ইডা চি ক্ৰেডক (Ida Craddock) আছিল ১৯ শতিকাৰ এগৰাকী আমেৰিকীয় বাক-স্বাধীনতা আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক।১ যৌনতাক লৈ তেওঁ বিস্তৃতভাৱে লিখিছিল, যাৰ ফলত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল আৰু অশ্লীল কামৰ বাবে কাৰাগাৰত বন্দী কৰা হৈছিল। মুক্তিৰ পিছত তেওঁ অধিক আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হৈ আত্মহত্যা কৰে।২
ইডা ক্ৰেডকৰ ফিলাডেলফিয়াত জন্ম হৈছিল৷ তেওঁ পাঁচ মাহ বয়সৰ আগতেই তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। মাকে তেওঁক একমাত্ৰ সন্তান হিচাপে ঘৰতে পঢ়ুৱাইছিল আৰু তেওঁক বিস্তৃত কোৱাকাৰ শিক্ষা প্ৰদান কৰিছিল। ৩
বিশৰ দশকত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ক্ৰেডকক পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত প্ৰথম মহিলা স্নাতক ছাত্ৰী হিচাপে নামভৰ্তিৰ বাবে অনুষদৰ পৰামৰ্শ দিয়া হয় যদিও ১৮৮২ চনত বিশ্ববিদ্যালয়ৰ বোৰ্ড অৱ ট্ৰাষ্টীয়ে তেওঁৰ প্ৰৱেশত বাধা দিয়ে।৪ তাৰ পিছত তেওঁ ষ্টেনোগ্ৰাফী পাঠ্যপুথি প্ৰাইমেৰী ফ’ন’গ্ৰাফী প্ৰকাশ কৰে আৰু জিৰাৰ্ড কলেজত মহিলাসকলক এই বিষয়টো শিকায়।
পৰৱৰ্তী সময়ত ক্ৰেডকে নিজৰ কোৱাকাৰ চিন্তা ত্যাগ কৰে। ১৮৮৭ চনৰ আশে-পাশে থিয়'ছফিকেল ছ'চাইটিৰ সৈতে জড়িত হৈ তেওঁ অকল্টৰ প্ৰতি এক শৈক্ষিক আগ্ৰহ গঢ়ি তুলিবলৈ আৰম্ভ কৰে। মুক্ত চিন্তাবিদ হিচাপে ১৮৮৯ চনত আমেৰিকান চেকুলাৰ ইউনিয়নৰ ফিলাডেলফিয়া অধ্যায়ৰ সম্পাদিকা নিৰ্বাচিত হয়।৫
ক্ৰেডকে চিকাগোলৈ গুচি যায় আৰু ডিয়াৰবৰ্ণ ষ্ট্ৰীটত এটা কাৰ্যালয় খুলিলে যিয়ে বিবাহিত দম্পতীক ৱাক-ইন কাউন্সেলিং আৰু মেইল অৰ্ডাৰ দুয়োটাৰে দ্বাৰা "mystic" যৌন পৰামৰ্শ আগবঢ়ায়। প্ৰাপ্তবয়স্কক শিক্ষা দি "যৌন দুষ্টতা আৰু দুখ-কষ্ট প্ৰতিৰোধ"ৰ বাবে তেওঁ নিজৰ সময় উৎসৰ্গা কৰিছিল। ১৮৯৩ চনত চিকাগোত অনুষ্ঠিত হোৱা ৱৰ্ল্ডছ কলম্বিয়ান এক্সপ'জিচনত লিটিল ইজিপ্ত আৰু তেওঁৰ বিতৰ্কিত বেলি ডান্সিং অভিনয়ৰ ৰক্ষাৰ বাবে সম্পাদকীয়ৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় কুখ্যাতি অৰ্জন কৰে।৬৭
তথ্যসূত্ৰ
- ↑ Chappell, Vere. Ida Craddock: Sexual Mystic and Martyr for Freedom
- ↑ Burton, Shirley J. (1993). Obscene, Lewd, and Lascivious: Ida Craddock and the Criminally Obscene Women of Chicago, 1873-1913. Michigan Historical Review. পৃ. 1–16
- ↑ Schaechterle, Inez L. (2005). Speaking of Sex: The Rhetorical Strategies of Frances Willard, Victoria Woodhull, and Ida Craddoc. Bowling Green State University
- ↑ Lloyd, Mark Frazier. (July 2001). 1880–1900: Timeline of Women at Penn. University of Pennsylvania Archives
- ↑ Fifty Years of Free Thought. Skeptic files
- ↑ Burton, Shirley J. Women Making a Difference: Ida Craddock, Adelaide Johnson, and Laura Dainty Pelham
- ↑ Burton, Shirley J. "Obscene, Lewd, and Lascivious: Ida Craddock and the Criminally Obscene Women of Chicago, 1873-1913." Michigan Historical Review 19: 1 (1993): 1-16
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইডা ক্ৰেডক” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৪১ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।