Independent. Independent News & Media
  6. ↑ O'Toole, Sascha. (12 June 2010). Evanna wins art prize to add to Potter magic. Evening Herald. Independent News & Media
  7. ↑ McDonagh, Patricia. (25 July 2007). Luna Lovegood's a wizard with words. Irish Independent. Independent News & Media
  8. ↑ (2011-03-22). News - headlines. Dcu.ie
  9. ↑ Evanna Lynch. The Tubridy Show
  10. ↑ Byrne, Andrea. (28 November 2010). Moving from Hogwarts to the Institute. Irish Independent. Independent News & Media
  11. ↑ (2 February 2006). Luna Lovegood role has been cast. CBBC Newsround. BBC
  12. ↑ Buchanan, Jason. (2007). Overview of Harry Potter and the Order of the Phoenix. Allmovie
  13. ↑ Battersby, Matilda. (9 November 2010). Harry Potter and the class of Hogwarts 2000. The Independent. Independent Print Limited
  14. ↑ (6 April 2006). Rowling bemoans paper 'shortage'. BBC News. BBC
  15. ↑ Accio interview! – We chat to Bonnie "Ginny" Wright and Evanna "Luna" Lynch. BBC Slink. BBC
  16. ↑ Harry Potter and the Order of the Phoenix (2007). Box Office Mojo. Amazon.com
  17. ↑ (11 July 2007). Harry Potter and the Order of the Phoenix (2007): Reviews. Metacritic
  18. ↑ Scott, Anthony. (10 July 2007). Hogwarts Under Siege. New York Times. The New York Times Company
  19. ↑ Watkins, Jane. (5 July 2007). Harry Potter reviewed. Country Life. IPC Media
  20. ↑ Electronic Arts. (25 June 2007). ((Harry Potter and the Order of the Phoenix (video game)|Harry Potter and the Order of the Phoenix)), Instruction manual. Electronic Arts
  21. ↑ (15 July 2009). Harry Potter and the Half-Blood Prince (2009): Reviews. Metacritic
  22. ↑ Harry Potter and the Half-Blood Prince (2009). Box Office Mojo. Amazon.com
  23. ↑ Morris, Wesley. (16 July 2009). 'Harry Potter and the Half-Blood Prince' movie review. The Boston Globe. The New York Times Company
  24. ↑ Clarke, Donald; Dwyer, Michael. (11 December 2009). A year in film. The Irish Times. Irish Times Trust
  25. ↑ Best Supporting Actress – Scream 2009. Spike
  26. ↑ Thirty-first Annual Young Artist Awards. The Young Artists Foundation
  27. ↑ Electronic Arts. (30 June 2009). ((Harry Potter and the Half-Blood Prince (video game)|Harry Potter and the Half-Blood Prince)), Instruction manual. Electronic Arts
  28. ↑ (19 November 2010). Harry Potter and the Deathly Hallows: Part I (2010): Reviews. Metacritic
  29. ↑ Harry Potter and the Deathly Hallows Part 1 (2010). Box Office Mojo. Amazon.com
  30. ↑ Verniere, James. (20 November 2010). Hollow ‘Hallows’. The Boston Herald. Herald Media Inc
  31. ↑ Miraudo, Simon. (18 November 2010). Nothing by half-measures – Harry Potter and the Deathly Hallows: Part One review. Quickflix
  32. ↑ (26 August 2010). More voices confirmed for new game. EA.com. Electronic Arts, Inc.
  33. ↑ (15 July 2011). Harry Potter and the Deathly Hallows: Part 2 (2011): Reviews. Metacritic
  34. ↑ Harry Potter and the Deathly Hallows Part 2 (2011). Box Office Mojo. Amazon.com
  35. ↑ Moore, Roger. (19 July 2011). Potter at the Oscars? The speculation begins…. The Orlando Sentinel. Tribune Company
  36. ↑ Electronic Arts. (12 July 2011). ((Harry Potter and the Deathly Hallows – Part 2 (video game)|Harry Potter and the Deathly Hallows – Part 2)), Instruction manual. Electronic Arts
  37. ↑ Prinzivalli, Fallon. (6 June 2012). 'Harry Potter' Acctress Cast In 'Monster Butler'. MTV
  38. ↑ (20 January 2012). Evanna moves in with 'Glee' cast to launch LA career. Evening Herald. Independent News & Media
  39. ↑ (7 June 2012). Evanna Lynch joins cast of Monster Butler. RTÉ Ten. Raidió Teilifís Éireann
  40. ↑ (2009). ((Harry Potter and the Half-Blood Prince (film)|Harry Potter and the Half-Blood Prince)), Costume Designs with Evanna Lynch. Warner Bros. Pictures
  41. ↑ Sibley, Brian. (2010). Harry Potter Film Wizardry. HarperCollins. পৃ. 127. ISBN 0-06-199781-1
  42. ↑ Ponytail_2/Audition starring Evanna Lynch 001. KatrinThomas.com
  43. ↑ About Ciarán. CiaranSweeney.com
  44. ↑ Nolan, Lorna. (18 May 2009). Amber breaks down in tears over secret struggle with hair loss. Evening Herald. Independent News & Media
  45. ↑ Afternoon Reading: Foster. BBC Radio 4. BBC
  46. ↑ Taylor, Richie. (24 October 2009). Evanna works her magic for Harry Potter Alliance. Irish Independent. Independent News & Media
  47. ↑ Slack, Andrew. (26 June 2010). JK Rowling and Helping Haiti Heal!. The Harry Potter Alliance
  48. ↑ Dear Mr. Potter. The Harry Potter Alliance
  49. ↑ Lynch, Evanna. (18 January 2011). Why the Body Bind is My Nightmare. The Harry Potter Alliance

সম্পৰ্কিত শ্ৰেণী

হলিউড অভিনেত্ৰীআয়াৰলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইভানা লিঞ্চ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৪৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।