অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্নেহ দেৱী

স্নেহ দেৱী এগৰাকী অসমীয়া সাহিত্যিক।

হালনাগাদ: ২০ অক্টোবৰ ২০২১ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

স্নেহ দেৱী এগৰাকী অসমীয়া সাহিত্যিক।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

১৯১৬ চনত যোৰহাটত স্নেহ দেৱীৰ জন্ম হয়। এখেতৰ পিতৃৰ নাম আছিল নন্দধৰ বৰুৱা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। মাত্ৰ পঞ্চম শ্ৰেণীতে তেখেতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি সৰু কালতে বিবাহপাশত আৱদ্ধ হয়।

সাহিত্য

১৯৫৩ চনত ‘জোৱাৰৰ পাছত’ নামেৰে এটা গল্প লিখি ৰামধেনুৰ যোগেদি স্নেহ দেৱীয়ে পোনপ্ৰথমবাৰৰ বাবে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে।

প্ৰকাশিত গল্প সংকলন

  • কৃষ্ণা দ্বিতীয়াৰ জোনাক (১৯৫৮)
  • স্নেহ দেৱীৰ একুকি গল্প (১৯৮৭)

সন্মান

১৯৯০ চনত এখেতক মৰোণোত্তৰভাবে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।১

মৃত্যু

১৯৯০ চনৰ ৫ অক্টোবৰ তাৰিখে যোৰহাটত স্নেহ দেৱীয়ে ইহলীলা সম্বৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নেহ দেৱী” প্ৰবন্ধৰ সংশোধন ৩০৪২৩৭ (২০ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।