ইভা মাৰিয়া গঞ্জালেছ ফাৰ্নাণ্ডেজ (ইংৰাজী ভাষা: Eva María González Fernández; জন্ম: ৫ নৱেম্বৰ ১৯৮০) এগৰাকী স্পেনীছ ভাষা অভিনেত্ৰী, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাৰম্ভিক জীৱন
গঞ্জালেছৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল চেভিলৰ মাইৰেনা ডেল আলকোৰ চহৰত। তেওঁ এক সাধাৰণ পৰিয়ালৰপৰা আহিছে। তেওঁৰ পিতৃ মানুৱেল গঞ্জালেছ এজন কৃষক আছিল আৰু মাতৃ এনকাৰ্নাচিয়ন ফাৰ্নাণ্ডেজ এগৰাকী গৃহিনী আছিল। মাৰিয়া গঞ্জালেছ ফাৰ্নাণ্ডেজ নামেৰে তেওঁৰ এগৰাকী সৰু ভনীয়েক আছে। তেওঁ সমাজ সেৱা (Social Work) বিষয়ত ডিপ্লমাৰ দ্বিতীয় বৰ্ষলৈকে অধ্যয়ন কৰিছিল, তাৰ পিছত তেওঁ চেভিলৰ এখন এজেন্সীত মডেল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল।
কেৰিয়াৰ
মিছ স্পেইন ২০০৩
গঞ্জালেছে ২০০৩ চনত চেভিলক প্ৰতিনিধিত্ব কৰি মিছ স্পেইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ২২ বছৰ বয়সত এই খিতাপ জয় কৰে আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ ২০০৩ প্ৰতিযোগিতাৰ বাবে পানামা চিটীলৈ যায়। তেওঁ শীৰ্ষ ১৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰিব পৰা নাছিল। ৰাষ্ট্ৰীয় সাজ-পাৰ প্ৰদৰ্শনৰ সময়ত তেওঁ এখন ফ্লেমেংকো (flamenco) পোছাক পিন্ধিছিল।
মিছ স্পেইনৰ পৰৱৰ্তী সময়
২০০৩ চনৰ মিছ স্পেইন হিচাপে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত গঞ্জালেছে মডেলিং আৰম্ভ কৰে। তেওঁ স্পেইনৰ উচ্চমানৰ ফেশ্বন ডিজাইনাৰসকলৰ বাবে ৰাণৱেত খোজ দিয়াৰ লগতে বিভিন্ন আলোচনীৰ বাবে ফটো শ্বুট কৰে। তেওঁ কেইবাটাও অনুষ্ঠানত টেলিভিছন পৰিচালিকা হিচাপে কাম কৰিছে, যাৰ ভিতৰত আছে ডিমেলো আল অইডো (২০০৬),১ ছে লামা কোপ্লা (২০০৭–২০১৬), ত্ৰেছ ডেচেওছ (২০০৮), এল জুৱেগো ডেল ইউৰোমিলন (২০০৯), ছুপাৰভাইভৰ (২০১০), চেটান এণ্ড ইভা (২০১২), মাষ্টাৰচেফ (২০১৩–২০১৮), মাষ্টাৰচেফ জুনিয়ৰ (২০১৩–২০১৯),২ মাষ্টাৰচেফ চেলিব্ৰিটি (২০১৬–২০১৮), এল গ্ৰান ৰেটো মিউজিকেল (২০১৭) আৰু লা ভোজ (২০১৯–বৰ্তমান)।৩ ইয়াৰ উপৰিও তেওঁ বিভিন্ন টিভি ধাৰাবাহিকত অভিনয় কৰিছে আৰু ধাৰাবাহিক লা টিৰা (২০০৮)ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
ব্যক্তিগত জীৱন
২০০১ চনৰপৰা ২০০৩ চনলৈ গঞ্জালেছ এণ্টনিঅ' ৰোলডানৰ সৈতে সম্পৰ্কত আছিল। ২০০৪ চনৰপৰা ২০০৫ চনলৈ অভিনেতা আৰু টেলিভিছন পৰিচালিকা আৰ্টুৰো ভালছৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। ২০০৫ চনৰপৰা ২০০৮ চনলৈ তেওঁ অৱসৰপ্ৰাপ্ত পেছাদাৰী ফুটবল খেলুৱৈ ইকাৰ কাচিলাছৰ সৈতে সম্পৰ্কত আছিল।
২০১৫ চনৰ ৬ নৱেম্বৰত তেওঁ চেভিলৰ মাইৰেনা ডেল আলকোৰৰ এক গীৰ্জাত ষাঁড় যুঁজাৰু (bullfighter) কায়েটানো ৰিভেৰা অৰ্ডোনেজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৮ চনৰ ৪ মাৰ্চত তেওঁলোকৰ প্ৰথমটো সন্তান (পুত্ৰ) জন্ম হয়, যাৰ নাম তেওঁলোকে কায়েটানো ৰিভেৰা গঞ্জালেছ ৰাখে।
তথ্যসূত্ৰ
- ↑ (11 July 2016). Eva González e Iván Sánchez se estrenan con 'Dímelo al oído'. Formula TV. Noxvo
- ↑ (13 February 2013). Eva González será la presentadora de 'Master Chef' en TVE-1. El Periódico de Catalunya. Grupo Zeta
- ↑ Rodríguez, Vanesa. (17 October 2018). Eva González será la presentadora de La Voz en Antena 3. El Diario. Vertele!
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইভা গঞ্জালেছ” প্ৰবন্ধৰ সংশোধন ৫৯৪৬০৩ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।