ইয়াছমিন বিন্তি আহমদ (৭ জানুৱাৰী ১৯৫৮ – ২৫ জুলাই ২০০৯) আছিল এগৰাকী মালয়েছিয়ান চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ লিঅ’ বাৰ্নেট কুৱালালামপুৰৰ কাৰ্যবাহী সৃষ্টিশীল পৰিচালক আছিল। তেওঁৰ টেলিভিছন বিজ্ঞাপন আৰু চলচ্চিত্ৰসমূহ মালয়েছিয়াত হাস্যৰস আৰু মৰ্মস্পৰ্শী বিষয়-বস্তুৰ বাবে সুপৰিচিত। তেওঁৰ কামে বিভিন্ন সংস্কৃতিৰ মাজৰ বাধা অতিক্ৰম কৰিছিল, বিশেষকৈ ৰাষ্ট্ৰীয় তেল আৰু গেছ কোম্পানী পেট্ৰ’নাছৰ বাবে তেওঁ তৈয়াৰ কৰা বিজ্ঞাপনসমূহে। তেওঁৰ কামসমূহে মালয়েছিয়াৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু বঁটা লাভ কৰিছিল। মালয়েছিয়াত তেওঁৰ ছবিসমূহ সামাজিক ৰক্ষণশীলসকলৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছিল, বিশেষকৈ ইছলামৰ কঠোৰ ব্যাখ্যাৰ দৃষ্টিকোণৰপৰা ‘নিষিদ্ধ’ বুলি গণ্য কৰা সামাজিক সম্পৰ্ক আৰু ঘটনাৰ চিত্ৰণৰ বাবে।১ তেওঁ মালয়েছিয়াৰ চলচ্চিত্ৰ জগতৰ "প্ৰথম" নিউ ৱেভ আন্দোলনৰ এক কেন্দ্ৰীয় ব্যক্তিত্ব আছিল।২
প্ৰাথমিক জীৱন
ইয়াছমিন আহমদ ৭ জানুৱাৰী ১৯৫৮ তাৰিখে জোহৰৰ মুয়াৰত অৱস্থিত কাম্পুং বুকিট ট্ৰেহত জন্মগ্ৰহণ কৰিছিল। তেওঁ ইংলেণ্ডৰ নিউকেষ্টল বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি আৰু মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩৪
১৯৮২ চনত তেওঁ দুসপ্তাহৰ বাবে প্ৰশিক্ষাৰ্থী বেংকাৰ হিচাপে কাম কৰিছিল আৰু তাৰ পিছত আইবিএমত বিপণন প্ৰতিনিধি হিচাপে কাম কৰিছিল। একে সময়তে তেওঁ ৰাতি ব্লুজ গায়িকা আৰু পিয়ানোবাদক হিচাপে সংগীত পৰিৱেশন কৰিছিল। ইয়াছমিনে অগিলভি এণ্ড মেথাৰত কপিৰাইটাৰ হিচাপে বিজ্ঞাপন ক্ষেত্ৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু ১৯৯৩ চনত লিঅ’ বাৰ্নেটত যৌথ সৃষ্টিশীল পৰিচালক হিচাপে যোগদান কৰে। পিছত তেওঁ কুৱালালামপুৰ শাখাৰ কাৰ্যবাহী সৃষ্টিশীল পৰিচালক হিচাপে উন্নীত হয়।
কেৰিয়াৰ
২০০৩ চনত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল ৰাবুন।৫
মুখচিন চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৬
তেওঁৰ বহুতো বিজ্ঞাপন আৰু চলচ্চিত্ৰ বাৰ্লিন, চান ফ্ৰান্সিস্কো আৰু ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। তদুপৰি কান লায়ন্স আন্তঃৰাষ্ট্ৰীয় বিজ্ঞাপন মহোৎসৱতো তেওঁৰ কাম প্ৰদৰ্শিত হৈছিল।
২০০৬ চনত টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ চলচ্চিত্ৰসমূহ বিশেষ ৰেট্ৰ’স্পেকটিভ হিচাপে প্ৰদৰ্শিত হৈছিল।৭
২০০৮ চনত মালয়েছিয়াৰ এছ’চিয়েচন অৱ এক্ৰিডিটেড এডভাৰটাইজিং এজেণ্টছৰদ্বাৰা তেওঁক মালয়েছিয়ান এডভাৰটাইজিং হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।৮
মৃত্যু
২০০৯ চনৰ ২৩ জুলাইত ইয়াছমিন আহমদ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। তেওঁক ততাতৈয়াকৈ দমনছাৰা স্পেচিয়েলিষ্ট হাস্পতাললৈ নিয়া হৈছিল আৰু মগজুৰ ফুলা কমাবলৈ নিউৰ’চাৰ্জাৰী কৰা হৈছিল। অপাৰেচনৰ পিছতো তেওঁৰ অৱস্থা সংকটজনক আছিল।৯
২০০৯ চনৰ ২৫ জুলাইত অস্ত্ৰোপচাৰৰ প্ৰায় ৪৮ ঘণ্টা পিছত তেওঁৰ মৃত্যু হয়।১০
তথ্যসূত্ৰ
- ↑ Malaysian filmmaker struggles with hardline Islam.
- ↑ SHARIFAH AMANI――Time with Yasmin Ahmad and the New Wave in Malaysian Film. Japan Foundation - WA Project
- ↑ Harben, Ayesha. (25 April 1993). New apples in the Burnett barrel. New Straits Times
- ↑ Bergan, Ronald. (12 August 2009). Obituary: Yasmin Ahmad. The Guardian
- ↑ Ahmad, Yasmin. (9 November 2008). the storyteller: Artists today think of everything they do as a work of art. It is important to forget about what you are doing – then a work of art may happen.
- ↑ (26 January 2007). Berlin Film Festival: Nazi & Cold War Flops + Risqué Marianne Faithfull
- ↑ (24 October 2006). Going To Tokyo: Interview With MUKHSIN Director Yasmin Ahmad. Tokyo International Film Festival
- ↑ (23 July 2009). Filmmaker Yasmin Ahmad critical but stable after surgery. The Malaysian Insider
- ↑ Rizal Johan. (24 July 2009). Director Yasmin suffers a stroke, stable after brain surgery. Star Publications (M) Bhd
- ↑ (26 July 2009). Yasmin Ahmad dies. The Star/Asia News Network. Singapore Press Holdings Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়াছমিন আহমদ” প্ৰবন্ধৰ সংশোধন ৬২৫৩৮৬ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।