অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুমলী দেৱী

কুমলী দেৱী ( Kumali Devi) আছিল ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলিত ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ যাওঁঁতে পুলিচৰ গুলিত প্ৰাণ আহুতি দি শ্বহীদ হয়।

হালনাগাদ: ২৯ ফেব্ৰুৱাৰী ২০২৪ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

কুমলী দেৱী ( Kumali Devi) আছিল ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলিত ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ যাওঁঁতে পুলিচৰ গুলিত প্ৰাণ আহুতি দি শ্বহীদ হয়।১২ তেওঁৰ স্বামীৰ নাম আছিল গোবৰ নেওগ, মৌজা নাহৰবাৰী, জিলা দৰং৷৩ তেওঁৰ পুত্ৰৰ নাম গোলাপ চন্দ্ৰ নেওগ, যি স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল৷ ১৮৭৪ চনৰ নৱেম্বৰ মাহত জন্মা কুমলী নাথৰ পিতৃৰ নাম তুলীৰাম নাথ আৰু মাতৃৰ নাম আমোলী নাথ৷৪

বিয়াল্লিছৰ গণ আন্দোলনত জ্যোতিপ্ৰসাদ আগৰৱালা, গহনচন্দ্ৰ গোস্বামী আদি কংগ্ৰেছৰ আত্মগোপন কৰি থকা নেতাসকলে আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা দৰং জিলাৰ সকলো পুলিচ থানাত ভাৰতৰ পতাকা উত্তোলনৰ সিদ্ধান্ত লয়৷ সেইমৰ্মে ২১ ছেপ্তেম্বৰৰ দিনটো থানাই থানাই পতাকা উত্তোলন কৰিবলৈ মৃত্যু বাহিনী আৰু ৰক্ষী বাহিনী প্ৰস্তুত কৰা হৈছিল৷ সিদ্ধান্তমতে, ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ মনবৰ নাথ, কমলাকান্ত দাস, গোলোক চন্দ্ৰ নেওগ আগবাঢ়িল৷ কমলাকান্ত দাসক বয়নেটেৰে পিঠিত আঘাত কৰাত ৰক্ষী বহিনীয়ে তেওঁক ততাতৈয়াকৈ তাৰপৰা আঁতৰাই লৈ যায়৷ ইফালে মনবৰ নাথ আৰু গোলাপ চন্দ্ৰ নেওগে পৃথকে পৃথকে দুডাল বাঁহৰ বান্ধি অনা দুখন পতাকা থানা ঘৰৰ মূধচত উত্তোলন কৰাৰ লগে লগে পুলিচৰ গুলীত মনবৰ নাথ ঢলি পৰে৷ তাৰপিছত গোলোক চন্দ্ৰ নেওগলৈ বন্দুক টোঁওৱা দেখি ওচৰতে থকা মাক কুমলী দেৱীয়ে পুত্ৰৰ আগত থিয় দি পুলিচৰ গুলী বুকু পাতি লৈ থিতাতে নিহত হয়৷৩

তথ্যসূত্ৰ

  1. ↑ দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা
  2. ↑ অসম মাতৃৰ তিনি বীৰাংগনা
  3. ↑ কলিতা, ৰমেশচন্দ্ৰ. (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃ. ১৭৮
  4. ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা জন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৪১০

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমলী দেৱী” প্ৰবন্ধৰ সংশোধন ৪০৮৮২০ (২৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।