অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আহিন

আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহিন মাহত ৩০ দিন থাকে। আহিন মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৪ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।১ আহিন মাহত ৩০ দিন থাকে।২ আহিন মাহত শৰৎ ঋতু ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।

অন্য পঞ্জিকাত আহিনৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত ছেপ্টেম্বৰ আৰু অক্টোবৰ হয়। আহিন ছেপ্টেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু অক্টোবৰৰ মধ্যলৈকে থাকে।২ আহিন মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত ভাদ্ৰপদ মাহ চলি থাকে।১

উৎসৱ পৰ্ব, দিৱস আদি

  1. ২ আহিন: শ্বহীদ কনকলতা বৰুৱা, কুমলী দেৱী, ভোগেশ্বৰী ফুকননীৰ স্মৃতি দিৱস,ৰাধানাথ ফুকন, জয়ন্ত হাজৰিকাৰ জন্ম দিৱস।
  2. ৩ আহিন: আন্তৰ্জাতিক শান্তি দিৱস।
  3. ৬ আহিন: আব্দুল মজিদ স্মৃতি দিৱস।
  4. ৮ আহিন: ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম দিৱস।
  5. ৯ আহিন: বিশ্ব পৰ্যটন দিৱস।
  6. ১০ আহিন: মহালয়া।
  7. ১১ আহিন: দেবেন্দ্ৰ নাথ আচাৰ্য স্মৃতি দিৱস।
  8. ১৪ আহিন: গান্ধী জয়ন্তী
  9. ১৫ আহিন: তিলক হাজৰিকা, কমলেশ্বৰ বৰা, প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম দিৱস।
  10. ১৬ আহিন: বিশ্ব প্ৰাণী দিৱস
  11. ১৭ আহিন: স্নেহ দেৱী স্মৃতি দিৱস, শ্ৰী শ্ৰী দুৰ্গাপূজা (মহাসপ্তমী)
  12. ১৮ আহিন: দুৰ্গা অষ্টমী
  13. ১৯ আহিন: মহা নৱমী, পুষ্পা ভূঞাৰ স্মৃতি দিৱস।
  14. ২০ আহিন: মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম দিৱস, বিজয়া দশমী।
  15. ২১ আহিন: বিশ্ব ডাক দিৱস।
  16. ২২ আহিন: বিশ্ব মানসিক স্বাস্থ্য দিৱস, বিশ্ব দৃষ্টি দিৱস।
  17. ২৩ আহিন: আন্তৰ্জাতিক কন্যা শিশু দিৱস, জহৰুল হক জন্ম দিৱস।
  18. ২৫ আহিন: শ্ৰী শ্ৰী লক্ষ্মীপূজা।
  19. ২৬ আহিন: বিশ্ব মান দিৱস, শোভা ব্ৰহ্ম, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱস।
  20. ২৭ আহিন: এ পি জে আব্দুল কালাম, চন্দ্ৰধৰ বৰুৱাৰ জন্ম দিৱস, জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱস।
  21. ২৮ আহিন: বিৰিঞ্চি কুমাৰ বৰুৱা, তফজ্জুল আলিৰ জন্ম দিৱস।
  22. ২৯ আহিন: ৰাধাগোবিন্দ বৰুৱাৰ জন্ম দিৱস।
  23. ৩১ আহিন: কাতি বিহু, কালিৰাম মেধিৰ জন্ম দিৱস।

তথ্যসূত্ৰ

  1. ↑ Assamese months names
  2. ↑ বৰকটকী কোম্পানী, যোৰহাট

সম্পৰ্কিত শ্ৰেণী

অসমীয়া মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহিন” প্ৰবন্ধৰ সংশোধন ৪৪০৭৮৯ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।