অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দ্ৰাণী পাল-চৌধুৰী

ইন্দ্ৰাণী পাল-চৌধুৰী (ইংৰাজী: Indrani Pal-Chaudhuri) এগৰাকী ভাৰতীয়-কানাডিয়ান প্ৰতিষ্ঠাপক, ভৱিষ্যতদ্ৰষ্টা, চলচ্চিত্ৰ পৰিচালক আৰু শিল্পী। তেওঁ লেডী গাগা, বিয়ন্স, জেনিফাৰ লোপেজ, আলিচিয়া কিজ, জয়-জি আৰু কান্যে ৱেষ্টৰ সৈতে কাম কৰিছে।

হালনাগাদ: ২ জুন ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ইন্দ্ৰাণী পাল-চৌধুৰী (ইংৰাজী ভাষা: Indrani Pal-Chaudhuri) এগৰাকী ভাৰতীয়-কানাডিয়ান প্ৰতিষ্ঠাপক, ভৱিষ্যতদ্ৰষ্টা, চলচ্চিত্ৰ পৰিচালক আৰু শিল্পী।

তেওঁ লেডী গাগা, বিয়ন্স, জেনিফাৰ লোপেজ, আলিচিয়া কিজ, জয়-জি আৰু কান্যে ৱেষ্টৰ সৈতে কাম কৰিছে।১

পাল-চৌধুৰীৰ কৰ্মৰাজিয়ে ২০১৯ চনৰ ট্ৰাইবেঁকা ফিল্ম ফেষ্টিভেলত 'ডিচৰাপ্টিভ ইনোভেশ্যন এৱাৰ্ড' লাভ কৰিছিল, য’ত তেওঁক "মহিলাৰ সবলীকৰণৰ এজন অগ্ৰণী পৰিচালক আৰু কণ্ঠস্বৰ" বুলি বৰ্ণনা কৰা হৈছিল।২ ইয়াৰ উপৰি তেওঁ চিএনএন এক্সপোজ শ্ৰেষ্ঠ ছবি বঁটা আৰু দুটা সোণৰ কান লায়ন্স বঁটা লাভ কৰিছে।৩ তেওঁৰ সম্পাদকীয় গ্ৰাহকসকলৰ ভিতৰত আছে ভৌগ, জিকিউ, ভেনিটী ফেয়াৰ, হাৰ্পাৰছ বজাৰ আৰু ইণ্টাৰভিউ মেগাজিন। নাইকী, পেপচি, লৰিয়েল পেৰিছ, লেনকোম, এলভিএমএইচ, হুগো বছ, আন্না চুই, স্কাই ভদকা আৰু ৰেমি মাৰ্টিনৰ দৰে ব্ৰেণ্ডসমূহে বিজ্ঞাপন অভিযান সৃষ্টিৰ বাবে পাল-চৌধুৰীক নিয়োজিত কৰিছে। তেওঁৰ 'কিপ এ চাইল্ড এলাইভ' অভিযানে ৩.৫ নিযুত ডলাৰৰো অধিক পুঁজি সংগ্ৰহ কৰিছিল আৰু আফ্ৰিকা তথা ভাৰতত এইচআইভি আক্ৰান্ত পৰিয়ালসমূহক এণ্টি-ৰেট্ৰ’ভাইৰেল চিকিৎসা প্ৰদানৰ বাবে ১.৫ বিলিয়নতকৈও অধিক ইম্প্ৰেশ্যন লাভ কৰিছিল।৪৫৬৭

জেজেবেলৰ মুখ্য সম্পাদিকা জুলিয়ান ই শ্বে ফাৰ্ডে তেওঁক এগৰাকী "ৰেড ফেচিনিষ্ট" আৰু "বিশ্বই সন্মুখীন হোৱা ডাঙৰ সমস্যাসমূহৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী সক্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা" বুলি অভিহিত কৰিছে।৮৯ পাল-চৌধুৰী মানৱ অধিকাৰ, বহনক্ষম উন্নয়ন, স্বাধীনতা আৰু অৰ্থনৈতিক সবলীকৰণৰ এগৰাকী অধিবক্তা।১০ তেওঁক ৰাষ্ট্ৰসংঘই 'উইমেনছ এণ্ট্ৰপ্ৰেনিউৰশ্বিপ ডিচটিংগুইচড ফেলো', 'মেক্স মাৰ্ক-ক্ৰেনব্ৰুক গ্ল’বেল পিচ মেকাৰ', ৰাষ্ট্ৰসংঘৰ 'গ্ল’বেল পিপলছ চাবমিট'ৰ সহ-আঁতধৰোঁতা আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ লুইচ চেণ্টাৰৰ "আৰ্ট অৱ এণ্টি-ৰেচিজম এণ্ড চচিয়েল জাষ্টিচ" আলোচনাচক্ৰৰ উদ্যোক্তা তথা আঁতধৰোঁতা হিচাপে স্বীকৃতি দিছে।১১ তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত "মানৱ অধিকাৰ আৰু সামাজিক পৰিৱৰ্তনৰ বাবে শিল্প আৰু চলচ্চিত্ৰৰ জৰিয়তে লাখ লাখ মানুহক প্ৰভাবিত কৰা" বিষয়ত এগৰাকী অতিথি প্ৰবক্তাও।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (8 September 2015). I Am Girl Rising. The Huffington Post
  2. ↑ TRIBECA FILM FESTIVAL AND DISRUPTOR FOUNDATION ANNOUNCE 10th ANNIVERSARY OF THE TRIBECA DISRUPTIVE INNOVATION AWARDS. Tribeca
  3. ↑ Peace in the Streets 2019 Conference Oct. 25-27 – We Love Ann Arbor Dexter. welovedexter.com
  4. ↑ "Markus And Indrani's 'Icons' Features Eerie Photos Of Celebrities In Coffins (PHOTOS)". Huffingtonpost.com. 2012-11-20. Retrieved 2015-08-22
  5. ↑ "They're alive! Kardashian, Gaga resurrected from 'digital death'". NY Daily News. New York. 2010-12-07. Retrieved 2015-08-22
  6. ↑ "Keep A Child Alive | Josh DiMarcantonio". Jdimarcantonio.com. 2014-05-08. Retrieved 2015-08-22
  7. ↑ "Keep A Child Alive digital death campaign Achieves Goal of $1 million for those affected by HIV/AIDS" (PDF). Keep a Child Alive. 2012-06-10. Retrieved 2015-08-22
  8. ↑ (2014-09-26). Watch This Rad Feminist Short Film of Girls Playing Soccer in Jodhpur. Jezebel
  9. ↑ Fashion photographer becomes Peace in the Streets activist
  10. ↑ Zee Chang,, Soma Magazine, 2017
  11. ↑ The Art of Anti-Racism and Social Justice: A Conversation with Academy Award Winner Mo'Nique, NY Black Lives Matter's Hawk Newsome, and Indigenous Superhero Eugene Brave Rock. Lewis Center for the Arts

সম্পৰ্কিত শ্ৰেণী

কানাডাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰাণী পাল-চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১০৯০১ (২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।