ইছাইভানি (: Isaivani, তামিল: இசைவாணி; জন্ম ১৯৯৬) চেন্নাইৰ এগৰাকী গানা সংগীতশিল্পী। যিয়ে দ্য কেষ্টলেছ কালেকটিভৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰে। ২০২০ চনত তেওঁ নিজৰ সাফল্যৰ বাবে বিবিচি ১০০ মহিলা বঁটাৰ জৰিয়তে তেওঁৰ কৃতিত্বৰ স্বীকৃতি লাভ কৰে।
জীৱনী
১৯৯৬ চনত চেন্নাইৰ ৰয়াপুৰমত ইছাইভানিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শিৱকুমাৰ ডি আৰু মাতৃৰ নাম চেলভি।[1][2][3] তেওঁৰ পিতৃ এজন স্ব-শিক্ষিত কিবৰ্ড বাদক। সৰুৰে পৰাই পিতৃয়ে ইছাইভানিৰ সংগীত প্ৰতিভাক আৰু গায়ন-বায়নক উৎসাহিত কৰিছিল। তেওঁৰ মাতৃ চেলভিকো ইছাইভানি আৰু তেওঁৰ ভাতৃক গৰ্ভত থকাৰ সময়ৰ পৰা গান গাবলৈ উৎসাহিত কৰিছিল।[3] ছয় বছৰ বয়সত ইছাইভানিয়ে পিতৃৰ সৈতে মঞ্চত প্ৰদৰ্শন আৰম্ভ কৰিছিল আৰু ২০১৮ চনলৈকে তেওঁ পিতৃৰ সৈতে প্ৰায় ১০,০০০ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।[3] কিশোৰী অৱস্থাত তেওঁ তামিল চলচ্চিত্ৰৰ গীত গাবলৈ আৰম্ভ কৰিছিল আৰু গানা গীত মঞ্চস্থ কৰিবলৈ আৰম্ভ কৰিছিল কাৰণ দৰ্শকে ইয়াৰ প্ৰতি ভাল সঁহাৰি দিছিল।[2] ২০১৭ চনত গানা সংগীতজ্ঞ ছাবেশ ছলমনে তেওঁৰ সৈতে যোগাযোগ কৰি টেনমাই গঠন কৰা এটা নতুন বেণ্ডৰ বাবে অডিচন দিবলৈ উৎসাহিত কৰে - এই বেণ্ডটোৱেই পিছলৈ দ্য কেষ্টলেছ কালেকটিভ হৈ পৰে।[1]
দ্য কেষ্টলেছ কালেকটিভ বেণ্ডটোত যোগদান কৰি ইছাইভানীয় বিশ্বৰ প্ৰথম পেছাদাৰী মহিলা গানা গায়িকা হিচাপে পৰিগণিত হয়।[4] ইয়াৰ উপৰিও তেওঁ নিম্ন জাতিৰ মহিলাহৈ পুৰুষ আৰু উচ্চ জাতিৰ দ্বাৰা প্ৰভাৱিত সংগীত ধাৰাত সফলতা অৰ্জন কৰে। প্ৰাৰম্ভিক অৱস্থাত মহিলাই গানা পৰিবেশণ কৰাতো বিৰোধিতা কৰিছিল কাৰণ কিছুমান লোকে অনুভৱ কৰিছিল যে গানাক কেৱল পুৰুষৰ বাবে কলাৰূপ হিচাপে সংৰক্ষণ কৰা উচিত।[2] দ্য কেষ্টলেছ কালেকটিভৰ সৈতে তেওঁ গোৱা সংগীত ৰাজনৈতিক ধৰ্মৰ; ২০১৮ চনত তেওঁলোকে দলিত লোক সকলৰ ওপৰত হোৱা গণপ্ৰহাৰৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে ‘বিফ ছং’ মুকলি কৰিছিল; ২০১৯ চনত তেওঁলোকে সবৰীমালা মন্দিৰৰ বিতৰ্কৰ বিষয়ে ‘আই এম ছৰী আয়াপ্পা’ মুকলি কৰে।[2] মঞ্চত তেওঁৰ উপস্থিতিয়ে আন মহিলাসকলকো গানা সংগীতশিল্পী হিচাপে আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছে।[5]
২০২০ চনত ইছাইভানীয়ে গানা সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিবিচি ১০০ মহিলা বঁটাৰে স্বীকৃতি লাভ কৰে।[1][5][6] তেওঁ তামিল বিগ বছ ছিজন ৫ত অংশগ্ৰহণ কৰিছিল।[7]
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইছাইভানি” প্ৰবন্ধৰ সংশোধন ৫৭৯৫১৯ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।