ইন্দিৰা ৰাণা মগৰ (:Indira Rana Magar,নেপালী: ইदिদি ৰানামাৰ ) এগৰাকী নেপালৰ ৰাজনীতিবিদ আৰু সমাজকৰ্মী, যিয়ে ২০২৩ চনৰ ২১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ২৮ ডিচেম্বৰলৈকে নেপালৰ প্ৰতিনিধি সদনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্ৰেণী।১২।২০২২ চনত অনুষ্ঠিত হোৱা নেপালৰ সাধাৰণ নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ পৰা সমানুপাতিক প্ৰতিনিধিত্ব শ্ৰেণীত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছিল। নেপালৰ সংসদীয় ব্যৱস্থাত দুই ধৰণৰ নিৰ্বাচনী পদ্ধতি আছে, এটা প্ৰত্যক্ষ নিৰ্বাচন আৰু আনটো হৈছে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি। সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাত দলসমূহে পোৱা মুঠ ভোটৰ শতাংশৰ ওপৰত ভিত্তি কৰি সংসদত আসন লাভ কৰে, আৰু দলীয় তালিকাৰ অনুসাৰে সদস্য মনোনীত কৰা হয়। ইন্দিৰা ৰাণা মগৰ এই পদ্ধতি অনুসৰি,নেপালৰ ফেডাৰেল সংসদৰ ২য় সংসদলৈ নিৰ্বাচিত হয়।২
প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম
১৯৭০ চনৰ ২ জুলাই (১৮ আছাদ ২০২৭ বি এছ)ত পূব নেপালৰ ঝাপাৰ দেউনিয়াবস্তিত ৰানামগৰৰ জন্ম হয়। দহ বছৰ বয়সলৈকে তেওঁ প্ৰাথমিক স্কুলীয়া শিক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল যদিও পিছত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আৰু স্থানীয় স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক হোৱাৰ পিছত শিক্ষয়িত্ৰী হিচাপে কাম কৰি শেষত কাঠমাণ্ডুলৈ গুচি যায়। তাত ৰাজনৈতিক বন্দীৰ অধিকাৰ সম্পৰ্কীয় নেপালী কবি পাৰিজাতৰ ৰচনাৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল। পাৰিজাতৰ আন্দোলনত যোগদান কৰি ৰাণামগৰে নেপালৰ ন্যায় ব্যৱস্থা আৰু কাৰাগাৰৰ দুৰ্বল ব্যৱস্থাপনাৰ সৈতে পৰিচিত হ’ল। ৩
নেপালৰ কাৰাবন্দীৰ সহায়ীকা হিচাপে
ৰাণামগৰে ২০০০ চনত প্ৰিজনাৰ্ছ এচিষ্টেন্স নেপাল নামৰ এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে। এই প্ৰিজনাৰ্ছ এচিষ্টেন্স সংস্থাই কাৰাগাৰত শাস্তি ভুগি থকা পিতৃ-মাতৃ সকলৰ অসহায় সন্তানক সহায় কৰে।৩ সংস্থাটোৱে চাৰিটা শিশু ঘৰ, দুখন বিদ্যালয় নিৰ্মাণ কৰিছে আৰু কয়দী আৰু তেওঁলোকৰ শিশুসকলক সহায় কৰাৰ লক্ষ্যৰে সামাজিক প্ৰকল্প ৰূপায়ণ কৰিছে।৪৫৬
ৰাজনৈতিক কেৰিয়াৰ
২০২২ চনৰ নেপালৰ সাধাৰণ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে খিলঞ্জীয়া শ্ৰেণীৰ পৰা নেপালৰ দ্বিতীয় ফেডাৰেল সংসদৰ সদস্য হিচাপে ইন্দিৰা ৰানা মগৰক মনোনীত কৰে।২
২০২৩ চনৰ ২১ জানুৱাৰীত ইন্দিৰা ৰানা মাগৰে সংসদৰ তৃতীয় উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। সদনত উপস্থিত থকা ২৬৪ জন সদস্যৰ ভিতৰত তেওঁ মুঠ ১৬৬ টা ভোট লাভ কৰে।২০২৬ চনৰ নেপালৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ২০২৫ চনৰ ২৮ ডিচেম্বৰত তেওঁ উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।৭
বঁটা আৰু স্বীকৃতি
তেওঁৰ কৰ্মৰাজিৰ বাবে ৰাণামগৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ স্বীকৃতি লাভ কৰিছে। তেওঁ লাভ কৰা কিছুমান উল্লেখযোগ্য বঁটা হ’লঃ-
- ২০০৯ চনত এছিয়া ২১ যুৱ নেতা জনসেৱাৰ বঁটা।৪
- ২০১৪ চনত ছুইডেনৰ ৰাণী ছিলভিয়াৰ পৰা বিশ্ব শিশু সন্মানীয় বঁটা।৮
- ২০১৪ চনত বিশ্বৰ শিশু বঁটাৰ বাবে মনোনয়ন।৮
- ২০১৭ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত।৯৩
তথ্যসূত্ৰ
- ↑ (2022-12-10). RSP's PR Candidate Indira Rana Magar. Rastriya Swatantra Party Official Site
- ↑ (2022-12-10). RSP thrashes out 13 PR lawmakers (With names). Nepal Khabar English News
- ↑ (2022-12-10). About Indira Rana Magar. Indira Rana Magar Official Site
- ↑ - कान्तिपुर समाचार
- ↑ समाचार, राज्यसत्ता. विश्वकै ठूलो पुरस्कार इन्दिराकै मुखैमा. Rajyasatta
- ↑ Indira Rana Magar - World's Children's Prize. worldschildrensprize.org
- ↑ Indira Rana Magar elected House deputy Speaker. The Kathmandu Post
- ↑ Home - World's Children's Prize. worldschildrensprize.org
- ↑ (2017-11-01). BBC 100 Women: Who is on the list?. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা ৰাণা মগৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৪৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।