ইন্দিৰা জোচেফ ভেনিয়ুৰ (ইংৰাজী: Indira Joseph Venniyoor; জন্ম: ইন্দিৰা পড়ুভাল; ১৯২৫/১৯২৬ – ২৯ ডিচেম্বৰ ২০২০) এগৰাকী ভাৰতীয় ৰেডিঅ' সম্প্ৰচাৰক আৰু ট্ৰিভাংকুৰ ৰেডিঅ'ৰ প্ৰথম ইংৰাজী ভাষাৰ বাতৰি সম্প্ৰচাৰক আছিল। ১৯৮৪ চনত অৱসৰ লোৱালৈকে অল ইণ্ডিয়া ৰেডিঅ’ৰ সম্প্ৰচাৰক হিচাপে কাম কৰিছিল।
প্ৰাৰম্ভিক জীৱন
ট্ৰিভাংকুৰ ৰাজ্যৰ (বৰ্তমান ভাৰতৰ কেৰালাত) উচ্চ বৰ্ণৰ হিন্দু পৰিয়াল আম্বাদি ঘৰত ভেনিয়ুৰৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ বাসুদেৱ পডুভাল ট্ৰেভাংকোৰ ৰাজ্যৰ প্ৰত্নতত্ত্বৰ অধীক্ষক আৰু পিছলৈ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ৰ পৰিচালক আছিল।১২ ১৭ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে থিৰুৱনন্তপুৰমলৈ গুচি যায়। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি তেওঁ কৈছিল যে তেওঁৰ পৰিয়ালে ৰাছিয়ান চিত্ৰশিল্পী শ্বেটোস্লাভ ৰ'ৰিচ, আমেৰিকাৰ শিল্প ইতিহাসবিদ ষ্টেলা ক্ৰামৰিচ আৰু অন্যান্য ইংৰাজী ভাষী দৰ্শনাৰ্থীক ঘৰতে আতিথ্য প্ৰদান কৰিছিল, যাৰ ফলত তেওঁৰ মনত এই ভাষাটোৰ প্ৰতি প্ৰেম জাগ্ৰত হৈছিল।১
তেওঁ মাদ্ৰাজৰ (বৰ্তমান চেন্নাই) কুইন মেৰী কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে।৩
ব্যক্তিগত জীৱন
ভেনিয়ুৰে শিল্প সমালোচক আৰু লেখক ই. এম. জে. ভেনিয়ুৰৰ সৈতে ১৯৫৪ চনত বিবাহ পাশত বাবদ্ধ হয় আৰু তেওঁলোকৰ তিনিজন পুত্ৰ জন্ম হয়।৪ এজন উচ্চবৰ্ণৰ হিন্দু হৈও এজন খ্ৰীষ্টানৰ ধৰ্মীয় লোকৰ সৈতে বিবাহত বহাৰ কাৰণ আছিল যে তেওঁ ইংৰাজীত পাকৈত আছিল; আৰু সেইটোৱেই তেওঁক আকৰ্ষিত কৰিছিল।৫ ১৯৮৪ চনত বম্বেৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ ষ্টেচন পৰিচালক হৈ থকাৰ সময়ত তেওঁৰ স্বামীৰ মৃত্যু হয়।৫
তেওঁৰ ভগ্নী আছিল মালয়ালম গায়িকা শান্তা পি. নায়াৰ।৫
২০২০ চনৰ ২৯ ডিচেম্বৰত ভাৰতৰ কেৰেলা ৰাজ্যৰ পূজাপ্পুৰাৰ ঘৰত ৯৪ বছৰ বয়সত ভেনিয়ুৰৰ মৃত্যু হয়।৬
তথ্যসূত্ৰ
- ↑ Menon, Ravi. "Call us Indira and Francesca"; how 'Moby Dick' united two souls separated by seas. Mathrubhumi
- ↑ updusr5. (1 March 2020). This is tvm. You will now hear the news read by Indira Poduval: ആള് ഇന്ത്യാ റേഡിയോയിലെ പ്രസിദ്ധമായ ഇംഗ്ലീഷ് വാര്ത്താപ്രക്ഷേപണം. Kerala Women
- ↑ ടി.ആര്.രമ്യ. അനന്തപുരിയുടെ ഇഷ്ട ശബ്ദം മാഞ്ഞു, ഇനി ചരിത്രം ബാക്കി. Mathrubhumi
- ↑ ആള് ഇന്ത്യാ റേഡിയോയിലെ പെണ്ശബ്ദം -ഇന്ദിരാപൊതുവാള്. Nanaonline
- ↑ Travancore Radio's first English newscaster Indira Joseph no more. The New Indian Express
- ↑ (30 December 2020). Veteran broadcaster Indira Joseph Venniyoor passes away. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা জোচেফ ভেনিয়ুৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৩৪০ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।