শাওণ অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।১ শাওণত ৩২ দিন থাকে।২ ১শাওণ হ'ল এই মাহৰ প্ৰথম দিন। শ্ৰবণা নক্ষত্ৰৰ সূৰ্য অৱস্থানৰ বাবে এই মাহৰ নাম শ্ৰাৱণ বা শাওণ হৈছে।
অন্য পঞ্জিকাত শাওণৰ সমসাময়িক মাহ
অসমীয়া পঞ্জিকাত শাওণ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত জুলাই আৰু আগষ্ট হয়। শাওণ ১৬ বা ১৭ জুলাইত আৰম্ভ হয় আৰু আগষ্টৰ মধ্যলৈকে থাকে।৩ শাওণ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত আষাড় মাহ চলি থাকে।৪ এই মাহত শিল্পী সকলে দুৰ্গাপূজা, কালিপূজাৰ বাবে মূৰ্তি বনাবলৈ আৰম্ভ কৰে। ৫
প্ৰাকৃতিক পৰিৱৰ্তন
এই মাহ 'বৰ্ষা' ঋতুৰ সময়।৬৭ এই সময়ত অসমত ধাৰাসাৰ বৰষুণ হয়। অসমৰ বহু অঞ্চল বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। অসমৰ খেতি পথাৰত ৰোৱা কঠীয়াই পোখা মেলিবলৈ আৰম্ভ কৰে আৰু ধান গছৰ পাতৰ বৰণ গাঢ় সেউজীয়া হয়।
তথ্যসূত্ৰ
- ↑ hindupad.com/assamese-months/
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ hindupad.com/assamese-months/
- ↑ (2007-10-22). Idols have name, fame but artisans see no future. The Daily Star
- ↑ Bangabda - Banglapedia. en.banglapedia.org
- ↑ (2007-09-19). Shurolok's tribute to Abdul Ahad. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাওণ” প্ৰবন্ধৰ সংশোধন ৪৪০৭৮৬ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।