চ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'চ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'চ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (চ যোগ)
চ্ + চ = চ্চ = উচ্চ
চ্ + ছ = চ্ছ = ইচ্ছা
চ্ + ঞ = চ্ঞ = যাচ্ঞা
চ্ + য = চ্য = প্ৰাচ্য
'চ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- চৰাই
- চকু
- চীন
- চন্দ্ৰ
- চিলনী
- চৰাইদেউ জিলা
- চুলি
- চলচ্চিত্ৰ
- চুটিগল্প
- চতুৰ্থ
- চোৰ
- চন
- চূড়ান্ত
- চাহ
- চাৰি
- চুঙা
- চুটি
- চন্দন
- চিনাইচুক
- চাং
- চুক
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৬১ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।