অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইছৰত আফ্ৰিন

ইছৰত আফ্ৰিন (Ishrat Afreen, জন্ম-২৫ ডিচেম্বৰ ১৯৫৬) এগৰাকী উৰ্দু কবি। তেওঁৰ ৰচনাসমূহ ইংৰাজী, জাপানী, সংস্কৃত আৰু হিন্দীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে। গজল গায়ক জগজিৎ সিং আৰু চিত্ৰা সিঙেও তেওঁলোকৰ সংকলন বিয়ণ্ড টাইম (১৯৮৭)ত তেওঁৰ কবিতা পৰিবেশন কৰে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইছৰত আফ্ৰিন (Ishrat Afreen, জন্ম-২৫ ডিচেম্বৰ ১৯৫৬) এগৰাকী উৰ্দু কবি। তেওঁৰ ৰচনাসমূহ ইংৰাজী, জাপানী, সংস্কৃত আৰু হিন্দীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে। গজল গায়ক জগজিৎ সিং আৰু চিত্ৰা সিঙেও তেওঁলোকৰ সংকলন বিয়ণ্ড টাইম (১৯৮৭)ত তেওঁৰ কবিতা পৰিবেশন কৰে। জিয়া মহয়েদ্দিনে তেওঁৰ ১৭ আৰু ২০ খণ্ডৰ লগতে তেওঁৰ চলি থকা কনচাৰ্টতো তেওঁৰ নাজম আবৃত্তি কৰে।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭১ চনৰ ৩১ এপ্ৰিলত ১৪ বছৰ বয়সত প্ৰথমবাৰৰ বাবে দৈনিক জাং কাকত প্ৰকাশ পাইছিল। তেওঁ লেখা অব্যাহত ৰাখিছিল আৰু সমগ্ৰ ভাৰত আৰু পাকিস্তানৰ বহুতো সাহিত্য আলোচনীত প্ৰকাশ পাইছিল। অৱশেষত কবি ফাহমিদা ৰিয়াজৰ সম্পাদনাত আৱাজ নামৰ মাহেকীয়া আলোচনীখনৰ সহকাৰী সম্পাদক হয়। লেখাৰ কেৰিয়াৰৰ সমান্তৰালভাৱে তেওঁ ১৯৭০–১৯৮৪ চনলৈকে ৰেডিঅ' পাকিস্তানত কেইবাটাও ৰেডিঅ' অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল যিবোৰ ৰাষ্ট্ৰীয় আৰু বিশ্বজুৰি প্ৰচাৰিত হৈছিল। পিছলৈ তেওঁ মিৰ্জা জামিলৰ অধীনত ইনপেজৰ বাবে বৰ্তমানৰ সাৰ্বজনীন নূৰী নাস্তালিক উৰ্দু লিপিৰ কাম কৰিছিল।

১৯৮৫ চনত ভাৰতীয় উকীল চৈয়দ পেৰৱাইজ জাফ্ৰিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ভাৰতত বসতি স্থাপন কৰে। যদিও ১৯৯০ চনত তেওঁলোকে আমেৰিকালৈ গুচি যায় আৰু এতিয়া টেক্সাছৰ হিউষ্টনত বাস কৰে। তেওঁলোকৰ তিনিটা সন্তান আছে।২

ইছৰত আফ্ৰিন বৰ্তমান অষ্টিনৰ হিন্দু উৰ্দু ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ দ্য ইউনিভাৰ্চিটি অৱ টেক্সাছৰ প্ৰধান উৰ্দু প্ৰবক্তা।৩

তথ্যসূত্ৰ

  1. ↑ Ishrat Afreen
  2. ↑ Ishrat Afreen - Profile & Biography. Rekhta.org
  3. ↑ Hindi Urdu Flagship Program - About: Faculty & Staff

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইছৰত আফ্ৰিন” প্ৰবন্ধৰ সংশোধন ৪৯৩৯১৭ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।