ইন্দু জৈন (Indu Jain, ৮ ছেপ্টেম্বৰ ১৯৩৬) এগৰাকী বিশিষ্ট ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু ব্যৱসায়ী। চাহু জৈন পৰিয়ালৰ অন্তৰ্ভুক্ত ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ টাইমছ গ্ৰুপৰ অধ্যক্ষ। এই গোট টাইমছ অফ ইণ্ডিয়া আৰু অন্যান্য বৃহৎ বাতৰি কাকতৰ মালিক। ফৰ্বছ আলোচনীৰ ২০১৫ চনৰ মূল্যাংকন অনুসৰি ইন্দু জৈনৰ মুঠ অৰ্থমূল্য ৩.১ বিলিয়ন আমেৰিকান ডলাৰ আছিল। তেওঁ ভাৰতৰ ৫৭তম আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ ৫৪৯তম আটাইতকৈ ধনী ব্যক্তি আছিল। ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।১
ব্যক্তিগত জীৱন
১৯৩৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ ৰাজৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সেছৰ ফৈজাবাদত ইন্দু জৈনৰ জন্ম হৈছিল। অশোক কুমাৰ জৈনৰ সৈতে তেওঁৰ বিবাহ হৈছিল। দম্পতীহালৰ দুজন পুত্ৰ সমীৰ জৈন, বিনীত জৈন আৰু এগৰাকী কন্যা আছে। ১৯৯৯ চনৰ ১০ জানুৱাৰীত হৃদযন্ত্ৰ সংৰোপণৰ পিছত ৪ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিভলেণ্ডত তেওঁৰ স্বামীৰ মৃত্যু হৈছিল।২৩
পেশাদাৰী জীৱন
ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। এই কোম্পানী ১৮৩৮ চনত স্থাপন কৰা হৈছিল। ১৯৪৮ চনত ৰামকৃষ্ণ ডালমিয়াই কোম্পানীটো বেনেট ক'লমেনলৈ বিক্ৰী কৰে। বহুতো ব্ৰেণ্ড নাম এই গোটৰ সৈতে সম্পৰ্কিত। ইন্দু জৈন দাতব্য কামৰ সৈতে জড়িত আৰু ধৰ্মীয় স্তম্ভ লিখে। তেওঁ মহিলাৰ অধিকাৰৰ ক্ষেত্ৰতো সক্ৰিয়।
ইন্দু জৈন টাইমছ গ্ৰুপ আৰু টাইমছ ফাউণ্ডেচনৰ অধ্যক্ষ। তেওঁ টাইমছ ফাউণ্ডেচন প্ৰতিষ্ঠা কৰিছিল। টাইমছ ফাউণ্ডেচনে বানপানী, ঘূৰ্ণি বতাহ, ভূমিকম্প আৰু মহামাৰী আদি দুৰ্যোগ ৰক্ষাৰ বাবে সম্প্ৰদায় সেৱা, গৱেষণা ফাউণ্ডেচন আৰু টাইমছ ৰিলিফ ফাণ্ড পৰিচালনা কৰে।৪
২০১৭ চনৰ মাৰ্চ লৈকে তেওঁ এফএইচিচিআইফিকি (এফ.এল.ও.)ৰ লেডিজ শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ ভাৰতীয় জ্ঞানপীঠ ন্যাসৰ অধ্যক্ষ। এই ন্যাসে সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰে।৫
তেওঁ ২০০০ চনত ৰাষ্ট্ৰসংঘৰ ধৰ্মীয় আৰু আধ্যাত্মিক নেতাসকলৰ সহস্ৰাব্দ বিশ্ব শান্তি সন্মিলনত তেওঁৰ ভাষণত বিশ্বাসৰ মাজত একতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ২০০৩ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা ওৱাননেছ ফৰাম বা একত্ব মঞ্চক জৈনে নেতৃত্ব দিয়ে।
বঁটা আৰু সন্মান
প্ৰণব মুখাৰ্জীৰ পৰা পদ্মভূষণ গ্ৰহণ কৰা অৱস্থাত ইন্দু জৈন, ২০১৬]]
ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তেওঁক ভাৰতীয় মহিলা কংগ্ৰেছে 'আন্তৰ্জাতিক জীৱনকাল প্ৰাপ্তি বঁটা প্ৰদান কৰিছিল। ২০২০ চনত তেওঁ ইনষ্টিটিউট অফ কোম্পানী চেক্ৰেটাৰীৰ পৰা সন্মানীয় আইচিএছআই লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে। তেওঁ মহাত্মা মহাবীৰ বঁটাও লাভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ (13 April 2016). Times Group chairman Indu Jain, Rajinikanth and 50 others receive Padmas from President. Times of India
- ↑ (4 February 1999). Ashok Jain, chief of TOI group, dies in US. Rediff
- ↑ (5 February 1999). Media world loses another doye. Indian Express
- ↑ (2019-11-30). Times Group Chairman Indu Jain gets Lifetime Achievement Award. The Economic Times
- ↑ Nov 30, TNN ·; 2019; Ist, 05:38. Times Group chairman gets lifetime award from ICSI - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দু জৈন” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৭৪ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।