কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।১ কাতি মাহত ৩০ দিন থাকে।২ কাতি মাহত শৰৎ ঋতু ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়। আহিন আৰু কাতি মাহৰ সংক্ৰাতিৰ দিনা অসমীয়া লোক সকলে কাতি বিহু উদযাপন কৰে।৩
অন্য পঞ্জিকাত কাতিৰ সমসাময়িক মাহ
অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত অক্টোবৰ আৰু নৱেম্বৰ হয়। কাতি অক্টোবৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু নৱেম্বৰৰ মধ্যলৈকে থাকে।২ কাতি মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত আশ্বিন মাহ চলি থাকে।১
উৎসৱ পৰ্ব, দিৱস আদি
তথ্যসূত্ৰ
- ↑ Assamese months names
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ as.vikaspedia.in/education/9859b89ae9f0-9b89829b
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাতি” প্ৰবন্ধৰ সংশোধন ৪৪০৭৭৮ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।