অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব দৃষ্টি দিৱস

বিশ্ব দৃষ্টি দিৱস (World Sight Day) প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে গোটেই বিশ্বজুৰি পালন কৰা হয়। গোলকীয় প্ৰেক্ষাপটত অন্ধতা, চকু আৰু দৃষ্টি সম্পৰ্কীয় ৰোগ আৰু চকুৰ যতনৰ বাবে জসচেতনতা বৃদ্ধি কৰায় এই দিৱসৰ মূল লক্ষ্য।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব দৃষ্টি দিৱস (World Sight Day) প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে গোটেই বিশ্বজুৰি পালন কৰা হয়। গোলকীয় প্ৰেক্ষাপটত অন্ধতা, চকু আৰু দৃষ্টি সম্পৰ্কীয় ৰোগ আৰু চকুৰ যতনৰ বাবে জসচেতনতা বৃদ্ধি কৰায় এই দিৱসৰ মূল লক্ষ্য। ২০০০ চনত আন্তৰ্জাতিক লায়েন্স ক্লাৱে (Lions Club International) অনুষ্ঠিত কৰা SightFirstCampaignৰ ফলশ্ৰুতিত এই দিৱস জন্ম হৈছিল।

বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত আন্তৰাষ্ট্ৰীয় অন্ধতা দূৰীকৰণ সন্থাৰ পৰিচালনাত এই দিৱস বহুল ভাৱে প্ৰচাৰিত হৈ ভিশ্যন২০২০ লৈ উন্নীত হৈছে।

প্ৰতি বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে এই দিৱস উদযাপন কৰা হয়।১

এই দিৱসৰ দিনা বিভিন্ন সভা-সমিতি, বক্তৃতা অনুষ্ঠান পাতি দৃষ্টি সম্পৰ্কীয় নানা দিহা-পৰামৰ্শ আদান প্ৰদান কৰা হয়। চকু চিকিৎসা শিবিৰ পাতি বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। নেত্ৰদানৰ বিষয়ে সাধাৰণ জনতাক আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।

বিশ্ব দৃষ্টি দিৱসৰ প্ৰতিপাদ্য(থীম)

২০০০- নাই -
২০০১- নাই -
২০০২- নাই -
২০০৩- নাই -
২০০৪- নাই -
২০০৫দৃষ্টিৰ অধিকাৰ(The Right to Sight)
২০০৬নিম্ন দৃষ্টি(Low Vision)
২০০৭শিশুৰ বাবে দৃষ্টি(Vision for Children)
২০০৮দৃষ্টি সম্পৰ্কীয় ৰোগৰ বিৰুদ্ধে বৃদ্ধ বয়সত যুজঁ দিয়া(Fighting Vision Impairment in Later Life)
২০০৯লিংগ আৰু চকুৰ স্বাস্থ্য
২০১০২০২০ লৈ ওলোটা গণনা(Countdown to 2020)
২০১১- নাই -
২০১২- নাই -
২০১৩বিশ্বজনীন চকুৰ স্বাস্থ্য(Universal Eye Health)
২০১৪অন্ধতাক আৰু অধিক অৱজ্ঞা কৰা নহব(No more Avoidable Blindness)
২০১৫সকলোৰে বাবে চকুৰ যতন(Eye care for all)
২০১৬একেলগে বেছি শক্তিমান (Stronger Together)

তথ্যসূত্ৰ

  1. ↑ www.iapb.org/advocacy/world-sight-day

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব দৃষ্টি দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২১২২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।