অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব মান দিৱস

বিশ্ব মান দিৱস (World Standards Day) প্ৰতি বছৰে ১৪ অক্টোবৰ তাৰিখে আন্তৰ্জাতিক ভাবে পালন কৰা হয়। পণ্য-সেৱা প্ৰভৃতিৰ মান উন্নয়নৰ লক্ষ্যত বিশ্বব্যাপী কৰ্মৰত বিভিন্ন স্বেচ্ছাসেৱী প্ৰতিষ্ঠানৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস অৱতাৰণা কৰা হৈছিল।

হালনাগাদ: ২ জুন ২০২৪ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বিশ্ব মান দিৱস (World Standards Day) প্ৰতি বছৰে ১৪ অক্টোবৰ তাৰিখে আন্তৰ্জাতিক ভাবে পালন কৰা হয়।১ পণ্য-সেৱা প্ৰভৃতিৰ মান উন্নয়নৰ লক্ষ্যত বিশ্বব্যাপী কৰ্মৰত বিভিন্ন স্বেচ্ছাসেৱী প্ৰতিষ্ঠানৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস অৱতাৰণা কৰা হৈছিল। এই দিৱস মূলতঃ পণ্য-সেৱা প্ৰভৃতিৰ মান উন্নয়ন আৰু বজায় ৰখাৰ প্ৰতি কৰ্তৃপক্ষ, উদ্যোক্তা আৰু উপভোক্তা সকলৰ সচেতন কৰাৰ উদ্দেশ্যে পালন কৰা হয়।

এই দিৱসৰ লগত জড়িত কেইটামান সংস্থা হল, আন্তৰ্জাতিক ইলেক্ট্ৰ'প্ৰযুক্তি আয়োগ (International Electrotechnical Commission),, আন্তৰ্জাতিক মাননিৰ্ণয় সংস্থা(International Organization for Standardization), আন্তৰ্জাতিক দূৰসংযোগ সংঘ(International Telecommunication Union), বৈদ্যুতিক আৰু অণুবৈদ্যুতিক অভিযন্তাৰ প্ৰতিষ্ঠান(Institute of Electrical and Electronics Engineers) আৰু ইণ্টাৰনেট অভিযান্ত্ৰিক ক্ৰিয়া দল (Internet Engineering Task Force)।

উৎপত্তি

১৯৪৬ চনৰ ১৪ অক্টোবৰ তাৰিখে লণ্ডনত বিশ্বৰ ২৫খন দেশৰ প্ৰতিনিধি সকলে বিশ্বব্যাপী পণ্য-সেৱাৰ মান বজায় ৰখাৰ উদ্দেশ্যে এটি আন্তৰ্জাতিক ভাবে স্বীকৃত মান নিৰ্ধাৰক সংস্থা স্থাপনৰ বিষয়ে ঐকমত পোষণ কৰে। এই প্ৰতিষ্ঠান তাৰ পিছৰ বছৰৰ পৰা কাৰ্যক্ষম হয়।২ এই দিনটোক স্মৰণীয় কৰি ৰাখিবলৈ এই দিৱস আন্তৰাষ্ট্ৰীয় ভাবে পালন কৰা হয়। ১৯৭০ চনৰ পৰা আন্তৰ্জাতিক মান নিৰ্ণয় সন্থায়ে এই দিৱস পালন কৰি আহিছে। প্ৰত্যেক বছৰে এই দিৱসৰ বাবে কিছুমান প্ৰতিপাদ্য বিষয় বা থীম নিৰ্ধাৰণ কৰা হয়।

তথ্য উৎস

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ World Standards Day 14 October 2009. International Organization for Standardization
  2. ↑ World Standards Day: October 14. International Organization for Standardization

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মান দিৱস” প্ৰবন্ধৰ সংশোধন ৪২২১১৩ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।