ইন্দিৰা বেনাৰ্জী, জন্ম: ২৪ ছেপ্টেম্বৰ ১৯৫৭ চন; এগৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ইতিহাসত অষ্টমগৰাকী মহিলা ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় আইনবিদ।১ ইয়াৰ পূৰ্বে তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,২ এই পদত অধিষ্ঠিত হোৱা তেওঁ দ্বিতীয়গৰাকী মহিলা।৩
প্ৰাথমিক জীৱন আৰু শিক্ষা
ইন্দিৰা বেনাৰ্জীয়ে ১৯৫৭ চনৰ ২৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ কলকাতাৰ লৰেটো হাউচত শিক্ষা আৰম্ভ কৰিছিল। তেওঁ কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ আইন বিভাগত উচ্চ শিক্ষা গ্ৰহণ কৰে।৪
ন্যায়িক কেৰিয়াৰ
ইন্দিৰা বেনাৰ্জীয়ে ১৯৮৫ চনৰ ৫ জুলাইত অধিবক্তা হিচাপে নামভৰ্তি কৰি কলিকতা উচ্চ ন্যায়ালয়ৰ সম্মুখত প্ৰেকটিছ আৰম্ভ কৰে।৫ ২০০২ চনৰ ৫ ফেব্ৰুৱাৰীত বেনাৰ্জীক কলিকতা উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় আৰু ২০১৬ চনৰ ৮ আগষ্টৰপৰা কাৰ্যকৰী হোৱাকৈ দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। তাৰ পিছত তেওঁক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উন্নীত কৰা হয়৬ আৰু ২০১৭ চনৰ ৫ এপ্ৰিলত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে।৭৮
ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ উন্নীত হোৱাৰ পিছত ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ পিছত বেনাৰ্জীয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে।৯ ১৯৯২ চনৰ জুন আৰু নৱেম্বৰ মাহৰ ভিতৰত আদালতৰ নেতৃত্ব দিয়া ন্যায়াধীশ কান্ত কুমাৰী ভাটনগৰ১০ৰ পিছত তেওঁ চাৰ্টাৰ্ড উচ্চ ন্যায়ালয়ৰ মুৰব্বী হোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়।১১১২ ২০১৮ চনৰ ৭ আগষ্টত বেনাৰ্জীক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হয়। ২০২২ চনৰ ২৩ ছেপ্টেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ (4 August 2018). Indira Banerjee elevated.
- ↑ Gambhir, Ashutosh. (3 April 2017). Justice Indira Banerjee bids farewell to Delhi High Court, third judge to leave in 5 days. Barandbench.com
- ↑ (31 March 2017). Indira Banerjee appointed Chief Justice of Madras High Court. The Hindu
- ↑ Madras High Court. Hcmadras.tn.nic.in
- ↑ (5 April 2017). Justice Indira Banerjee sworn-in as Chief Justice of Madras HC. Thehindubusinessline.com
- ↑ (31 March 2017). Justice Indira Banerjee Appointed As CJ Of Madras HC,12 Addl. HC Judges Made Permanent - Live Law. Livelaw.in
- ↑ (5 April 2017). Indira Banerjee sworn in HC Chief Justice. The Hindu
- ↑ (5 April 2017). Indira Banerjee sworn in Chief Justice. The Hindu
- ↑ Venkateshan, J. Indira Banerjee to be next CJ of Madras High Court. Decaanchronicle.com
- ↑ (14 August 2011). Former Madras CJ passes away. The Hindu
- ↑ (31 March 2017). Indira Banerjee appointed CJ of Madras High Court. The Hindu
- ↑ Madras High Court. Hcmadras.tn.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা বেনাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৪৫ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।