অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইডা হাৰমান

ইডা জোনাচদটিৰ হাৰমান (ইংৰাজী: Íeda Jónasdóttir Herman; জন্ম: ১৬ মে’, ১৯২৫ – মৃত্যু: ৮ মে’, ২০১৯) এগৰাকী আইচলেণ্ডিক মূলৰ আমেৰিকান লেখিকা আৰু সাংস্কৃতিক কৰ্মী আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈনিকক বিবাহ কৰোৱা প্ৰথমগৰাকী আইচলেণ্ডিক মহিলা আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইডা জোনাচদটিৰ হাৰমান (ইংৰাজী ভাষা: Íeda Jónasdóttir Herman; জন্ম: ১৬ মে’, ১৯২৫ – মৃত্যু: ৮ মে’, ২০১৯) এগৰাকী আইচলেণ্ডিক মূলৰ আমেৰিকান লেখিকা আৰু সাংস্কৃতিক কৰ্মী আছিল।১২ তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈনিকক বিবাহ কৰোৱা প্ৰথমগৰাকী আইচলেণ্ডিক মহিলা আছিল।৩৪৫

জীৱনী

হাৰমানৰ জন্ম ১৯২৫ চনত আইচলেণ্ডত জোনাচ বিয়ৰ্নছন আৰু ডাগবজৰ্ট ওক্টাভিয়া বিয়াৰ্নাদটিৰৰ ঘৰত হৈছিল।২ তেওঁ ১৯৩০-ৰ দশকত ডাঙৰ-দীঘল হৈছিল৫ আৰু আইচলেণ্ডৰ ভাইকিং (Vikings) তথা 'হুলডুফোক' (Huldufólk) বা "গুপ্ত মানুহ"ৰ কাহিনী শুনি ডাঙৰ হৈছিল।৬ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ৰেইকিয়াভিকত নিয়োজিত এজন আমেৰিকান সামৰিক বিষয়া ৰেভাৰেণ্ড ডেলবাৰ্ট জে হাৰমানক লগ পায়।২ ১৯৪৫ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।২ তেওঁ আছিল আমেৰিকান সৈনিকক বিবাহ কৰোৱা প্ৰথমগৰাকী আইচলেণ্ডিক মহিলা। ইয়াৰ পিছত তেওঁলোক একেলগে আমেৰিকাৰ ইলিনয়লৈ গুচি যায়। ১৯৫৬ চনত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁ নিজৰ আইচলেণ্ডিক নাগৰিকত্ব হেৰুৱাইছিল।৭

হাৰমানে চিকাগোত ইণ্টেৰিয়ৰ ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু নিজাকৈ এটা ডিজাইন দোকান খোলে। ২০০৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু 'ইনষ্টিটিউট অৱ চিলড্ৰেনছ লিটাৰেচাৰ'ৰ পৰা ডিগ্ৰী লাভ কৰে।৮ ২০১৫ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়।

৮৮ বছৰ বয়সত হাৰমানে প্ৰথমবাৰৰ বাবে উটাত পেৰাগ্লাইডিং কৰিছিল। তেওঁ এইটো ইমানেই ভাল পাইছিল যে দুবছৰৰ পিছত তেওঁৰ জন্মভূমি আইচলেণ্ডত ইয়াৰ পুনৰাবৃত্তি কৰিছিল।৫৯ তেওঁ জুল ভাৰ্ণৰ বিখ্যাত উপন্যাস জাৰ্নি টু দি চেন্টাৰ অৱ দি আৰ্থ-ক অনুপ্ৰাণিত কৰা গুহাটোও ভ্ৰমণ কৰিছিল।৯১০

২০১৬ চনত ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ পিছতো তেওঁ শাৰীৰিকভাৱে যথেষ্ট সক্ৰিয় আছিল। ৯১ বছৰ বয়সত তেওঁ জীয়ৰীৰ সৈতে মিলি আইচলেণ্ডিক খাদ্যৰ এখন ৰন্ধন প্ৰকৰণ পুথি ৰচনা কৰে।১১ তেওঁ আইচলেণ্ডৰ সংস্কৃতিৰ ওপৰত বিভিন্ন বক্তৃতা আৰু আলোচনাচক্ৰ পৰিচালনা কৰিছিল। তেওঁৰ ওপৰত ২০১৯ চনত RÚV নামৰ চেনেলটোত Aldrei of Seint (কেতিয়াও পলম হোৱা নাই) শীৰ্ষক এক তথ্যচিত্ৰ প্ৰচাৰিত হৈছিল।১২

২০১৯ চনৰ ৯ অক্টোবৰত আইঅ’ৱাৰ বাৰ্লিংটনত হাৰমানৰ মৃত্যু হয়।২ সেই বছৰৰ আৰম্ভণিতে আইচলেণ্ডৰ সংসদ 'অলথিংগি'য়ে তেওঁৰ আইচলেণ্ডিক নাগৰিকত্ব পুনৰুদ্ধাৰ কৰিছিল।৭১২ মৃত্যুৰ সময়ত হাৰমানৰ ২৪ গৰাকী আজু-নাতি আৰু ৮ গৰাকী আজু-আজু-নাতি আছিল।২

ৰচনাৱলী

  • ইডা জোনাচদটিৰ হাৰমান. (২৪ আগষ্ট, ২০১৭). Happiness in Living Color. Hekla Publishing. পৃ. ৫৬. ISBN 978-1947233959
  • হাৰমান, হেইডি; হাৰমান, ইডা জোনাচদটিৰ. (১৯ জুলাই, ২০১৭). Homestyle Icelandic Cooking for American Kitchens. Hekla Publishing. পৃ. ৮২
  • ইডা জোনাচদটিৰ হাৰমান. (৩ এপ্ৰিল, ২০১৭). Viking Kids Don't Cry. Hekla Publishing. পৃ. ১৫২. ISBN 9780998281681
  • ইডা জোনাচদটিৰ হাৰমান. (১৭ জুলাই, ২০১৬). The Silver Arrow. CreateSpace Independent Publishing Platform. পৃ. ১১৮. ISBN 9781535203623
  • ইডা জোনাচদটিৰ হাৰমান. (২০১৪). Trolls - Monster Worm - Hidden People: Fond Memories of Iceland. Outskirts Press. পৃ. ২৪৯. ISBN 978-1-4787-0008-1

তথ্যসূত্ৰ

  1. ↑ Obituary: Ieda Herman. Legacy.com
  2. ↑ (October 15, 2019). Íeda Jónasdóttir Herman. The Hawk Eye
  3. ↑ About Íeda Herman. Heidi Herman Author
  4. ↑ (June 16, 2017). Viking Kids Don't Cry, By Íeda Jónasdóttir Herman · Dedicated Review. The Children's Book Review
  5. ↑ (21 May 2017). Ieda Herman signs `Growing Up Viking` @ Magers & Quinn Booksellers, Minneapolis. Magers & Quinn
  6. ↑ (2017). About Ieda Jonasdottir Herman, author of 'Growing Up Viking' and'Viking Kids Don't Cry'. Smashwords
  7. ↑ Oddur Ævar Gunnarsson. (October 10, 2019). Ida Jónasdóttir Herman is deceased. Fréttablaðið
  8. ↑ Íeda J. Herman. (2014). Trolls - Monster Worm - Hidden People: Fond Memories of Iceland. Outskirts Press. ISBN 978-1-4787-0008-1
  9. ↑ Interview with Ieda Herman Author of The Silver Arrow. Young Adult Promo Central
  10. ↑ About. Legendary Iceland
  11. ↑ (October 13, 2016). 91-year-old writes a cookbook of Icelandic recipes. Iceland Monitor
  12. ↑ Alexander Elliott. (October 10, 2019). Remembering Ída Jónasdóttir Herman. RÚV

সম্পৰ্কিত শ্ৰেণী

আইচলেণ্ডলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইডা হাৰমান” প্ৰবন্ধৰ সংশোধন ৬৩০৯০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।