ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।১ ভাদত ৩১ দিন থাকে।২ এই ভাদ মাহতেই দুই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি।৩ ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি নামঘৰত দৈনিক নাম প্ৰসংগ কৰে।
অন্য পঞ্জিকাত ভাদৰ সমসাময়িক মাহ
অসমীয়া পঞ্জিকাত ভাদ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত আগষ্ট আৰু ছেপ্টেম্বৰ হয়। ভাদ আগষ্টৰ ১৮ তাৰিখ বা ১৯ আগষ্টত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ মধ্যলৈকে থাকে।২ ভাদ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত শ্ৰাৱন মাহ চলি থাকে।১
উৎসৱ পৰ্ব, দিৱস আদি
- ১ভাদ -- নাম-প্ৰসংগৰ আৰম্ভণি।
- শংকৰদেৱৰ তিৰোভাৱ তিথি (১৪২৬), শুক্লা প্ৰতিপদ তিথি।
- গণেশ চতুৰ্থী
- কৰম পূজা
- আনন্দ চন্দ্ৰ আগৰৱালা, ড॰ সৰ্ব্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন (শিক্ষক দিৱস), সলিল চৌধুৰী, মাদাৰ টেৰেছা, ইন্দিৰা মিৰিৰ স্মৃতি দিৱস (১৪২৬), শুক্লা সপ্তমী তিথি।
- মাধৱদেৱৰ তিৰোভাৱ তিথি।
- শ্ৰীকৃষ্ণৰজন্মাষ্টমী।
- ঠাকুৰ অনুকূলচন্দ্ৰৰ আবিৰ্ভাৱ তিথি।
- শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।
তথ্যসূত্ৰ
- ↑ Assamese months names
- ↑ বৰকটকী কোম্পানী, যোৰহাট
- ↑ ৰঞ্জিত গোবিন্দ বৰা. নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা. বিকাশপেডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাদ” প্ৰবন্ধৰ সংশোধন ৪৪০৭৮৭ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।