ইডোলা চেইণ্ট-জাঁ ( Idola Saint-Jean), জন্ম: ১৯ মে', ১৮৮০ চন – মৃত্যু: ৬ এপ্ৰিল, ১৯৪৫ চন, কিউবেকৰ এগৰাকী সাংবাদিক, শিক্ষাবিদ আৰু নাৰীবাদী মহিলা আছিল। তেওঁ কিউবেকত মহিলাসকলৰ সম অধিকাৰৰ সন্ধানত নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু তেওঁৰ প্ৰচেষ্টাৰ ফলত ১৯৪০ চনত কিউবেকত মহিলাসকলক ভোটাধিকাৰ দিয়া হয়।১
জীৱনী
ইডোলা চেইণ্ট জাঁই কানাডাত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ মেকগিল বিশ্ববিদ্যালয়ৰ ফৰাচী ভাষা অধ্যয়ন বিভাগত অধ্যাপনা কৰিছিল।২ তেওঁ ১৯২৫ চনত মণ্ট্ৰিয়েল জুভেনাইল কোৰ্টৰ ব'ৰ্ডৰ সম্পাদিকা আছিল আৰু নাম দিয়া হৈছিল কমিছন ডু চেলেয়াৰ মিনিমাম ডেছ ফেমছ ডু কিউবেক।১ ১৯২৭ চনত ইডোলা চেইণ্ট-জাঁই এলায়েন্স কানাডিয়ান প'ৰ লে ভোট ডেছ ফেমছ অ' কিউবেক প্ৰতিষ্ঠা কৰে।২ ই এটি নাৰীবাদী সংগঠন৷ এই মিত্ৰজোঁটে কিউবেকৰ মহিলাসকলৰ বাবে ভোটাধিকাৰ লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ কিউবেকৰ প্ৰধানমন্ত্ৰী লুই-আলেকজেণ্ডাৰ টাশ্বেৰ’ৰ সৈতে মহিলাসকলক ভোটাধিকাৰ দিয়াৰ দাবীত সাক্ষাৎ কৰা মহিলাৰ দলটোৰ ভিতৰত ইডোলাও আছিল। ১৯২০ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত ফৰাচী কানাডিয়ানসকলৰ মুক্তি প্ৰক্ৰিয়াত এচিভিএফকিউৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ১৯৪০ চনলৈকে তেওঁ পৰৱৰ্তী প্ৰতিটো বছৰতে কিউবেক ৰাষ্ট্ৰীয় বিধানসভাৰ সম্মুখত ঘূৰি থাকে আৰু অৱশেষত কিউবেক মহিলাসকলে ৰাজনৈতিক অধিকাৰ হিচাপে ভোটাধিকাৰ লাভ কৰে।১ ১৯২০ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত ফৰাচী কানাডিয়ানসকলৰ মুক্তি প্ৰক্ৰিয়াতো এচিভিএফকিউৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৯৩০ চনত চেইণ্ট ডেনিছত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কানাডাৰ হাউছ অৱ কমনছৰ এখন আসনৰ বাবে তৃতীয়বাৰ আৰু শেষবাৰৰ বাবে প্ৰতিদ্বন্দ্বীতা কৰে যদিও তেওঁ বিফল হয়৷।৩ ৬ এপ্ৰিল, ১৯৪৫ চনত, ৬৪ বছৰ বয়সত মণ্ট্ৰিয়েলত ইডোলা চেইণ্ট-জাঁৰ মৃত্যু হয়।১ ২০১৬ চনত কানাডাৰ বেংক নোটত অন্তৰ্ভূক্ত কৰাৰ বাবে কানাডাৰ উল্লেখযোগ্য নাৰীক বাছনি কৰিবলৈ কৰা চূড়ান্ত তালিকাত পাঁচগৰাকীৰ ভিতৰত অন্যতম আছিল চেইণ্ট ইডোলা, যিখন প্ৰতিযোগিতা পুৰুষৰ বাবে বন্ধ আছিল।৪ কিন্তু শেষত, নাগৰিক অধিকাৰ কৰ্মী ভায়োলা ডেচমণ্ডৰ আগত ইডোলা পৰাস্ত হয়৷
লিগেচী

শ্বাৰব্ৰুকৰ পথৰ কাষৰ ইডোলা চেইণ্ট জাঁৰ মূৰ্তি২ আৰু মণ্ট্ৰিয়েলৰ পাৰ্কৰ ইডোলা-চেইণ্ট-জাঁৰ মূৰ্তি তেওঁৰ সন্মানত নিৰ্মাণ কৰা হয়।৫
কিউবেকৰ মহিলাসকলৰ অৱস্থা উন্নত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়োৱা মহিলা বা মহিলাৰ গোটক ফেডাৰেচন ডেছ ফেমছ ডু কিউবেকে প্ৰিস্ক ইডোলা চেইণ্ট-জাঁ বঁটা প্ৰদান কৰি আহিছে।৬
১৯৮১ চনৰ মাৰ্চ মাহত কানাডাৰ এটা নতুন ডাকটিকট জাৰি কৰা হয়, য'ত ইডোলা চেইণ্ট-জাঁৰ চিত্ৰ অংকন কৰা হয়।৭
২০১২ চনত কিউবেকৰ প্ৰধানমন্ত্ৰী পলিন মাৰ’ইছে চেইণ্ট জাঁ, থেৰেছ কেছগ্ৰেইন আৰু মেৰী-ক্লেয়াৰ কাৰ্কলেণ্ডৰ মূৰ্তি উন্মোচন কৰে। জুলছ লাছালেত অৱস্থিত এই মূৰ্তিটো কাৰ্কলেণ্ডক কানাডাৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ স্মৃতি হিচাপে কৰা হৈছিল।৮
তথ্যসূত্ৰ
- ↑ Idola Saint-Jean. Parks Canada
- ↑ Idola-Saint-Jean, Rue. City of Sherbrooke
- ↑ St. Denis, Quebec (1917 - 1949). History of Federal Ridings since 1867. Parliament of Canada
- ↑ Final 5 candidates for next Canadian woman on banknote revealed by Bank of Canada · CBC News
- ↑ Parc Idola-Saint-Jean. Commission de toponymie Québec
- ↑ Prix Idola St-Jean. Fédération des femmes du Québec
- ↑ (April 12, 1981). Stamping News. The Evening News. পৃ. 32
- ↑ Monument to women in politics, Radio Canada, in French, retrieved 28 December 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইডোলা চেইণ্ট-জাঁ” প্ৰবন্ধৰ সংশোধন ৫৩৭২৩৮ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।