অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইমাৰ মেকব্ৰাইড

ইমাৰ মেকব্ৰাইড (ইংৰাজী: Eimear McBride; জন্ম ৬ অক্টোবৰ ১৯৭৬) এগৰাকী আইৰিছ ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস, এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং-এ ২০১৩ চনত প্ৰথম গ'ল্ডস্মিথ বঁটা আৰু ২০১৪ চনত বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল। তেওঁ ২০১৮ চনত ৰয়েল ছচাইটি অৱ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫১৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইমাৰ মেকব্ৰাইড (ইংৰাজী ভাষা: Eimear McBride; জন্ম ৬ অক্টোবৰ ১৯৭৬) এগৰাকী আইৰিছ ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস, এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং-এ ২০১৩ চনত প্ৰথম গ'ল্ডস্মিথ বঁটা আৰু ২০১৪ চনত বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।১২ তেওঁ ২০১৮ চনত ৰয়েল ছচাইটি অৱ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হয়।৩

প্ৰকাশিত কৰ্মৰাজি

মেকব্ৰাইডে এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং ছমাহৰ ভিতৰত লিখি উলিয়াইছিল, কিন্তু ২০১৩ চনত নৰউইচৰ গেলি বেগাৰ প্ৰেছে ইয়াক গ্ৰহণ নকৰালৈকে ন বছৰ সময় লাগিছিল।৪ উপন্যাসখন চেতনাৰ প্ৰৱাহ (stream of consciousness) শৈলীত লিখা হৈছে আৰু ইয়াত এগৰাকী যুৱতীৰ নিজৰ পৰিয়ালৰ সৈতে থকা জটিল সম্পৰ্কৰ কাহিনী বৰ্ণনা কৰা হৈছে।৫

মেকব্ৰাইডৰ দ্বিতীয়খন উপন্যাস দ্য লেচাৰ ব’হেমিয়ানছ ২০১৬ চনৰ ১ ছেপ্টেম্বৰত প্ৰকাশ পাইছিল।৬ ১৯৯০ চনৰ কেমডেন টাউনৰ পটভূমিত ৰচিত এই উপন্যাসখনত এগৰাকী ১৮বছৰীয়া ড্ৰামা ষ্টুডেণ্ট আৰু এজন ৩৮বছৰীয়া অভিনেতাৰ মাজৰ অস্থিৰ সম্পৰ্কৰ কথা কোৱা হৈছে। মেকব্ৰাইডে ৮ ছেপ্টেম্বৰত ৱমেনছ আৱাৰত কিতাপখনৰ বিষয়ে আলোচনা কৰিছিল৭ আৰু ১৭ ছেপ্টেম্বৰত বিবিচি ৰেডিঅ' ৪-ৰ কাৰ্যসূচী ছেটাৰডে ৰিভিউত ইয়াৰ পৰ্যালোচনা কৰা হৈছিল।৮

তেওঁৰ তৃতীয়খন উপন্যাস ষ্ট্ৰেঞ্জ হোটেল ২০২০ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল।৯ মেকব্ৰাইডৰ প্ৰথমখন অ-কল্পকাহিনীমূলক গ্ৰন্থ চামথিং আউট অৱ প্লেচ: ৱমেন এণ্ড ডিছগাষ্ট ২০২১ চনত প্ৰকাশ হয়।১০

মেকব্ৰাইডৰ চতুৰ্থখন উপন্যাস দ্য চিটি চেঞ্জেস ইটছ ফেচ ২০২৫ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল।১১

তেওঁ আন্না আখমাটোভাৰ নিৰ্বাচিত কবিতা (ফলিঅ' ছচাইটি), স্কট ৱাকাৰৰ গীতৰ কথা সম্বলিত গ্ৰন্থ ছানডগ (ফেবাৰ এণ্ড ফেবাৰ)১২ আৰু এড্না অ'ব্ৰাইনৰ দ্য কাণ্ট্ৰী গাৰ্লছ ট্ৰিলজীৰ (ফেবাৰ/ এফ এছ জি) পাতনি লিখিছে।১৩১৪ তেওঁৰ চুটিগল্পসমূহ দ্য গাৰ্ডিয়ান, প্ৰস্পেক্ট মেগাজিন, দ্য লং গেজ বেক, ডাবলিনাৰ্ছ ১০০, উইণ্টাৰ পেপাৰ্ছ আৰু বিবিচি ৰেডিঅ' ৪-ত প্ৰকাশ পাইছে।১৫১৬১৭

অন্যান্য কৰ্ম

২০১৭ চনত মেকব্ৰাইডক ৰিডিং বিশ্ববিদ্যালয়ৰ বেকেট ৰিচাৰ্চ চেণ্টাৰৰ প্ৰথমটো ক্ৰিয়েটিভ ফেলোশ্বিপ প্ৰদান কৰা হয়।১৮১৯ এই ফেলোশ্বিপৰ ফলশ্ৰুতিতে ২০২১ চনত প্ৰকাশিত তিনিটা অভিনয় পাঠৰ সংকলন মাউথপিচেছ (Mouthpieces) ৰচনা কৰা হয়।২০২১

২০২২ চনত মেকব্ৰাইডে এ ভেৰী চৰ্ট ফিল্ম এবাউট লংগিং (A Very Short Film About Longing) নামৰ ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনাও কৰে।২২ ছবিখন ২০২৩ চনৰ বিএফআই লণ্ডন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল। ছবিখনত জো এলউইন, নাটালিয়া ক’ষ্ট্ৰজেৱা আৰু লাশ্বেই এণ্ডাৰচনে অভিনয় কৰিছিল আৰু টিণ্ডাৰষ্টিকছে ইয়াৰ সংগীত পৰিচালনা কৰিছিল।২৩

ব্যক্তিগত জীৱন

মেকব্ৰাইডৰ জন্ম ১৯৭৬ চনত লিভাৰপুলত হৈছিল। তেওঁৰ আইৰিছ পিতৃ-মাতৃ দুয়োজনেই পেছাত নাৰ্ছ আছিল। মেকব্ৰাইডৰ তিনি বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো আয়াৰলেণ্ডলে ঘূৰি আহে।২৪২৫ তেওঁ শ্লাইগো কাউণ্টিৰ টাবাৰকাৰী আৰু মায়ো কাউণ্টিৰ কেচেলবাৰত শৈশৱ অতিবাহিত কৰিছিল। তেওঁ সাত বা আঠ বছৰ বয়সৰপৰাই লিখা-মেলা আৰম্ভ কৰাৰ কথা সোঁৱৰণ কৰে।২৬ ১৭ বছৰ বয়সত মেকব্ৰাইডে ড্ৰামা চেণ্টাৰত অধ্যয়ন আৰম্ভ কৰিবলৈ লণ্ডনলৈ যায়, কিন্তু স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ উপলব্ধি কৰে যে অভিনেত্ৰী হোৱাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাই।

মেকব্ৰাইডৰ ৰাছিয়ান সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগ আছে আৰু তেওঁ ২০০০ চনত চাৰি মাহ ছেইণ্ট পিটাৰ্চবাৰ্গত অতিবাহিত কৰিছিল। ঘূৰি অহাৰ পাছত তেওঁ এজন অস্থায়ী কাৰ্যালয় সহায়ক হিচাপে কাম কৰিছিল আৰু ভ্ৰমণ কৰিছিল।২৬ সেই সময়ছোৱাতে তেওঁ প্ৰথমখন উপন্যাস সম্পূৰ্ণ কৰে। ২০০৬ চনত তেওঁ কিছুসময়ৰ বাবে কৰ্কলৈ উভতি আহে আৰু দ্বিতীয়খন উপন্যাসৰ কাম আৰম্ভ কৰে। নৰউইচত কেইবাবছৰো ধৰি বাস কৰাৰ পাছত ২০১৭ চনত মেকব্ৰাইডে স্বামী আৰু কন্যাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হয়।

নিৰ্বাচিত কৰ্মৰাজি

কল্পকাহিনী

  • এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং (গেলি বেগাৰ প্ৰেছ, ২০১৩)
  • দ্য লেচাৰ ব’হেমিয়ানছ (ফেবাৰ এণ্ড ফেবাৰ, ২০১৬)
  • ষ্ট্ৰেঞ্জ হোটেল (ফেবাৰ এণ্ড ফেবাৰ, ২০২০)
  • মাউথপিচেছ (ফেবাৰ এণ্ড ফেবাৰ, ২০২১)
  • দ্য চিটি চেঞ্জেস ইটছ ফেচ (ফেবাৰ এণ্ড ফেবাৰ, ২০২৫)

অ-কল্পকাহিনী

  • চামথিং আউট অৱ প্লেচ: ৱমেন এণ্ড ডিছগাষ্ট (প্ৰফাইল / ৱেলকাম কালেকচন, ২০২১)

বঁটা আৰু সন্মান

  • ২০১৭: দ্য লেচাৰ ব’হেমিয়ানছৰ বাবে জেমাছ টেইট ব্লেক মেমৰিয়েল প্ৰাইজ বিজয়ী২৭
  • ২০১৬: দ্য লেচাৰ ব’হেমিয়ানছৰ বাবে গ'ল্ডস্মিথ বঁটাৰ চুটি তালিকাভুক্ত২৮২৯
  • ২০১৪: এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিংৰ বাবে ডেচমণ্ড এলিয়ট প্ৰাইজ (প্ৰথমবাৰৰ বাবে উপন্যাস লিখা লেখকৰ বাবে) বিজয়ী৩০
  • ২০১৪: এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিংৰ বাবে কেৰী গ্ৰুপ আইৰিছ ফিকচন এৱাৰ্ড বিজয়ী৩১
  • ২০১৪: এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিংৰ বাবে বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন বিজয়ী৩২৩৩
  • ২০১৪: এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিংৰ বাবে ফলিঅ' প্ৰাইজৰ চুটি তালিকাভুক্ত৩৪৩৫
  • ২০১৩: এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিংৰ বাবে জিঅ'ফ্ৰে ফেবাৰ মেমৰিয়েল প্ৰাইজ বিজয়ী৩৬
  • ২০১৩: এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিংৰ বাবে গ'ল্ডস্মিথ বঁটা বিজয়ী২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (13 November 2013). Debut novelist Eimear McBride wins £10,000 prize. London Evening Standard
  2. ↑ Maughan, Philip. (13 November 2013). Goldsmiths Prize awarded to debut novelist Eimear McBride for A Girl Is A Half-Formed Thing. New Statesman
  3. ↑ (2023-09-01). McBride, Eimear. Royal Society of Literature
  4. ↑ Gleeson, Sinead (1 October 2013), "Eimear McBride: 'I really didn’t want to write about this'", The Irish Times
  5. ↑ Goldsmiths Prize, About Eimear McBride, 2013
  6. ↑ McBride, Eimear. (1 September 2016). The Lesser Bohemians. Faber and Faber. ISBN 978-0571327850
  7. ↑ Olympic boxer Nicola Adams, Novelist Eimear McBride. Woman's Hour
  8. ↑ BBC-TV Presents: .. Hunt for The Wilderpeople, Eimear McBride, Bedlam, National Treasure, Dr Faustus. Saturday Review
  9. ↑ Faber lands McBride's 'fierce' novel. The Bookseller
  10. ↑ Something Out of Place. Profile Books
  11. ↑ Nicoll, Lauren. (2024-09-05). Faber to publish a new novel from the trailblazing Eimear McBride. Faber
  12. ↑ Clark, Alex. (15 January 2018). Scott Walker: 'My last album was pretty perfect'. the Guardian
  13. ↑ (23 November 2017). Scott Walker edits book of lyrics. The Wire
  14. ↑ McBride, Eimear. (14 September 2017). Banned, burned and reviled: what was so radical about Edna O'Brien's The Country Girls?. New Statesman
  15. ↑ Gleeson, Sinead. (2015). A long gaze back at Norah Hoult on her 117th birthday. The Irish Times
  16. ↑ Power, Chris. (12 June 2014). Dubliners 100: 15 New Stories Inspired by the Original – review. The Guardian
  17. ↑ Dillon, Brian. (2017). Winter Papers 3: a deluxe but adventurous anthology. The Irish Times
  18. ↑ (28 October 2017). Eimear McBride becomes University of Reading's first Beckett Creative Fellow. The Samuel Beckett Society
  19. ↑ Adams, Luke. (1 November 2017). Popular author becomes first Beckett fellow. Reading Chronicle
  20. ↑ Mouthpieces by Eimar McBride · Fiction. Faber
  21. ↑ Duane, Chloe. (2021-02-26). Mouthpieces by Eimear McBride. The Samuel Beckett Research Centre
  22. ↑ British Council Film: A Very Short Film About Longing. film-directory.britishcouncil.org
  23. ↑ A Very Short Film about Longing (2023) - IMDb
  24. ↑ BBC, "Debut novelist Eimear McBride wins first Goldsmiths prize", 14 November 2013
  25. ↑ Collard, David. (17 June 2013). Eimear McBride: Gob impressive. The Times Literary Supplement
  26. ↑ Collard, David. (2014). Interview with Eimear McBride. The White Review
  27. ↑ (16 August 2017). Literary awards for tales of love and loss. The University of Edinburgh – 2017 News
  28. ↑ Morgan, Tom. (28 September 2016). Goldsmiths Prize 2016 shortlist - six works of fiction at its most novel. Goldsmiths, University of London
  29. ↑ Flood, Alison. (28 September 2016). Goldsmiths prize shortlists novels 'that break the mould'. The Guardian
  30. ↑ (3 July 2014). The 2014 Prize. The Desmond Elliott Prize
  31. ↑ Doyle, Martin. (28 May 2014). Eimear McBride wins €15,000 Kerry Group Irish novel of the year award. The Irish Times
  32. ↑ Brown, Mark. (7 April 2014). Donna Tartt heads Baileys women's prize for fiction 2014 shortlist. The Guardian
  33. ↑ Charles, Ron. (4 June 2014). Debut Irish novelist wins Baileys Women's Prize for Fiction. The Washington Post
  34. ↑ (10 February 2014). The 2014 Folio Prize Shortlist is Announced. Folio Prize
  35. ↑ Wood, Gaby. (10 February 2014). Folio Prize 2013: The Americans are coming, but not the ones we were expecting. The Daily Telegraph
  36. ↑ Webb, Beth. (November 21, 2014). Eimear McBride wins the 2013 Geoffrey Faber Memorial Prize. The Daily Telegraph

সম্পৰ্কিত শ্ৰেণী

আয়াৰলেণ্ডৰ ব্যক্তিঔপন্যাসিকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমাৰ মেকব্ৰাইড” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৪৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।