অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব মানসিক স্বাস্থ্য দিৱস

বিশ্ব মানসিক স্বাস্থ্য দিৱস (১০ অক্টোবৰ) হৈছে মানসিক স্বাস্থ্য শিক্ষা, সজাগতা সৃষ্টি, আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে পালিত এক গোলকীয় দিৱস।ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ উদ্যোগত ইয়াক ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ
তামিলনাডুৰ ছালেমত মানসিক স্বাস্থ্য সজাগতাৰ এক সমদল, ২০১৪
তামিলনাডুৰ ছালেমত মানসিক স্বাস্থ্য সজাগতাৰ এক সমদল, ২০১৪ছবি: Chinchu.c · CC BY-SA 4.0
২০১৫ চনত জাৰ্মেনীৰ মিউনিখ চহৰত আয়োজিত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সমদল
২০১৫ চনত জাৰ্মেনীৰ মিউনিখ চহৰত আয়োজিত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সমদলছবি: Clemens Nitsche, Munich, Germany · CC BY-SA 4.0

বিশ্ব মানসিক স্বাস্থ্য দিৱস (১০ অক্টোবৰ) হৈছে মানসিক স্বাস্থ্য শিক্ষা, সজাগতা সৃষ্টি, আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে পালিত এক গোলকীয় দিৱস।১ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ উদ্যোগত ইয়াক ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল। ১৫০ খনতকৈও অধিক দেশত ব্যাপ্তি আৰু সদস্যতা থকা ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থ হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ বিশ্বস্তৰীয় সংগঠন। ২ প্ৰতিবছৰে অক্টোবৰ মাহৰ এই বিশেষ দিনটোত মানসিক স্বাস্থ্য সজাগতাৰ সহস্ৰাধিক প্ৰবক্তা-সমৰ্থকে এই বাৰ্ষিক সজাগতা সৃষ্টিকাৰী কাৰ্য্যক্ৰমণিকাত অংশ গ্ৰহণ কৰি মানসিক ৰোগ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। ৩৪ কিছুমান দেশত ইয়াক মানসিক ৰোগ সজাগতা সপ্তাহৰ অংশ হিচাপে পালন কৰা হয়। ৫ ৬

ইতিহাস

বিশ্ব মানসিক স্বাস্থ্য দিৱস প্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ ১০ অক্টোবৰ তাৰিখে পালন কৰা হৈছিল। এইক্ষেত্ৰত ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ নামৰ সংস্থাটোৰ তদানীন্তন উপ-সচিব প্ৰধান ৰিচাৰ্ড হান্টাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৯৪ চন পৰ্য্যন্ত এই দিৱস পালনৰ কাৰ্য্যসূচীত মানসিক স্বাস্থ্য সম্পৰ্কে সজাগতাৰ উদগনি আৰু সাধাৰণ জনতাক মানসিক স্বাস্থ্য সম্পৰ্কে তথ্যসমৃদ্ধ কৰাৰ বাহিৰে কোনো বিশেষভাৱে নিৰ্ধাৰিত থী'ম বা কেন্দ্ৰীয় বিষয়বস্তু নাছিল।

১৯৯৪ চনত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে পোনপ্ৰথমবাৰৰ বিশেষভাৱে নিৰ্ধাৰিত থী'ম সংযুক্ত কৰা হয়। ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ তদানীন্তন সচিব প্ৰধান ইউগেন ব্ৰ'ডীয়ে থীম সংযুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। সেইবছৰৰ দিৱসৰ থী'ম আছিল: "সমগ্ৰ বিশ্বতে মানসিক স্বাস্থ্য সংলগ্ন সেৱাসমূহৰ গুণগত উন্নয়ন সাধন"। ৭

বিশ্ব স্বাস্থ্য সংস্থা(WHO)-ই ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ উদ্যোগত আয়োজিত বিশ্ব মানসিক দিৱসৰ কাৰ্য্যসূচীসমূহক পৃষ্ঠপোষকতা আগবঢ়ায়। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ ভিন ভিন দেশৰ স্বাস্থ্য মন্ত্ৰালয়সমূহ আৰু নাগৰিক সামাজিক সংস্থাসমূহৰ সৈতে থকা ইয়াৰ শক্তিশালী যোগসূত্ৰৰ ফলপ্ৰসু প্ৰয়োগেৰে মানসিক স্বাস্থ্য সম্বন্ধীয় বিষয়সমূহত সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস চলায়। WHO-য়ে এই সম্পৰ্কীয় কাৰিকৰী উপাদানসমূহ আৰু সংযোগ সৃষ্টিকাৰী প্ৰচাৰ উপাদানসমূহৰ বিকাশৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায়। ৮

২০১৮ চনৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনটোতে যুক্তৰাজ্যৰ তদানীন্তন প্ৰধানমন্ত্ৰী টেৰেছা মে'ই জে'কী ড'ইল-প্ৰাইছক যুক্তৰাজ্যৰ প্ৰথমগৰাকী মানসিক স্বাস্থ্য, আত্মহত্যা প্ৰতিৰোধ আৰু ৰোগীৰ নিৰাপত্তা ইত্যাদি বিষয় পৰিচালনাৰ বাবে আত্মহত্যা প্ৰতিৰোধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্ত কৰে। সেইবেলি যুক্তৰাজ্যৰ চৰকাৰে বিশ্বৰ সৰ্বপ্ৰথমখন গোলকীয় মানসিক স্বাস্থ্য শীৰ্ষ সন্মিলনৰ আয়োজক হিচাপে দায়িত্ব পালন কৰিছিল। ৯

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ বিভিন্ন বৰ্ষৰ থী'মসমূহ

বৰ্ষথীম১০১১
২০২৪কৰ্মস্থলীত মানসিক স্বাস্থ্যক প্ৰাধান্য দিয়াৰ এয়াই সময়১২
২০২৩মানসিক স্বাস্থ্য এক সাৰ্বজনীন মানৱ অধিকাৰ১৩
২০২২সকলোৰে বাবে মানসিক স্বাস্থ্য আৰু মানসিক সুস্থতাক গোলকীয় প্ৰাধান্য়তাৰ স্বীকৃতি দিয়ক১৪
২০২১এখন অসমতাৰ বিশ্বত মানসিক স্বাস্থ্য১৫
২০২০মানসিক স্বাস্থ্যৰ বাবে পদক্ষেপ: মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অধিক বিনিয়োগ১৬
২০১৯মানসিক স্বাস্থ্য্যৰ উদগনি আৰু আত্মহত্যা প্ৰতিৰোধ
২০১৮পৰিৱৰ্তিত বিশ্বত যুৱপ্ৰজন্ম আৰু মানসিক স্বাস্থ্য
২০১১৭কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য
২০১৬মনস্তাত্ত্বিক প্ৰাথমিক স্বাস্থ্য সেৱা
২০১৫মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত মৰ্য্যদা
২০১৪স্ক্ৰিজ'ফেনিয়াৰ সৈতে জীৱন
২০১৩মানসিক স্বাস্থ্য আৰু বয়সস্থ প্ৰাপ্তবয়স্কসকল
২০১২অৱসাদগ্ৰস্ততা: এক গোলকীয় সংকট
২০১১জোৰদাৰ দাবী: মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ
২০১০মানসিক স্বাস্থ্য আৰু সঞ্চিত শাৰীৰিক অসুস্থতা
২০০৯প্ৰাথমিক স্বাস্থ্যসেৱাত মানসিক স্বাস্থ্য: চিকিৎসাৰ সংবৰ্দ্ধন আৰু মানসিক স্বাস্থ্যৰ উদগনি
২০০৮মানসিক স্বাস্থ্যক গোলকীয় প্ৰাধান্য প্ৰদান: নাগৰিকৰ পৃষ্ঠপোষকতা আৰু কৰ্মসূচীৰ মাধ্যেমেৰে সেৱাৰ পৰিৱৰ্দ্ধন
২০০৭পৰিৱৰ্তিত বিশ্বত মানসিক স্বাস্থ্য: সংস্কৃতি আৰু বৈচিত্ৰ্যৰ প্ৰভাৱ
২০০৬সজাগতাৰ সৃষ্টি- বিপদশংকাৰ হ্ৰাসকৰণ: মানসিক অসুস্থতা আৰু আত্মহত্যা
২০০৫জীৱন কালত মানসিক আৰু শাৰীৰিক স্বাস্থ্য
২০০৪শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক: সহ-সাংঘটনিক বিসংগতিসমূহ
২০০৩শিশু আৰু কিশোৰৰ মাজত আৱেগজনিত আৰু আচৰণজনিত বিসংগতি
২০০২শিশু আৰু কিশোৰৰ ওপৰত হিংসা আৰু অভিঘাত (ট্ৰ'মা)ৰ প্ৰভাৱ
২০০০-০১মানসিক স্বাস্থ্য আৰু কৰ্ম
১৯৯৯মানসিক স্বাস্থ্য আৰু বয়স-বৃদ্ধি
১৯৯৮মানসিক স্বাস্থ্য আৰু মানৱ অধিকাৰ
১৯৯৭শিশু আৰু মানসিক স্বাস্থ্য
১৯৯৬নাৰী আৰু মানসিক স্বাস্থ্য
১৯৯৪সমগ্ৰ বিশ্বতে মানসিক স্বাস্থ্য সংলগ্ন সেৱাসমূহৰ গুণগত উন্নয়ন সাধন

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Jenkins, Rachel; Lynne Friedli; Andrew McCulloch. (2002). Developing a National Mental Health Policy. Psychology Press. পৃ. 65. ISBN 978-1-84169-295-1
  2. ↑ Watson, Robert W. (2006). White House Studies Compendium, Volume 5. Nova Science Publishers. পৃ. 69. ISBN 978-1-60021-542-1
  3. ↑ (2010). World Mental Health Day. Mental Health in Family Medicine. পৃ. 59–60
  4. ↑ Mngoma, Nomusa F.; Ayonrinde, Oyedeji A.; Fergus, Stevenson. (2020-04-20). Distress, desperation and despair: anxiety, depression and suicidality among rural South African youth. International Review of Psychiatry. পৃ. 1–11
  5. ↑ (10 October 2009). Let compassion substitute stigmatisation. Times of Malta
  6. ↑ Mental Health Week: 7 Ways You Can Get Involved 2 October 2015 Retrieved 15 October 2015
  7. ↑ World Mental Health Day History. World Federation for Mental Health
  8. ↑ WHO · World Mental Health Day. WHO
  9. ↑ (2018-10-10). World Mental Health Day: PM appoints suicide prevention minister. BBC News
  10. ↑ WHO | Previous World Mental Health Days
  11. ↑ World Mental Health Day History - World Federation for Mental Health. World Federation for Mental Health
  12. ↑ World Federation for Mental Health. wfmh.global
  13. ↑ World Federation for Mental Health. wfmh.global
  14. ↑ (1 October 2022). 2022 World Mental Health Global Awareness Campaign - World Mental Health Day Theme. World Health Organization
  15. ↑ আৰ্কাইভ কপি. World Federation For Mental Health
  16. ↑ Lancet, The. (2020-10-10). Mental health: time to invest in quality. The Lancet. পৃ. 1045

সম্পৰ্কিত শ্ৰেণী

স্বাস্থ্যদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মানসিক স্বাস্থ্য দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩১৭২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।