অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দিৰা বাজৰামোভিচ

ইন্দিৰা বাজৰামোভিচ এগৰাকী ৰোমা কৰ্মী আৰু অৰ্থনীতিবিদ, যিয়ে ২০ বছৰতকৈও অধিক সময় ধৰি বছনিয়া আৰু হাৰ্জেগোভিনাৰ ৰোমা মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ টুজলাৰ এছ'চিয়েচন অৱ ৰোমা উইমেনৰ 'বেটাৰ ফিউচাৰ' (স্থানীয় নাম 'বলজা বুডুচনষ্ট')ৰ পৰিচালিকা।

হালনাগাদ: ২০ মাৰ্চ ২০২৪ ৪০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ইন্দিৰা বাজৰামোভিচ এগৰাকী ৰোমা কৰ্মী আৰু অৰ্থনীতিবিদ, যিয়ে ২০ বছৰতকৈও অধিক সময় ধৰি বছনিয়া আৰু হাৰ্জেগোভিনাৰ ৰোমা মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ টুজলাৰ এছ'চিয়েচন অৱ ৰোমা উইমেনৰ 'বেটাৰ ফিউচাৰ' (স্থানীয় নাম 'বলজা বুডুচনষ্ট')ৰ পৰিচালিকা।১

বাজৰামোভিচে চহৰৰ পৰা দূৰৈৰ ৰোমা গাঁওসমূহক সাহায্য আৰু আশ্বাস প্ৰদানৰ কাম কৰি আহিছে আৰু বছনিয়া আৰু হাৰ্জেগোভিনাত ৰোমা লোকসকলে সকলো ক্ষেত্ৰতে সমান সুযোগ লাভ কৰাৰ পোষকতাও কৰি আহিছে। বিশেষকৈ বাজৰামোভিচে নিবনুৱা ৰোমা মহিলা আৰু ঘৰুৱা হিংসা আৰু নিৰ্যাতনৰ বলি হোৱা মহিলাসকলে সম্মুখীন হোৱা অসুবিধাৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।২

কাৰ্যকলাপ

বাজৰামোভিচৰ “বেটাৰ ফিউচাৰ’’ নামৰ সংস্থাটোৱে ৰোমা সম্প্ৰদায়ৰ সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰীৰ লগতে স্কুলৰ সামগ্ৰী যোগান ধৰাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি এই সংস্থাই দৰিদ্ৰ মহিলাসকলৰ বাবে ব্যক্তিগত চিকিৎসা, বিশেষকৈ স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে,।৩

ক’ভিদ অতিমাৰী

২০২০ চনৰ গ্ৰীষ্মকালত ক’ভিড-১৯ অতিমাৰীৰ মাজতে বাজৰামোভিচ আৰু তেওঁৰ ফাউণ্ডেচনে বছনিয়া আৰু হাৰ্জেগোভিনা মহিলা ৰোমা নেটৱৰ্ক, টুজলা কমিউনিটি ফাউণ্ডেশ্যন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি মঞ্চ ইমাউছৰ সৈতে অংশীদাৰিত্ব কৰি কিচেলজাকৰ আশে-পাশে থকা স্থানীয় ৰোমা সম্প্ৰদায়ক ৭০০ সংখ্যক সাহায্য পেকেজ প্ৰদান কৰে। বাজৰামোভিচে স্বেচ্ছাসেৱকৰ সৈতে প্ৰতি ৩ দিনৰ মূৰে মূৰে এবাৰ দিনটোত স্বেচ্ছাসেৱকৰ ৪০০টা খাদ্য বিতৰণ কাৰ্যত সহায় কৰিছিল। ফুটবল খেলপথাৰ নিৰ্মাণ আৰু শিশুৰ বাবে খেলা কোঠাকে ধৰি কেইবাটাও নিৰ্মাণ প্ৰকল্পৰ লগত তেওঁ জড়িত আছিল। ইয়াৰ উপৰিও তেওঁ এটা ক্ষতিগ্ৰস্ত নলা পুনৰ নিৰ্মাণৰ কামত জড়িত আছিল, যাৰ ফলত পূৰ্বে বহু স্থানীয় ঘৰ বানপানীত বুৰ গৈছিল।৪ ক’ভিদ অতিমাৰীৰ সময়ত ৰোমা সম্প্ৰদায়ক বিভিন্ন ধৰণে সহায় আগবঢ়োৱাৰ উপৰি বাজৰামোভিচে গ্ৰাম্য অঞ্চলৰ অভাৱ অভিযোগসমূহ নথিভুক্ত কৰিছিল, যিবোৰ এই মহামাৰীৰ সময়ত আৰু অধিক ভয়াৱহ হৈ পৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে, ৰোমা সম্প্ৰদায়ৰ এটা অতি সৰু অংশৰ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন ক্লাছত অংশগ্ৰহণ কৰে আৰু এই সময়ছোৱাত ঘৰুৱা হিংসা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বৈষম্যৰ হাৰ বৃদ্ধি পাইছে। বিশেষকৈ এই গ্ৰাম্য জনগোষ্ঠীসমূহত ক'ভিড-১৯ পৰীক্ষাৰ উপলব্ধতাৰ অভাৱৰ ওপৰত তেওঁ আলোকপাত কৰে।৫

ৰাজনীতিত

ইন্দিৰা বাজৰামোভিচে টুজলা চহৰ পৰিষদৰ নিৰ্বাচনত ইউনিয়ন ফৰ এ বেটাৰ ফিউচাৰ অৱ বিএইচ (Union for a Better Future of BiH) দলৰ টিকট নম্বৰ ৯ৰে কাউন্সিলাৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ নিৰ্বাচিত হোৱা নাছিল। মুঠ ২০ গৰাকী ৰোমান মহিলাই এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কোনো এগৰাকী মহিলাই কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হোৱা নাছিল। এই নিৰ্বাচনৰ সময়ত ৪৭জন ৰোমা পুৰুষেও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, ইয়াৰে ৬জন কাউন্সিলাৰ হৈছিল। ইন্দিৰা বাজৰামোভিচে মহিলাসকল ৰাজনীতিত অসফল হোৱাৰ কাৰণ হিচাপে তেওঁলোকে দৃশ্যমান প্ৰচাৰৰ পৰিৱৰ্তে সামূহিক কামত মনোনিৱেশ কৰে বুলি কয়। তেওঁ বহুতো নতুন দলৰ মাজত ভোট বিভাজনৰ প্ৰতিও মানুহৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ৰোমা বাসীক এজন প্ৰাৰ্থীৰ আঁৰত একত্ৰিত হ'বলৈ আহ্বান জনায় যদিও পূৰ্বৰ বছৰবোৰতকৈ অধিক সংখ্যক ৰোমাই ক্ষমতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাটোৱে তেওঁৰ মনত আঘাত কৰে।৪৬

তথ্যসূত্ৰ

  1. ↑ Naš tim. www.bolja-buducnost.org
  2. ↑ ক’ভিদ ১৯
  3. ↑ ইন্দিৰা
  4. ↑ (September 14, 2020). SBB Tuzla: Sadašnji vijećnici predvode listu kandidata za GV Tuzla. tuzlainfo.ba
  5. ↑ S, M. R. Poražavajući podaci o životu Roma tokom pandemije: Plakali smo kad smo ih obišli. Radio Sarajevo
  6. ↑ Redakcija. (2020-11-26). IZBORI 2020: Romkinje nisu imale ravnopravan pristup medijima ni predstavljanju tokom kampanje. Portal Udar. Elabsarajevo

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা বাজৰামোভিচ” প্ৰবন্ধৰ সংশোধন ৪১৩০৪৫ (২০ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।