আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (Avul Pakir Jainulabdeen Abdul Kalam,; ஆவுல் பக்கிர் ஜைனுலாபுதீன் அப்துல் கலாம்; ১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ডি আৰ ডি অ') আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।১ কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে।২ ১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাঙ্গীৰ ভাবা আৰু বিক্ৰম সাৰাভাইয়ে কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল।৩
২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram)-ৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ'স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনূদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে।৪ জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল।৫ যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত "মই কি দিব পাৰোঁ" (What Can I Give Movement) নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল।
২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।
শৈশৱ আৰু শিক্ষা
১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হয়। তেখেতৰ পিতৃ জয়নাল আবদিন এগৰাকী নাৱৰীয়া আৰু মাতৃ অসীমা এগৰাকী গৃহিনী আছিল।৬৭৮৯ তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু সেয়ে তেখেতে কম বয়সৰ পৰাই পৰিয়াললৈ আৰ্থিক অৱদান আগবঢ়াবৰ বাবে কাম কৰা আৰম্ভ কৰে।১০
ভিন্ন ভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ডাঙৰ হ'লেও কালামে এক নিৰ্দিষ্ট ধৰ্মীয় নিয়মাৱলী পালন কৰি চলিছিল।১১ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত দেউতাকক আৰ্থিক সকাহ দিবলৈ তেওঁ বাতৰি কাকত বিক্ৰী কৰাৰ কাম লৈছিল।১০১১ বিদ্যালয়ত তেওঁ মজলীয়া গ্ৰেড পাইছিল যদিও তেওঁ শিকিবলৈ অত্যন্ত ইচ্ছুক আৰু অনেক সময় পঢ়া-শুনাত, বিশেষকৈ অংকত, ব্যস্ত থকা ছাত্ৰ আছিল বুলি জনা যায়।১১
মই সততা আৰু আত্ম-নিয়ন্ত্ৰণ উত্তৰাধিকাৰী সূত্ৰে মোৰ দেউতা, মাৰ পাইছোঁ, আৰু তেনেকৈয়ে মই আৰু মোৰ ভাই-ককাই-বা-ভনীহঁতেও উত্তৰাধিকাৰী সূত্ৰে ভালত বিশ্বাস আৰু গভীৰ মমতাৰ শিক্ষা পাইছিল। (I inherited honesty and self-discipline from my father; from my mother, I inherited faith in goodness and deep kindness as did my three brothers and sisters.)
— -কালামৰ আত্মজীৱনীৰ পৰা৮
ৰামেশ্বৰম বুনিয়াদী স্কুলত স্কুলীয়া শিক্ষা শেষ কৰাৰ পাছত কালামে ১৯৫৪ চনত তিৰুচিৰাপল্লীৰ চেইণ্ট জোচেফ'চ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক উপাধি অৰ্জন কৰে।১২ পাঠ্যক্ৰমৰ শেষৰ ফালে তেওঁ বিষয়টোত আগ্ৰহ হেৰুৱায় আৰু পাছত এই বিষয় পঢ়াৰ বাবে অনুতাপো কৰে। পাছত তেওঁ চেন্নাইলৈ গৈ মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ডক্টৰেট নকৰিলেও পৰৱৰ্তীকালত তেখেতে কেইবাটাও সন্মানসূচক ডক্টৰেট লাভ কৰে।
শ্ৰুতিকথা (Anecdote) কালামে এবাৰ এটা ছিনিয়'ৰ ক্লাচ প্ৰজেক্টত কাম কৰি আছিল। কিন্তু ডীন তেওঁৰ কামৰ অগ্ৰগতি লেহেমীয়া হোৱা দেখি অসন্তুষ্ট হৈ আৰু দুদিনৰ ভিতৰতে কাম সম্পূৰ্ণ কৰিবলৈ আদেশ দিলে আৰু নহ'লে তেওঁৰ জলপানি বন্ধ কৰি দিব বুলি ভাবুলি দিলে। কালামে অমানুষিক পৰিশ্ৰমেৰে সময়মতে প্ৰজেক্ট শেষ কৰিলে। সন্তুষ্ট ডীনে কালামক কৈছিল, "মই তোমাক ইমান কঠিন সময়সীমা দি মানসিক কষ্ট দিলোঁ"।৯১৩
বৈজ্ঞানিক জীৱন
এয়া আছিল মোৰ প্ৰথম অৱস্থা, য'ত মই তিনিজন মহান শিক্ষকৰ পৰা নেতৃত্ব গুণ শিকিছিলো: ড॰ বিক্ৰম সাৰাভাই, অধ্যাপক সতীশ ধৱন আৰু ড॰ ব্ৰহ্ম প্ৰকাশ। এই সময়খিনি মোৰ বাবে শিকা আৰু জ্ঞান অৰ্জন কৰাৰ সময় আছিল।
— এ পি জে আব্দুল কালাম১৪
১৯৬০ চনত মাদ্ৰাজ ইন্সটিটিউট অৱ টেকন'ল'জীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত কালামে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডি আৰ ডি অ') এৰ'নৌটিকেল ডেভেল'পমেণ্ট এষ্টাব্লিশ্বমেণ্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে। কালামে ভাৰতীয় সেনাবাহিনীৰ বাবে এখন সৰু হেলিকপ্টাৰ ডিজাইনেৰে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে যদিও ডিআৰডিঅ'ত নিজৰ চাকৰিৰ পছন্দ সম্পৰ্কে তেওঁ "সুখী নাছিল"।১৫
কালাম ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা কমিটি (Indian National Committee for Space Research)-ৰ সদস্য আছিল। ইয়াত তেওঁ বিখ্যাত ভাৰতীয় বৈজ্ঞানিক বিক্ৰম সাৰাভাইৰ তত্ত্বাবধানত কাম কৰিছিল।৯
১৯৬৯ চনত কালামৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)-লৈ বদলি হয় আৰু তেখেতে তাত ভাৰতৰ প্ৰথম থলুৱা প্ৰযুক্তিৰে নিৰ্মিত হ'বলগীয়া উপগ্ৰহ উৎক্ষেপণ যান (এছ এল ভি-৩) প্ৰকল্পৰ প্ৰকল্প নিৰ্দেশকৰ দ্বায়িত্বভাৰ লাভ কৰে। উল্লেখযোগ্য যে এই এছ এল ভি-৩ য়ে ১৯৮০ চনৰ জুলাই মাহত ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ৰোহিণীক সফলতাৰে পৃথিৱীসমীপ কক্ষপথত প্ৰক্ষেপ কৰাত সফল হয়। ইছৰোত যোগদান কৰাটো কালামৰ জীৱনৰ সকলোতকৈ ডাঙৰ সফলতা বুলি ধৰিব পাৰি, তেখেতৰ নিজৰ ভাষ্যমতেই এছএলভি-৩ প্ৰকল্পত কাম কৰিবলৈ আৰম্ভ কৰাৰ পাছতহে নিজকে সঠিককৈ বিচাৰি পাইছিল। ১৯৬৫ চনত কালামে ডিআৰডিঅ'ত প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে এক "বিস্তাৰসক্ষম ৰকেট প্ৰকল্প" (expandable rocket project)-ৰ কাম আৰম্ভ কৰে।১ ১৯৬৯ চনত কালামে আৰু বেছি অভিযন্তাৰ অংশগ্ৰহণেৰে উক্ত প্ৰকল্প বহলাই নিবলৈ ভাৰত চৰকাৰৰ সেউজ সংকেত লাভ কৰে।১৪
ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিছে]]
১৯৬৩-৬৪ চনত কালামে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া প্ৰদেশৰ হেম্পটনত থকা নাছাৰ লেংলে গৱেষণা কেন্দ্ৰ, মেৰিলেণ্ডৰ গ্ৰীণবেল্টত থকা (গদাৰ্দ স্পেচ ফ্লাইট কেন্দ্ৰ) আৰু ভাৰ্জিনিয়াৰে পূব উপকু্লস্থিত ৱাল’প ফ্লাইট ফেচিলিটী পৰিদৰ্শন কৰে।৭১৬ ১৯৭০ ৰ পৰা ১৯৯০ চনৰ এই কালছোৱাত কালামে ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান (পিএছএলভি) আৰু এছএলভি-৩, এই দুয়োটা প্ৰকল্পতে মনোনিবেশ কৰে, আৰু এই দুয়োটাই অৱশেষত সফলতাৰ মুখ দেখা পায়।
ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষণ "স্মাইলিং বুদ্ধ"ৰ সময়ত TBRL-ৰ প্ৰতিনিধি হিচাপে প্ৰত্যক্ষদৰ্শী হবলৈ কালামে ৰাজা ৰমান্নাৰ পৰা নিমন্ত্ৰণ লাভ কৰে, যদিও তেখেতে ইয়াৰ বিকাশ, ক্ষেত্ৰ প্ৰস্তুতি বা অস্ত্ৰ পৰিকল্পনাত অংশগ্ৰহণ কৰা নাছিল। ১৯৭০ চনত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কৃত্ৰিম উপগ্ৰহ ৰোহিণী-১ক এছ এল ভি ৰকেটৰ সহায়ত কক্ষপথত স্থাপন কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰে।১৭ ১৯৭০ চনতেই কালামক প্ৰজেক্ট ডেভিল আৰু প্ৰজেক্ট ভেলিয়েণ্ট নামৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পক দ্বায়িত্ব অৰ্পণ কৰা হয়, যাৰ লক্ষ্য আছিল এছ এল ভি ৰকেটৰ সফল প্ৰযুক্তি ব্যৱহাৰ কৰি বেলিষ্টিক ক্ষেপনাস্ত্ৰ তৈয়াৰ কৰা।১৭ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন নোহোৱা স্বত্বেও তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি কালামৰ তত্ত্বাৱধানত চলি থকা এই পৰীক্ষণসমূহৰ বাবে গোপনে পূঁজিৰ যোগান ধৰে।১৭ এই গোপনীয় মহাকাশ পৰীক্ষণসমূহৰ আচল উদ্দেশ্য লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাক সন্মত কৰোৱাতো কালামৰ উল্লেখযোগ্য ভূমিকা আছিল।১৭
কালামৰ গৱেষণা আৰু শৈক্ষিক নেতৃত্ব সেই সময়ত তেখেতক অতি জনপ্ৰিয় আৰু সন্মানীয় আসনত প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ বাবেই ১৯৮০ চনত চৰকাৰে তেখেতৰ নিৰ্দেশনাত এক উচ্চাকাংক্ষী ক্ষেপনাস্ত্ৰ কাৰ্যসূচী হাতত লৈছিল।১৭ কালাম আৰু ধাতুবিদ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিজ্ঞান উপদেষ্টা ড॰ ৱি এচ অৰুণাচলমে, তদানীন্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰ ভেংকটৰমণৰ উপদেশমৰ্মে, একেলগে কেইবাবিধৰো ক্ষেপনাস্ত্ৰ বিকাশ কৰাৰ আঁচনি তৈয়াৰ কৰে।১৮ প্ৰতিৰক্ষা মন্ত্ৰী ভেংকটৰমণে কালামক এই "সংহত দিকনিৰ্দেশিত ক্ষেপনাস্ত্ৰ বিকাশ পৰিযোজনা" (IGMDP) আৰু ব্যক্তিগত প্ৰচেষ্টাৰে এই পৰিযোজনাৰ বাবে ৩৮৮ কোটি টকা মন্ত্ৰীসভাৰ পৰা অনুমোদন কৰাইছিল।১৮ ভাৰতৰ মধ্যম দূৰত্বৱৰ্তী বেলিষ্টিক ক্ষেপনাস্ত্ৰ অগ্নি (Agni) আৰু টেক্টিকেল চাৰফেচ টু চাৰফেচ ক্ষেপনাস্ত্ৰ পৃথিৱীৰ (Prithvi) বিকাশত কালামৰ অবদান সকলোতকৈ অধিক, যদিও এই প্ৰকল্প দুটা অধিক সময় আৰু পূঁজি ব্যয় কৰাৰ লগতে প্ৰশাসনীয় খেলিমেলিৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল।১৮১৯ ১৯৯২ চন জুলাই মাহৰ পৰা ১৯৯৯ চনৰ ডিচেম্বৰলৈকে কালামে প্ৰধানমন্ত্ৰীৰ মুখ্য বিজ্ঞান উপদেষ্টা আৰু ডি আৰ ডি অ'ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়ছোৱাতে পোখৰান-২ (Pokhran-II) নিউক্লীয় পৰীক্ষা লানি সম্পন্ন হয় আৰু এই ক্ষেত্ৰত তেখেতৰ কাৰিকৰী আৰু ৰাজনৈতিক অবদান অত্যন্ত মহত্ত্বপূৰ্ণ। এই পৰীক্ষণত কালামে আৰ. চিদাম্বৰমৰ সৈতে মুখ্য প্ৰকল্প সমন্বয়ৰক্ষী (Chief Project Co-ordinator)-ৰ দ্বায়িত্ব পালন কৰে।৭২০ সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ হোৱা আলোকচিত্ৰ আৰু খবৰ বিলাকে কালামক দেশৰ সৰ্বশ্ৰেষ্ঠ আনৱিক বিজ্ঞানীৰ ৰূপত প্ৰতিষ্ঠা কৰে।২১
১৯৯৮ চনত হৃদৰোগ বিশেষজ্ঞ ড॰ সোমা ৰাজুৰ সৈতে লগ লাগি কালামে এক কম খৰচী "কৰনেৰী ষ্টেণ্ট" নিৰ্মাণ কৰি উলিয়ায়। বিজ্ঞানী দুজনৰ সন্মানত এই ষ্টেণ্টটোক "কালাম-ৰাজু ষ্টেণ্ট" নামেৰে নামকৰণ কৰা হয়।২২২৩ ২০১২ চন দুয়োজনা বিজ্ঞানীয়ে গ্ৰাম্যাঞ্চলত স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰাত সুবিধা হোৱাকৈ "কালাম-ৰাজু টেবলেট" নামেৰে এটা শক্তিশালী টেবলেট কম্পিউটাৰ সাজি উলিয়ায়।২৪
ৰাষ্ট্ৰপতিত্ব
আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ আগৰজন ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন। ২০০২ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্ব্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰিতে ৯,২২,৮৮৪টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়।
২০০২ চনত ১০ জুনত সেই সময়ত ক্ষমতাত থকা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই বিপক্ষ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ছোনিয়া গান্ধীক জানিবলৈ দিয়ে যে তেওঁলোকে কালামক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিব পাৰে।২৫ সমাজবাদী দল আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলেও ইয়াক সমৰ্থন কৰে আৰু লগতে তেতিয়াৰ ৰাষ্ট্ৰপতি নাৰায়ণনেও দ্বিতীয়বাৰ ৰাষ্ট্ৰপতিত্বৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ পৰা বিৰত থাকে। তথাক্ৰমে কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়।২৬
মই সঁচাকৈয়ে অভিভূত হৈছোঁ। ইণ্টাৰনেটত আৰু অন্যান্য মাধ্যমবিলাকে মোৰ পৰা কোনো এটা বাণী বিচাৰিছে। মই ভাবি আছোঁ এই সন্ধিক্ষণত মই মোৰ দেশৰ জনতাক কি কওঁ।
— প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ দ্বাৰা প্ৰাৰ্থীত্ব ঘোষণাৰ পাছত কালাম।২৭
১৮ জুন তাৰিখে বাজপায়ী আৰু তেওঁৰ কেবিনেটৰ সতীৰ্থসকলৰ লগত গৈ কালামে ভাৰতীয় সংসদত মনোনয়ন পত্ৰ দাখিল কৰে।২৮ ২০০২ চনৰ ১৫ জুলাইত দেশৰ সংসদ আৰু ৰাজ্য বিধানসভা সমূহত ভোটগ্ৰহণ আৰম্ভ হয় আৰু ১৮ জুলাই তাৰিখে গণনা আৰম্ভ হয়।২৯ সংবাদ মাধ্যমসমূহ ইতিমধ্যেই এই প্ৰতিদ্বন্দ্ব্বিতা একতৰফীয়া হ'ব বুলি ধৰি লৈছিল আৰু প্ৰকৃততেও কালামে তেওঁৰ প্ৰতিদ্বন্দ্ব্বী লক্ষ্মী চেহগলক ১,০৭,৩৬৬ ভোটৰ বিপৰীতে ৯,২২,৮৮৪টা ভোটত হৰুৱাই ভাৰতৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচিত হয়। ২৫ জুলাইত শপত গ্ৰহণ কৰাৰ পাছত কালামে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে।৩০
সৈতে এখন চিত্ৰ]]
ৰাষ্ট্ৰপতিৰ কাৰ্য্যকালত কালামক আদৰতে "জনগণৰ ৰাষ্ট্ৰপতি" (people's president) বুলি কোৱা হৈছিল।৩১৩২৩৩ কালাম ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত তৃতীয়জন ৰাষ্ট্ৰপতি। আগৰ দুজন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৯৫৪) আৰু জাকিৰ হুছেইন (১৯৬৩)।৩৪ কালাম প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি, যি চিৰকুমাৰ আৰু পেছাত এজন বিজ্ঞানী।৩৫ কালামৰ মতে অফিচ অৱ প্ৰফিট বিধেয়কখন চহী কৰাটোৱেই তেখেতৰ কৰ্মকালত ল'বলগীয়া হোৱা সকলোতকৈ কঠিন নিৰ্ণয় আছিল।৩৬
২০ জুন ২০০৭ চনত হ'বলগা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে কালামে জয়ৰ নিশ্চয়তা থাকিলে দ্বিতীয়বাৰৰ প্ৰাৰ্থীত্বৰ বাবে বিবেচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে।৩৭ কিন্তু দুদিন পাচতে তেওঁ কয় যে তেওঁ ৰাষ্ট্ৰপতি ভৱনক ৰাজনীতিত জড়িত কৰিব নোখোজে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ থিৰাং কৰে।৩৮ তেওঁ পুনৰ্নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় ভোট পাবৰ কাৰণে প্ৰয়োজনীয় বামপন্থী দলসমূহ, শিৱসেনা আৰু সংযুক্ত প্ৰগতিকামী মৰ্চাৰ সমৰ্থন নাছিল।৩৯৪০
২০১২ চনৰ ২৮ জুলাইত দ্বাদশ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলৰ কাৰ্য্যকালৰ সমাপ্তি আগবাঢ়ি অহাৰ লগে লগে প্ৰচাৰ মাধ্যমৰ খবৰে কালাম দ্বিতীয়বাৰৰ প্ৰাৰ্থীত্বৰ বাবে মনোনীত হ'ব পাৰে বুলি প্ৰচাৰ কৰে।৪১৪২৪৩ খবৰটো বিয়পি পৰাৰ লগে লগে ছচিয়েল নেটৱৰ্কিং ৱেবছাইটবিলাক (যেনে: ফেইচবুক, টুইটাৰ আদি) কালামৰ সমৰ্থনেৰে ভৰি পৰে।৪৪৪৫ ভাৰতীয় জনতা পাৰ্টিয়ে কয় যে যদিহে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে সমৰ্থন কৰে তেন্তে তেওঁলোকেও কালামলৈ সমৰ্থন আগবঢ়াব।৪৬৪৭ নিৰ্বাচনৰ এমাহৰ আগতে মুলায়ম সিং যাদৱ (সমাজবাদী পাৰ্টি) আৰু মমতা বন্দ্যোপাধ্যায়ে (সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ) তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে।৪৮ কেইদিনমানৰ পাছতে মুলায়মে তেওঁ সমৰ্থন উঠায় লয়।৪৮
২০১২ চনৰ ৮ জুন তাৰিখে কালামে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰে।৪৯
অনেক নাগৰিকে এই একে ইচ্ছাই প্ৰকাশ কৰিছে। ই তেওঁলোকৰ মোৰ প্ৰতি থকা মৰম আৰু তেওঁলোকৰ আকাংক্ষ্যা প্ৰতিফলিত কৰিছে। এই সমৰ্থনত মই অভিভূত। মই তেওঁলোকৰ এই সমৰ্থনক সন্মান কৰোঁ। মোৰ ওপৰত ৰখা আস্থাৰ বাবে মই তেওঁলোকক ধন্যবাদ দিছোঁ।
— ২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰি দিয়া কালামৰ বাৰ্তা।৪৯
মৃত্যু
২০১৫ চনৰ ২৭ জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম)-ত Livable Planet earth বিষয়ত বক্তৃতা প্ৰদান কৰি থাকোঁতে সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসুস্থ হৈ পৰা কালামক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈ তেওঁক আই-চি-ইউত ভৰ্ত্তি কৰোৱা হ'ল। সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সন্ধিয়া ৭:৪৫ বজাত বেথানী চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে।৫০৫১৫২
সমালোচনা আৰু বিবাদসমূহ
নিউক্লীয় বিজ্ঞানী হিচাপে কালামৰ লগত সাঙোৰ খোৱা বিতৰ্কটো হ’ল, "পোখৰাণ-২" পৰীক্ষণৰ ফলাফল সমূহৰ বিশ্বাসযোগ্য আৰু তথ্য ভিত্তিক প্ৰতিবেদনৰ অভাৱ।৫৩ ক্ষেত্ৰ পৰীক্ষণৰ নিৰ্দেশক কে সনাথনমে ৰাজহুৱা ভাবে স্বীকাৰ কৰিছিল যে সেই তাপ-নিউক্লীয় বোমাৰ (thermonuclear bomb) পৰীক্ষণ প্ৰকৃততে বিফল হৈছিল, আৰু ভুল প্ৰতিবেদন দাখিল কৰাৰ বাবে কালামক সমালোচনা কৰিছিল।৫৩ সি যি কি নহওক, কালামে এই সকলোবোৰ নুই কৰে আৰু এই পৰীক্ষণৰ লগত ওতপ্ৰোত ভাৱে জড়িত আৰ চিদাম্বৰমেও সনাথনমৰ দাবী ভুল বুলি সদৰি কৰে।৫৪
ব্যক্তিগত আক্ৰমণ
কালামক ২১ খনৰ ভিতৰত ২০ খনৰ দয়াৰ আবেদন (mercy petition) বিবেচনা নকৰাকৈ পেলাই থোৱা বাবে সমালোচনা কৰা হয়।৫৫ ভাৰতৰ সংবিধানৰ দফা ৭২ মতে সৰ্বোচ্চ আদালতত দোষী সাব্যস্ত হোৱা অপৰাধীক ৰাষ্ট্ৰপতিয়ে ক্ষমাদান, মৃত্যুদণ্ড স্থগিত বা বাতিলকৰণ বা আন দণ্ডলৈ সলনি কৰিব পাৰে।৫৫৫৬ কালামে বিবেচনা কৰা একমাত্ৰ আবেদনখন আছিল ধৰ্ষণকাৰী ধনঞ্জয় চেটাৰ্জিৰ দয়া আবেদন নাকচ কৰা, যাক পাচত ফাঁচি দিয়া হয়।৫৫ বাকী ২০ খনৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ আবেদন আছিল কাশ্মিৰী সন্ত্ৰাসবাদী আফজল গুৰুৰ, যাক ২০০১ চনৰ ভাৰতীয় সংসদ ভৱনৰ আক্ৰমণৰ ষড়যন্ত্ৰৰ অভিযোগত ভাৰতৰ উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ড বিহিছিল।৫৬ ইয়াৰ ফলত ২০ অক্টোবৰ ২০০৬ ত ফাঁচি হবলগীয়া অপৰাধীজন, "মৃত্যুদণ্ডৰ অভিযুক্ত" (convict in a death row) হিচাবেই অপেক্ষা কৰিব লগা হয়।৫৬
ভাৰতীয় নিউক্লীয় কাৰ্যসুচীত (Indian nuclear programme) নেতৃত্ব প্ৰদান কৰা স্বত্বেও কালামে বিভিন্ন স্তৰৰ পৰা বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈছিল। সমালোচক সকলে দাবী কৰে যে নিউক্লীয় বিজ্ঞানৰ ওপৰত কালামৰ কোনো কৃতিত্ব নাই (No Authority)।৫৭ হোমি চেথনা নামৰ নিউক্লীয় বিজ্ঞানী আৰু ৰাসায়নিক অভিযন্তা এজনে দাবী কৰিছিল যে কালামে নিউক্লীয় বিজ্ঞান, আনকি নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ ওপৰতো কোনো প্ৰবন্ধ প্ৰকাশ কৰি পোৱা নাই। চেথনাই আৰু কৈছিল যে কালামে এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত হে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল, যি নিউক্লীয় ইঞ্জিনিয়াৰিঙৰ পৰা সম্পূৰ্ণ পৃথক আৰু বিভিন্ন বিশ্ববিদ্যালয় সমূহে তেখেতক প্ৰদান কৰা সন্মানসমূহৰ নিউক্লীয় পদাৰ্থ বিদ্যাৰ লগত কোনো সম্পৰ্ক নাই। ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ যোগে দিয়া তেখেতৰ সাক্ষাৎকাৰত চেথনাই কয় যে ১৯৫০ চনত কালামে মহাবিদ্যালয়ৰ উচ্চ পদাৰ্থ বিজ্ঞানৰ বিষয় বিলাকত উত্তীৰ্ণ হ'ব পৰা নাছিল। চেথনাই "তেওঁ (কালামে) (নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ বিষয়ে) কি জানে" বুলিও প্ৰশ্ন কৰে। হোমি চেথনাই কালামে ৰাষ্ট্ৰপতি পদৰ অপপ্ৰয়োগ কৰি নিজকে সৰ্বভাৰতীয় পৰ্যায়ৰ নিউক্লীয় বিজ্ঞানী সজাইছে বুলিও অভিযোগ আনে।৫৮ চেথনাই লগতে এয়াও কয় যে, কালামে উপগ্ৰহ উৎক্ষেপণ যান প্ৰকল্পত ১৯৭০ চনৰ পৰা এৰ’স্পেচ অভিযন্তা হিচাপে আৰু ১৯৮০ চনৰ পৰা প্ৰকল্প নিৰ্দেশক হিচাপেহে কাম কৰিছিল আৰু তাৰ পাছত কালামক ডি আৰ ডি অ'লৈ বদলি কৰা হয়। বেংগালুৰুৰ সন্মানীয় ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে প্ৰয়োজনীয় বৈজ্ঞানিক দক্ষতাৰ প্ৰমাণ নথকাৰ বাবে কালামৰ আবেদন খাৰিজ কৰিছিল।৫৮
আন কিছু সমালোচকৰ মতে কালামে কেতিয়াও কোনো ভাৰতীয় নিউক্লীয় শক্তি কেন্দ্ৰত কাম কৰি পোৱা নাই আৰু নিউক্লীয় অস্ত্ৰসমূহ তৈয়াৰ কৰাতো তেওঁৰ কোনো অবদান নাই। এই কামবোৰ ৰাজা ৰামান্নাৰ অধীনতহে সম্পূৰ্ণ হৈছিল।৫৯
২০০৮ চনত ভাৰতীয় সংবাদ মাধ্যমে এই গোপনীয় ক্ষেপনাস্ত্ৰ কাৰ্যসূচীত (Classified missile programme) কালামৰ ব্যক্তিগত অৱদানৰ দাবী সম্পৰ্কে প্ৰশ্ন উঠাইছিল।৫৮ কালামক অগ্নি (Agni), পৃথিৱী (Prithvi) আৰু আকাশ (Aakash) ক্ষেপনাস্ত্ৰ প্ৰণালীৰ উদ্ভাৱনাৰ শ্ৰেয় দিয়া হয়।৫৮ এই সকলোবোৰ গৱেষণা, বিকাশ আৰু ৰূপাংকন আন আন লোকে কৰিছিল, যি সময়ত কালাম পূঁজি সংগ্ৰহ তথা আন সমলসমূহ সংগ্ৰহ কৰাত ব্যস্ত আছিল।৫৮। ডি আৰ ডি অ'ৰ নিৰ্দেশক হিচাপে কালামক বহু কৃতিত্ব দিয়া হয়। কিন্তু "এডভান্স চিষ্টেম লেবৰেটৰী"-ৰ প্ৰাক্তন নিৰ্দেশক আৰু অগ্নি ক্ষেপনাস্ত্ৰ প্ৰকল্পৰ প্ৰাক্তন নিৰ্দেশক ড॰ ৰাম নাৰায়ণ আগৰৱালহে অগ্নিৰ সফল ৰূপাংকনৰ মূল হোতা বুলি ভৱাৰ থল আছে।৫৮৬০ নিজৰ আত্মজীৱনী অগ্নিৰ ডেউকাত কালামে অগ্নিৰ সফলতাৰ কৃতিত্ব MIT-ত শিক্ষালাভ কৰা ড॰ আগৰৱাললৈ সমৰ্পিত কৰিছে। পৃথিৱী ক্ষেপনাস্ত্ৰৰ সফলতাৰ বাবে কৰ্ণেল ভি জে সুন্দৰম আৰু ত্ৰিশূল শ্ৰেণীৰ ক্ষেপনাস্ত্ৰৰ ক্ষেত্ৰত কমাণ্ডাৰ এচ আৰ মোহনৰ মূল কৃতিত্ব আছে বুলি কালামে উল্লেখ কৰিছে।৬১ ২০০৬ চনত জ্যেষ্ঠ সংবাদদাতা প্ৰফুল বিডৱায়ে "দি ডেইলি ষ্টাৰ" বাতৰি কাকতত লিখিছিল যে, ইন্দিৰা গান্ধীৰ ইচ্ছানুসৰী কালামৰ নিৰ্দেশনাত চলা প্ৰজেক্ট ভেলিয়েণ্ট আৰু প্ৰজেক্ট ডেভিল দুয়োটা কাৰ্যসূচীয়েই সম্পূৰ্ণ বিফল হৈছে। ১৯৮০ চনত ভাৰতীয় সেনা বাহিনীৰ হেঁচাত ভাৰত চৰকাৰে দুয়োটা প্ৰকল্পই বাতিল কৰিবলৈ বাধ্য হয়।৬২
বহুতো অসামৰিক সংগঠনে কুন্দনকুলম নিউক্লীয় শক্তি কেন্দ্ৰ (Kudankulam Nuclear Power Plant) সম্পৰ্কে কালামৰ স্থিতিকো সমালোচনা কৰে। তেখেতে এই কেন্দ্ৰ স্থাপন কৰাৰ পোষকতা কৰিছিল আৰু সেই বিষয়ে স্থানীয় লোকসকলৰ লগত কেতিয়াও আলোচনা কৰিব নিবিছাৰিছিল।৬৩ এবাৰ কালামে এই প্ৰকল্পৰ ক্ষেত্ৰ পৰিদৰ্শন কৰোঁতে স্থানীয় ৰাইজৰ পৰা ভীষণ প্ৰতিবাদৰ সন্মুখীন হৈছিল। প্ৰতিবাদী সকলে কালামে নিশ্চিত কৰা এই কেন্দ্ৰৰ সুৰক্ষা উপকৰণ সমূহৰ বিশ্বাসযোগ্যতা নাই বুলি মতপোষণ কৰিছিল।৬৪
আমেৰিকান নিৰাপত্তা কৰ্তৃপক্ষৰ দ্বাৰা তালাচী ২০১১ চনৰ ২৯ চেপ্টেম্বৰত বিমানত উঠিবলৈ লওতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ জন এফ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালাম তালাচীৰ সন্মুখীন হৈছিল। আমেৰিকান নিয়ম অনুসৰি যিসকল লোকৰ তালাচীৰ পৰা অব্যাহতি দিয়া হয়, সেইসকল লোকৰ তালিকাত কালামৰ নাম নথকাৰ বাবে তেখেতৰ ব্যক্তিগত তালাচী লোৱা হৈছিল। এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিবলৈ যাওঁতেও আমেৰিকান কৰ্তৃপক্ষই তেখেতৰ তালাচী লয় আৰু তেখেতৰ জেকেট আৰু জোতা খুলিবলৈ বাধ্য কৰে, কিয়নো তেওঁলোকৰ নিয়ম মতে ব্যক্তিগত তালাচী লওতে এইকেইটা বস্তু পিন্ধি থাকিব নোৱাৰি। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ কৰ্মচাৰী সকলে কালাম ভাৰতৰ ৰাষ্ট্ৰপতি বুলি নিশ্চিত কৰাৰ পাছতো আমেৰিকান কৰ্তৃপক্ষই তেখেতক এই তালাচীৰ পৰা ৰেহাই দিবলৈ মান্তি নহয়।৬৫৬৬ ২০১১ চনৰ ১৩ নৱেম্বৰলৈকে এই ঘটনাটো কাকো জনোৱা হোৱা নাছিল,৬৭ কিন্তু এয়াক গম পোৱাৰ লগে লগে দেশজুৰি ইয়াৰ তুমুল প্ৰতিবাদ হয় আৰু ভাৰত চৰকাৰেও প্ৰতিক্ৰিয়ামূলক পদক্ষেপ লোৱাৰ ভাবুকি দিয়ে।৬৮ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়েও আধিকাৰিক ভাবে এই ঘটনাৰ প্ৰতিবাদ জনায়। পিছত প্ৰকাশ কৰা এক বিজ্ঞপ্তিত মন্ত্ৰালয়ে জনাই যে আমেৰিকান চৰকাৰে এই ব্যৱহাৰৰ বাবে লিখিত ভাবে ক্ষমা প্ৰাৰ্থনা কৰে।৬৬
ভাৰতীয় "ব্যুৰো' অফ চিভিল এভিয়েচন চিকিঅ'ৰিটি"-ৰ তালাচীৰ পৰা ৰেহাই পাব লগা ব্যক্তি সকলৰ তালিকাত তেখেতৰ নাম থকা স্বত্বেও ২০০৯ চনৰ জুলাই মাহত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কণ্টিনেণ্টেল এয়াৰলাইনচৰ কৰ্মচাৰী সকলে সাধাৰণ যাত্ৰীৰ দৰে কালামৰ তালাচী লোৱাৰ ঘটনা ঘটিছিল।৬৯
ভাৰতৰ ভৱিষ্যত: ২০২০

তেখেত ৰচিত গ্ৰন্থ ভাৰতবৰ্ষ ২০২০: নতুন সহস্ৰাব্দৰ ৰূপৰেখা (India 2020: A Vision for the New Millennium)-ত কালামে ২০২০ চনৰ ভিতৰত ভাৰতক এক প্ৰজ্ঞা মহাশক্তি (Knowledge Superpower) আৰু উন্নতিশীলৰ পৰা উন্নত দেশলৈ পৰিবৰ্তিত কৰিবৰ বাবে এক কৰ্মসূচী তৈয়াৰ কৰাৰ দৃঢ়মত পোষণ কৰে। নিউক্লীয় অস্ত্ৰৰ ওপৰত কৰা তেখেতৰ গৱেষণাক তেখেতে ভাৰতক ভৱিষ্যতৰ মহাশক্তি ৰূপে গঢ়ি তোলাৰ এক পদক্ষেপ বুলি গণ্য কৰে।
কালামে বিজ্ঞান আৰু প্ৰযুক্তি বিকাশৰ আন আন ক্ষেত্ৰ সমূহতো সক্ৰিয় সহযোগ আৰু আগ্ৰহ অব্যাহত ৰাখিছিল। তেখেতে "জৈৱ-প্ৰত্যাৰোপক" (Bio-Implants)-ৰ বিকাশৰ বাবে এক গৱষণা কাৰ্যসূচীৰ প্ৰস্তাৱ ৰাখিছিল। তেখেত মালিকীস্বত্বাধীন চফ্টৱেৰতকৈ "অপেন চ'ৰ্চ" (Open Source) চফ্টৱেৰৰ ব্যৱহাৰৰ এজন সমৰ্থক আছিল। তেখেতে বিশ্বাস কৰিছিল যে বৃহৎ পৰিসৰত ব্যৱহাৰ হ'লেহে তথ্য প্ৰযুক্তিৰ সুবিধাসমূহ সৰ্বসাধাৰণে উপভোগ কৰিব পাৰিব।৭০
১৯৯৯ চনত ভাৰত চৰকাৰৰ বিজ্ঞান উপদেষ্টাৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত কালামে প্ৰত্যেক বছৰতে ১,০০,০০০ ছাত্ৰ-ছাত্ৰীৰ লগত কথা বতৰা হোৱা লক্ষ্য বান্ধি লৈছিল।১১ তেখেতৰ নিজৰ ভাষাৰেই:
মই নতুন প্ৰজন্মৰ লগত থাকি বেছি ভাল পাও, বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত। এতিয়াৰ পৰা মই তেওঁলোকৰ লগত মোৰ অভিজ্ঞতা বিনিময় কৰিম, তেওঁলোকৰ কল্পনা শক্তিক জাগ্ৰত কৰিবৰ চেষ্টা কৰিম, আৰু তেওঁলোকক এখন উন্নত ভাৰতবৰ্ষৰ বাবে কাম কৰিবলৈ সাজু কৰি তুলিম, যাৰ বাবে পথচিত্ৰ ইতিমধ্যে তৈয়াৰ কৰা হৈছে।
— এ পি জে আব্দুল কালাম১১
ৰাষ্ট্ৰপতি হৈ থাকোঁতে বা তাৰ পৰবৰ্তী সময়তো তেখেতে ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল।৭১৭২৭৩৭৪৭৫ তেখেত ৰচনা কৰা গ্ৰন্থ সমূহৰ অনূদিত ৰূপ দক্ষিণ কোৰিয়াত অতীৱ জনপ্ৰিয়।৭৬
জনপ্ৰিয় সংস্কৃতি
২০১১ চনৰ মে' মাহত কালামে দেশৰ যুৱ প্ৰজন্মৰ বাবে "মই কি দিব পাৰোঁ আন্দোলন" (What Can I Give Movement) নামেৰে এক মিশ্যন আৰম্ভ কৰে, যাৰ মূল উদ্দেশ্য হৈছে দুৰ্নীতি নিৰ্মূলকৰণ।৭৭৭৮ ইয়াৰ উপৰিও কালামে তামিল ভাষাত কবিতা লিখিছিল আৰু বীণা বজাই ভাল পাইছিল।৭৯
২০০৩৮০৮১আৰু ২০০৬৮২ চনত তেখেতক এম টি ভি-য়ে "বছৰতোৰ যুৱ আদৰ্শ" (MTV Youth Icon of the Year) খিতাপ প্ৰদান কৰে।
২০১১ চনৰ আই এম কালাম নামৰ এখন হিন্দী চলচ্চিত্ৰত কালামক ছটু নামৰ এক দুখীয়া অথচ তীক্ষ্ণধী ৰাজস্থানী ল'ৰাৰ ওপৰত এক অসাধাৰণ যোগাত্মক প্ৰভাৱ হিচাপে দেখুওৱা হৈছে। চলচ্চিত্ৰ খনত ছটুৱে এই মহান ব্যক্তিজনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ নামটোকে সলাই কালাম কৰি লয়।৮৩
পুৰস্কাৰ আৰু সন্মানসমূহ
২০১৫ চনত ৰাষ্ট্ৰসংঘই তেওঁৰ জম্মদিন ১৫ অক্টোবৰক "বিশ্ব শিক্ষাৰ্থী দিৱস" হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে।৮৪৮৫৮৬ ৪০খন বিশ্ববিদ্যালয়ে তেখেতক সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।৮৭৮৮ ভাৰত চৰকাৰেও ডি আৰ ডি অ' আৰু ইছৰোৰ লগতে চৰকাৰৰ বিজ্ঞান উপদেষ্টাৰ ৰূপত তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৮১ চনত পদ্মভূষণ আৰু ১৯৯০ চনত পদ্মবিভূষণ উপাধিৰে কালামক সন্মানিত কৰে।৮৯ ১৯৯৭ চনত, ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিজ্ঞানসন্মত গৱেষণাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত কালামৰ যুগান্তকাৰী অৱদানৰ বাবে তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হয়।৯০
| বৰ্ষ | সন্মান বা বঁটা | বঁটা প্ৰদানকাৰী |
|---|---|---|
| ২০১৪ | Doctor of Science | Edinburgh University, UK৯১ |
| ২০১৩ | ভন ব্ৰাউন বঁটা | National Space Society |
| ২০১২ | Doctor of Laws (Honoris Causa) | Simon Fraser University৯২ |
| ২০১১ | IEEE Honorary Membership | IEEE৯৩ |
| ২০১০ | Doctor of Engineering | University of Waterloo৯৪ |
| ২০০৯ | হুভাৰ মেডেল (Hoover Medal) | ASME Foundation, USA৯৫ |
| ২০০৯ | International von Kármán Wings Award | California Institute of Technology, আমেৰিকা যুক্তৰাষ্ট্ৰ৯৬ |
| ২০০৮ | Doctor of Engineering (Honoris Causa) | Nanyang Technological University, Singapore৯৭ |
| ২০০৭ | King Charles II Medal | ৰয়েল ছ'ছাইটি (Royal Society), U.K৯৮৯৯ |
| ২০০৭ | Honorary Doctorate of Science | University of Wolverhampton, U.K১০০ |
| ২০০০ | ৰামানুজন বঁটা | Alwars Research Centre, Chennai১০১ |
| ১৯৯৮ | Veer Savarkar Award | ভাৰত চৰকাৰ৯ |
| ১৯৯৭ | Indira Gandhi Award for National Integration | ভাৰত চৰকাৰ৯১০১ |
| ১৯৯৭ | ভাৰত ৰত্ন | ভাৰত চৰকাৰ১০১১০২ |
| ১৯৯০ | পদ্মবিভূষণ | ভাৰত চৰকাৰ১০১১০৩ |
| ১৯৮১ | পদ্মভূষণ | ভাৰত চৰকাৰ১০১১০৩ |
প্ৰকাশন
কালামৰ লিখনিসমূহ
- ভাৰতবৰ্ষ ২০২০: নতুন সহস্ৰাব্দৰ ৰূপৰেখা (India 2020: A Vision for the New Millennium): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, Y. S. Rajan; New York, 1998.১০৪
- অগ্নিৰ ডেউকা (Wings of Fire): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, Arun Tiwari; Universities Press, 1999.৭
- তেজস্বী মন (Ignited Minds: Unleashing the Power Within India): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Viking, 2002.১০৫
- The Luminous Sparks: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, by; Punya Publishing Pvt Ltd., 2004.১০৬
- Mission India: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত, Paintings by Manav Gupta; Penguin Books, 2005১০৭
- Inspiring Thoughts: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Rajpal & Sons, 2007১০৮
- অদম্য শক্তি (Indomitable Spirit): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Rajpal and Sons Publishing১০৯
- Envisioning an Empowered Nation: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত with A Sivathanu Pillai; Tata McGraw-Hill, New Delhi
- চিৰ জ্যোতিষ্মান হোৱা (You Are Born To Blossom: Take My Journey Beyond): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত and Arun Tiwari; Ocean Books, 2011.১১০
- টাৰ্নিং পইণ্ট্ছ: প্ৰত্যাহ্বান ভৰা এক যাত্ৰা (Turning Points: A journey through challenges): এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; Harper Collins India, 2012.১১১
- Target 3 Billion: এ পি জে আব্দুল কালাম আৰু শ্ৰীজন পাল সিঙৰ দ্বাৰা ৰচিত; December 2011 | Publisher Penguin Books.
- My Journey: Transforming Dreams into Actions: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; August 2013 by the Rupa Publication.
- A Manifesto for Change: A Sequel to India 2020: এ পি জে আব্দুল কালাম আৰু ভি পুনৰাজৰ দ্বাৰা ৰচিত; July 2014 by Harper Collins.১১২
- Forge your Future: Candid, Forthright, Inspiring: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত; by Rajpal and Sons, 29 October 2014.১১৩
- Reignited: Scientific Pathways to a Brighter Future: এ পি জে আব্দুল কালাম আৰু শ্ৰীজন পাল সিঙৰ দ্বাৰা ৰচিত; by Penguin India, 14 May 2015.১১৪
- Transcendence: My Spiritual Experiences with Pramukh Swamiji: এ পি জে আব্দুল কালামৰ দ্বাৰা ৰচিত with Arun Tiwari; HarperCollins Publishers, June 2015১১৫
- Advantage India: From Challenge to Opportunity: এ পি জে আব্দুল কালাম আৰু শ্ৰীজন পাল সিঙৰ দ্বাৰা ৰচিত; HarperCollins Publishers,15 Oct 2015.১১৬
জীৱনীমূলক গ্ৰন্থ
- Eternal Quest: Life and Times of Dr Kalam by S Chandra; Pentagon Publishers, 2002.১১৭
- President A P J Abdul Kalam by R K Pruthi; Anmol Publications, 2002.১১৮
- A P J Abdul Kalam: The Visionary of India by K Bhushan, G Katyal; A P H Pub Corp, 2002.১১৯
- A Little Dream (documentary film) by P. Dhanapal; Minveli Media Works Private Limited, 2008.১২০
- The Kalam Effect: My Years with the President by P M Nair; Harper Collins, 2008.১২১
- My Days With Mahatma Abdul Kalam by Fr A K George; Novel Corporation, 2009.১২২
জীৱন বৃত্ত
- ১৫ অক্টোবৰ ১৯৩১: তামিলনাডুৰ ৰামেশ্বৰম মছজিদ পথত জন্ম
- ১৯৩৯: ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত যোগদান
- ১৯৪৪: হাইস্কুলত যোগদান কৰিবলৈ ৰামনাথপুৰমলৈ যাত্ৰা
- ১৯৫০: ছেইণ্ট জ'ছেফ মহাবিদ্যালয় (তিৰুবিনাপল্লী)ত শিক্ষা আৰম্ভ
- ১৯৫৪: পদাৰ্থ বিজ্ঞানৰসহ বি এছ ছিত উত্তীৰ্ণ হৈ মাদ্ৰাজ ইন্ষ্টিটিউট অৱ টেক্নলজিত যোগদান
- ১৯৫৫-৫৬: ভনীয়েক জোহাৰাৰ সোণৰ অলংকাৰ বন্ধকত দি ডি এম আই টিত যোগদান
- ১৯৫৮: দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত মাহিলী ২৫০/- টকা বেতনত জ্যেষ্ট বিজ্ঞানীৰ সহায়কৰ পদ লাভ
- ১৯৬১: বাংগাল'ৰৰ বৈমাণিক বিকাশ প্ৰতিষ্ঠানত এ ডি ই
- ১৯৬২: থুম্বাত ইকুৱেট'ৰিয়েল ৰকেট লঞ্চিং ষ্টেচন স্থাপিত হ'ল INCOSPACৰ দ্বাৰা
- ২১ নৱেম্বৰ ১৯৬৩: ভাৰতৰ প্ৰথম ৰকেট নাইক এপেক (Nike Apache) উৎক্ষেপন
- ১৯৬৪: ৰোহিণী ৭৫ ৰকেট উৎক্ষেপণ
- ১৯৬৭: মেনকা ৰকেট উৎক্ষেপণ
- ১৯৬৮: ইণ্ডিয়ান ৰকেট ছ'চাইটিৰ গঠন
- ৮ অক্টোবৰ ১৯৭২: উত্তৰ প্ৰদেশৰ বেৰেলী এয়াৰ ফট্ ষ্টেচনত RATO প্ৰণালী পৰীক্ষণ
- ১৯৭৪: ভনী-জোঁৱাই, ঘনিষ্ঠ জালালুদ্দিনৰ মৃত্যু
- ১৯৭৬: ১০২ বছৰ বয়সত দেউতাক জৈনুলাবদিনৰ মৃত্যু। মাকৰো কেইদিনমানৰ পাছতে মৃত্যু
- ১৯৭৯: কৃত্ৰিম উপগ্ৰহ যান SLV-3ৰ পৰীক্ষামূলক উৰণ
- ১৭ জুলাই ১৯৮০: কালামৰ সঞ্চালনাত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ
- ১৯৮১: গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতিৰ পৰা পদ্মভূষণ বঁটা গ্ৰহণ
- ফেব্ৰুৱাৰী ১৯৮২: ডি আৰু ডি এলৰ সঞ্চালকৰ পদত নিযুক্তি
- ১৯৮৩: ক্ষেপণাস্ত্ৰ বিকাশ কাৰ্যক্ৰমৰ আৰম্ভণি
- ২৬ জুন ১৯৮৪: ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ গাইডেন্সৰ পৰীক্ষণ
- ১৯৮৭: ৰাষ্ট্ৰপতিৰ পৰা পদ্মবিভূষণ বঁটা গ্ৰহণ
- ২৫ ফেব্ৰুৱাৰী ১৯৮৮: স্বদেশী ক্ষেপণাস্ত্ৰ 'পৃথ্বী' উৎক্ষেপিত
বাহ্যিক সংযোগ
- আনুষ্ঠানিক ৱেবছাইট
- ড॰ এ. পি. জে. আব্দুল কালাম: ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি
- ড॰ এ. পি. জে. আব্দুল কালামৰ উক্তিসমূহ
- ড॰ এ. পি. জে. আব্দুল কালামৰ প্ৰফাইল
তথ্যসূত্ৰ
- ↑ editor. (2000). A to C (Abd Allah ibn al-Abbas to Cypress).. Encyclopædia Britannica (India). পৃ. 2. ISBN 978-0-85229-760-5
- ↑ Pruthi, R. K. (2005). President A.P.J. Abdul Kalam. Anmol Publication. পৃ. 61–76. ISBN 978-81-261-1344-6
- ↑ Sen, Amartya. (2003). Prisoners of the Nuclear Dream. Sangam Book. পৃ. 167–188. ISBN 978-81-250-2477-4
- ↑ A.P.J.Abdul, Kalam. (2012-06). Spirit of India. Reem Publications Pvt.ltd. ISBN 8183512046
- ↑ (30 April 2012). Dr A P J Abdul Kalam visits Rukmini Devi Public School. The Indian Express
- ↑ (23 January 2012). Dr Abdul Kalam, People's President in Sri Lanka. Daily News (Sri Lanka) via HighBeam Research
- ↑ Avul Pakir Jainulabdeen Abdul Kalam; Arun Tiwari. (1 January 1999). Wings of fire: an autobiography. Universities Press. পৃ. 37. ISBN 978-81-7371-146-6
- ↑ Jai, Janak Raj. (1 January 2003). Presidents of India, 1950–2003. Regency Publications. পৃ. 296. ISBN 978-81-87498-65-0
- ↑ (1 March 2012). Bio-data: Avul Pakir Jainulabdeen Abdul Kalam. Press Information Bureau, Government of India
- ↑ Sharma, Mahesh; Das, P.K.; Bhalla, P. (2004). Pride Of The Nation: Dr. A.P.J. Abdul Kalam. Diamond Pocket Books (P) Ltd. পৃ. 13. ISBN 978-81-288-0806-7
- ↑ Bhushan, K.; Katyal, G. (2002). A.P.J. Abdul Kalam: The Visionary of India. A.P.H. Publishing Corporation. পৃ. 1–10,153
- ↑ K. Raju; S. Annamalai. (24 September 2006). Kalam meets the teacher who moulded him. The Hindu
- ↑ Dixit, Sumita Vaid. (18 March 2010). The boy from Rameswaram who became President. Rediff.com
- ↑ Avul Pakir Jainulabdeen Abdul Kalam. National Informatics Centre
- ↑ Gopalakrishnan, Karthika. (23 June 2009). Kalam tells students to follow their heart. The Times of India
- ↑ Educational Foundation for Nuclear Science, Inc. (November 1989). Bulletin of the Atomic Scientists. Educational Foundation for Nuclear Science, Inc. পৃ. 32–
- ↑ (July 2003). Missile Chronology, 1971–1979. James Martin Center for Nonproliferation Studies at Monterey Institute of International Studies, Nuclear Threat Initiative
- ↑ (June 22 - Jul 5, 2002). The prime motivator. Frontline
- ↑ Pandit, Rajat. (9 January 2008). Missile plan: Some hits, misses. The Times Of India. TNN
- ↑ Jerome M. Conley. (2001). Indo-Russian military and nuclear cooperation: lessons and options for U.S. policy in South Asia. Lexington Books. পৃ. 106. ISBN 978-0-7391-0217-6
- ↑ ANI. (8 November 2011). Koodankulam nuclear plant: APJ Abdul Kalam's safety review has failed to satisfy nuke plant protestors, expert laments. The Economic Times
- ↑ (15 August 2001). Story of indigenous stents. The Hindu-Businessline
- ↑ (19 December 1998). The stent man. Rediff-News
- ↑ (22 March 2012). Now, ‘Kalam-Raju tablet' for healthcare workers. The Hindu
- ↑ Times News Network. (11 June 2002). NDA’s smart missile: President Kalam. The Economic Times
- ↑ (11 June 2002). Narayanan opts out, field clear for Kalam. Rediff.com
- ↑ (13 June 2002). Overwhelmed by response: Kalam. Rediff.com
- ↑ (18 June 2002). Presidential nominee Abdul Kalam files nomination papers. Rediff.com
- ↑ (15 July 2002). Polling for presidential election begins. Rediff.com
- ↑ (18 July 2002). Abdul Kalam elected President. The Hindu
- ↑ Tyagi, Kavita; Misra, Padma. Basic Technical Communication. PHI Learning Pvt. Ltd. পৃ. 124. ISBN 978-81-203-4238-5
- ↑ (19 June 2012). APJ Abdul Kalam is people's president: Mamata Banerjee. CNN-IBN. Press Trust of India
- ↑ Perappadan, Bindu Shajan. (14 April 2007). The people's President does it again. The Hindu
- ↑ List of Bharat Ratna Awardees
- ↑ (25 July 2002). A P J Kalam is sworn in as India's eleventh President. Rediff.com
- ↑ (18 Julu 2010). Signing office of profit bill was toughest decision: A P J Kalam. The Economic Times
- ↑ (22 June 2007). Kalam not to contest presidential poll. Rediff.com
- ↑ (22 June 2007). Kalam not to contest Presidential polls. The Times of India
- ↑ (22 June 2007). Kalam not to contest Presidential polls. The Times of India
- ↑ (10 May 2007). Talks under way on Presidential election. The Hindu
- ↑ Prafulla Marapakwar, Times News Network. (23 April 2012). Next President should be apolitical: Pawar. Times of India
- ↑ Raj, Rohit. (23 April 2012). Virtual world seeks second term for Abdul Kalam. Deccan Chronicle
- ↑ NDTV Correspondent. (23 April 2012). Race for Rashtrapati Bhawan: APJ Abdul Kalam a good choice, says SP; backs Pawar. NDTV
- ↑ Azeez, Parwin. (8 May 2012). Kalam for President clicks on social networks. The Times of India
- ↑ (26 April 2012). Netizens campaign for second term to Kalam. Deccan Herald
- ↑ (30 April 2012). President poll: BJP rejects Pranab Mukherjee, Hamid Ansari, may back Kalam. CNN-IBN
- ↑ Press Trust of India. (30 April 2012). Presidential polls: We will not support Pranab Mukherjee, BJP says. The Times of India
- ↑ Times of India. (16 June 2012). Mamata turns to Facebook, seeks support for Kalam. The Times of India
- ↑ Karthick S. (18 June 2012). Abdul Kalam not to contest presidential poll 2012. The Times of India
- ↑ PTI. (28 July 2015). Abdul Kalam showed no signs of life when brought to hospital: Doctor. IBN Live.com
- ↑ End of an era: 'Missile man' APJ Abdul Kalam passes away after cardiac arrest. Firstpost
- ↑ Anindita Sanyal. (27 July 2015). Former President APJ Abdul Kalam Dies at 83. NDTV.com
- ↑ R., Ramachandran. (September 12–25, 2009). Pokhran row. Frontline
- ↑ Hardnews bureau. (August 2009). Pokhran II controversy needless: PM. Hard News
- ↑ (21 May 2010). The journey of a mercy plea. The New Indian Express
- ↑ V., Venkatesan. (March 28–10 April 2009). Mercy Guidelines. Frontline
- ↑ (1 September 2009). Kalam not qualified to talk about Pokhran II: Sethna. Rediff.com
- ↑ IBN-CNN. Kalam no authority on Pokhran II test Ex AEC chief
- ↑ Zeenews bureau. (1 September 2009). Pokhran-II: ex-AEC chief slams Kalam. Zee News
- ↑ M., Somasekar. (25 July 2005). ASL: From long-range missiles to lightweight callipers. The Hindu businessline
- ↑ Kalam, Avul Pakir Jainulabdeen Abdul; Tiwari, Arun. (1 January 1999). Wings of fire: an autobiography. Universities Press. পৃ. 123. ISBN 978-81-7371-146-6
- ↑ Bidwai, Praful. After the Agni-III crash. The Daily Star
- ↑ (7 November 2011). Dr Kalam’s ‘assurance’ on nuclear power plants draws flak. Financial Magazine
- ↑ (7 November 2011). Kalam bats for Kudankulam but protesters unimpressed. The Times of India
- ↑ (13 November 2011). Outrage over Kalam's frisking, US says sorry. Hindustan Times
- ↑ (13 November 2011). U.S. 'regrets inconvenience' after Kalam faces double security check. The Hindu
- ↑ (13 November 2011). Former President APJ Abdul Kalam frisked twice in US. The Times of India
- ↑ (13 November 2011). Kalam frisking: US apologises to India. NDTV
- ↑ (21 July 2009). Dr Abdul Kalam frisked at Delhi airport. The Times of India
- ↑ Becker, David. (29 May 2003). India leader advocates open source. CNET
- ↑ (14 September 2008). Campus Connect, Class Apart. The Times of India
- ↑ (2009). Former President Dr. A P J Abdul Kalam teaches the students of IIM Indore. IIM Indore
- ↑ (29 June 2012). Mission moon and Mars our goals: Kalam. The Hindu
- ↑ (15 July 2007). Kalam may become honorary professor at Anna University. The Times of India
- ↑ (17 May 2012). Students can interact with Abdul Kalam on R&D. The Times of India
- ↑ (9 February 2006). Kalam, the author catching on in South Korea. Outlook magazine
- ↑ About us. What Can I Give
- ↑ Mallady, Shastry. (26 June 2011). Take part in movement against corruption: Kalam. The Hindu
- ↑ (30 Nov 1998). India's A.P.J. Abdul Kalam. Time (magazine)
- ↑ (5 September 2003). Anil Ambani Voted MTV Youth Icon Of The Year. The Financial Express
- ↑ (21 May 2004). MTV's Youth Icon. The Hindu
- ↑ (23 June 2006). Dhoni voted youth icon 2006. Daily News and Analysis
- ↑ (4 August 2011). I Am Kalam: Movie Review. The Times of India
- ↑ (28 July 2015). When UN declared Dr APJ Abdul Kalam's 79th birthday as World Students' Day. Zee News
- ↑ World Student’s Day: Why is this day celebrated on APJ Abdul Kalam’s birth anniversary?
- ↑ U.N.O Declared Dr.A.P.J. Abdul Kalam‘s Birthday as the "World Students Day"
- ↑ Dr.Kalam's Page. abdulKalam.com
- ↑ Dayekh, Ribal. (16 April 2011). Dr Abdul Kalam former President of India arrives to Dubai. Zawya.com
- ↑ (11 June 2009). Kalam receives honorary doctorate from Queen's University Belfast. Oneindia.in
- ↑ (26 November 1997). Bharat Ratna conferred on Dr Abdul Kalam. Rediff.com
- ↑ Ex-President of India Abdul Kalam visits the Forum. University of Edinburgh
- ↑ Honorary Degrees – Convocation. Simon Fraser University
- ↑ IEEE Honorary Membership Recipients. IEEE. পৃ. 1
- ↑ (6 October 2010). Yet another honorary doctorate for Kalam. Rediff.com
- ↑ (27 March 2009). Former President Kalam chosen for Hoover Medal. Indiatimes
- ↑ Caltech GALCIT International von Kármán Wings Award. galcit.caltech.edu
- ↑ (26 August 2008). Dr Abdul Kalam, former President of India, receives NTU Honorary Degree of Doctor of Engineering. Nanyang Technological University
- ↑ (12 July 2007). King Charles II Medal for President. The Hindu
- ↑ (11 July 2007). King Charles II Medal for Kalam. The Economic Times
- ↑ (23 October 2007). Kalam conferred Honorary Doctorate of Science. The Economic Times
- ↑ Dr. Abdul Kalam's Diverse Interests: Prizes/Awards. Indian Institute of Technology Madras
- ↑ List of recipients of Bharat Ratna. Ministry of Home Affairs, Government of India
- ↑ (26 November 1997). Bharat Ratna conferred on Dr Abdul Kalam. Rediff.com
- ↑ Kalam, A.P.J. Abdul; Y.S., Rajan. (1998). India 2020: A Vision for the New Millennium. New York. ISBN 978-0-670-88271-7
- ↑ Kalam, A.P.J. Abdul. (2002). Ignited minds: unleashing the power within India. Viking
- ↑ Kalam, A.P.J. Abdul. (2004). The luminous sparks: a biography in verse and colours. Punya Pub. ISBN 978-81-901897-8-1
- ↑ Rajan, A.P.J. Abdul Kalam with Y.S. (2005). Mission India: a vision for Indian youth. Puffin Books. ISBN 978-0-14-333499-6
- ↑ Kalam, A.P.J. Abdul. (2007). Inspiring thoughts. Rajpal & Sons. ISBN 978-81-7028-684-4
- ↑ Kalam, A.P.J. Abdul. (2006). Indomitable Spirit. Rajpal & Sons. ISBN 978-81-7028-654-7
- ↑ You Are Born To Blossom: Take My Journey Beyond. Ocean Books. ISBN 81-8430-037-9
- ↑ Turning Points:A journey through challenges. Harper Collins India
- ↑ Dr. Abdul Kalam's new Book A Manifesto for Change to release on July 14. news.biharprabha.com
- ↑ Abdul Kalam, A P J. (29 October 2014). Forge Your Future: Candid, Forthright, Inspiring. Rajpal and Sons. ISBN 978-93-5064-279-5
- ↑ Abdul Kalam, A P J; Pal Singh, Srijan. (14 May 2015). Reignited: Scientific Pathways to a Brighter Future. Penguin India. ISBN 978-0-14-333354-8
- ↑ Dr. Abdul Kalam's new Book Transcendence My Spiritual Experiences with Pramukh Swamiji to release on June 15. Harper Collins India Publication
- ↑ A P J, Abdul Kalam; Srijan, Pal Singh. Advantage India: From Challenge to Opportunity. ISBN 935177645X
- ↑ Rohde, David. (19 July 2002). Nuclear Scientist, 70, a Folk Hero, Is Elected India's President. The New York Times
- ↑ Pruthi, Raj. (2003). President Apj Abdul Kalam. Anmol Publications. ISBN 978-81-261-1344-6
- ↑ Bhushan, K.; Katyal, G. (2002). A.P.J. Abdul Kalam: The Visionary of India. APH Publishing. ISBN 978-81-7648-380-3
- ↑ (12 January 2008). Documentary on Kalam released. The Hindu
- ↑ Nair, P. M. (2008). The Kalam Effect: My Years with the President. HarperCollins Publishers, a joint venture with the India Today Group. ISBN 978-81-7223-736-3
- ↑ Fr A K George. (2009). My Days with Mahatma Abdul Kalam. Novel Corp. ISBN 978-81-904529-5-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ পি জে আব্দুল কালাম” প্ৰবন্ধৰ সংশোধন ৬৩৯৫০৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।