অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তফজ্জুল আলি

তফজ্জুল আলি (Tafazzul Ali) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে 'পুতলা ঘৰ' আৰু 'সোণৰ হৰিণ' চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলিৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।

হালনাগাদ: ৬ জুলাই ২০২৬ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

তফজ্জুল আলি (Tafazzul Ali) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে 'পুতলা ঘৰ' আৰু 'সোণৰ হৰিণ' চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলিৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।১ তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্মচ চ'ছাইটীৰ আজীৱন সভ্য আছিল। গীতিকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।১

জন্ম

১৯২৯ চনৰ ১৬ অক্টোবৰত দৰং জিলাৰ ভূটীয়াচাং চাহ বাগিচাত তফজ্জুল আলিৰ জন্ম হয়।দৰং জিলাৰ মঙলদৈ মহকুমাৰ অন্তৰ্গত নগৰবাহী গাঁৱৰ কানাই চুবাৰ বংশধৰ আছিল। তেওঁৰ পিতৃৰ নাম মহবুব আলি আৰু মাতৃৰ নাম চাদিয়া খাতুন। মঙলদৈ চহৰৰ ওচৰতে থকা নগৰবাহী গাঁৱত তেওঁ ল'ৰালি আৰু যৌৱন অতিবাহিত কৰে।২

শিক্ষা জীৱন

নগৰবাহী গাঁৱতে শিক্ষাৰম্ভ কৰা আলিয়ে টংলাৰ চাটগাড়ী মজলীয়া বিদ্যালয়ত নিয়মীয়া শিক্ষাগ্ৰহণৰ আৰম্ভণি কৰিছিল। ১৯৪৯ চনত তেওঁ মঙলদৈ ইংৰাজী বিদ্যালয়ৰপৰা দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫১ চনত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক (আই এ) পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৫৩ চনত তেওঁ কটন মহাবিদ্যালয়ৰপৰাই অসমীয়া সাহিত্যত অনাৰ্ছসহ স্নাতক উপাধি লাভ কৰে। ১৯৫৫ চনত তেওঁ একে বিষয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ উপাধি লাভ কৰে।২

সংগীত শিক্ষা

তফজ্জুল আলিৰ পিতৃ চিকিৎসক মহবুব আলিও এজন কণ্ঠশিল্পী আছিল। আলিয়ে তেওঁৰপৰাই সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল।পিছলৈ তেওঁ মকলুম ওস্তাদ বছিৰ আহমদ, গুৰু শীল, অসমৰ প্ৰথম 'সংগীত বিশাৰদ' উপাধিধাৰী বৰপেটাৰ খগেন্দ্ৰ নাথ দাস আদিৰ পৰা সংগীত শিক্ষা লাভ কৰিছিল।২। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ সময়ত সংগীত বিভাগৰ দায়িত্বত থকা সংগীত শিল্পী পুৰুষোত্তম দাস আৰু অনুষ্ঠান কাৰ্যবাহক উবেইদুল লতিফ বৰুৱাই গায়ক-গায়িকাৰ সন্ধানত অসমৰ বিভিন্ন প্ৰান্তলৈ গৈছিল। তেতিয়া মঙ্গলদৈ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তফজ্জুল আলিক এই দুই শিল্পীয়ে বিচাৰি উলিয়াইছিল আৰু অনাতাঁৰযোগে গীত পৰিৱেশনৰ সুযোগ দিছিল। ১৯৪৮ চনৰ ৭ আগষ্টত প্ৰথমবাৰলৈ অনাতাঁৰযোগে গীত পৰিবেশন কৰি আলিয়ে অনাতাঁৰ শিল্পীৰূপে নিজক প্ৰতিস্থা কৰিছিল। ১৯৫০ চনত কটন কলেজত পঢ়াৰ সময়ত বীৰেন দত্ত আৰু জ্যোতিৰ্ময় কাকতীৰ সান্নিধ্য লাভ কৰি এই তিনি সংগীত শিল্পী ‘ত্ৰিমূৰ্তি’ নামেৰে পৰিচিত হৈ পৰিল। পিছলৈ জয়ন্ত হাজৰিকাৰ লগত লগ লাগি জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু তফজ্জুল আলিৰ ৰচনাৰে ‘মধুমালতী টোপনি যোৱা..’ গীতটি ৰচনা কৰে। আলিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত সংগীত বিভাগৰ সম্পাদকৰ দায়িত্বভাৰো গ্ৰহণ কৰিছিল।৩

কৰ্মজীৱন

১৯৫৫ চনত তেওঁ ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগ দিয়ে। ১৯৭০ চনত তেওঁ গৌহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পিছলৈ মুৰব্বী অধ্যাপকৰ পদবী পাই অৱসৰ লাভ কৰে।৪

ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'সংগম' নামৰ অসমীয়া ভাষাৰ প্ৰথম মাহেকীয়া ডাইজেষ্ট আলোচনীৰো সম্পাদনা কৰিছিল।৪

গীতিকাৰজনে 'পুতলা ঘৰ', 'সোণৰ হৰিণ', 'অনল' আৰু 'মৃত্যুহীন জীৱন' কথাছবিত সংগীত পৰিচালনা কৰিছিল।৫

উল্লেখনীয় কৰ্ম

গীতৰ পুথি

  • মন্দাক্ৰান্তা
  • অনুষ্টুপ
  • সোণালী চৰাই
  • অঘৰী ককাইদেউৰ গীত
  • বহুদিন বকুলৰ গোন্ধ পোৱা নাই

নাট

  • বেদ নম্বৰ ফাইভ
  • নেপাতি কেনেকৈ থাকোঁ
  • বাসন্তীৰ বিয়া
  • কড়ি আৰু কোমল৪

ব্যক্তিগত জীৱন

১৯৬২ চনত তফজ্জুল আলি জহুৰা আলীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

মৃত্যু

২০০৮ চনৰ ৬ জুলাইত তফজ্জুল আলিৰ মৃত্যু হয়। তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই ২০০৯ চনত তেওঁক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

৫

তথ্যসূত্ৰ

  1. ↑ (6 July 2008). Poet and lyricist Tafajjul Ali passes away at Bokul Tol. Assam Times
  2. ↑ গীতিকাৰ তফজ্জুল আলিৰ সৈতে এখন্তেক। সাক্ষাৎ গ্ৰহণ: দিলীপ কুমাৰ দাস। প্ৰকাশক: শৰৎ সমগ্ৰ অসমীয়া প্ৰতিদিন (২০০৫)।
  3. ↑ হেমন্ত কুমাৰ বৰুৱা. (14 may, 2014). গীতিকাৰ তফজ্জুল আলি. Dainik Janambhumi. পৃ. 6
  4. ↑ তফজ্জুল আলি (ASSAMESE). rimitamelody.wordpress.com
  5. ↑ অঞ্জু শাণ্ডিল্য. (জুলাই ৫, ২০১৫). বকুলৰ সুবাস বিচাৰি ফুৰা মানুহজন. দেওবৰীয়া খবৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ভাষাৰ গীতিকাৰঅসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালকঅসমীয়া শিক্ষাবিদপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তফজ্জুল আলি” প্ৰবন্ধৰ সংশোধন ৬১৫৯৭৭ (৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।