বিশ্ব প্ৰাণী দিৱস বিশ্বৰ সমুদায় প্ৰাণীকূলৰ অধিকাৰ আৰু কল্যাণৰ বাবে পালন কৰা আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ৪ তাৰিখে প্ৰাণীৰ চেইণ্ট, এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়।
লক্ষ্য
বিশ্ব প্ৰাণী দিৱসৰ আনুষ্ঠানিক ৱেবছাইটৰ মতে মূল লক্ষ্য হল, "পৃথিৱীৰ প্ৰতিটো প্ৰান্তত প্ৰাণীৰ কল্যাণৰ মাধ্যমৰে স্থিতি উন্নীত কৰা, প্ৰাণী কল্যান আন্দোলনক সবল কৰা, ইয়াক আন্তৰ্জাতিক স্তৰত এক ক্ষমতালৈ উন্নীত কৰি প্ৰতিটো জীৱৰ বাবে ভাল বাসস্থান গঢ়ি তোলা। দেশ, বৰ্ণ, ধৰ্ম,বিশ্বাস আৰু ৰাজনৈতিক মতাদৰ্শ নামানি ইয়াক বিভিন্ন দেশত বিভিন্ন ধৰণে পালন কৰা হয়। শিক্ষাৰ মাধ্যমেৰে আমি জনসচেতনতা বৃদ্ধি কৰিবা পাৰো যত প্ৰাণী সকলৰ অধিকাৰ তেওঁলোকৰ প্ৰাপ্য বুলি গণ্য কৰা হয়।"১
ইতিহাস
বিশ্ব প্ৰাণী দিৱস পোন-প্ৰথমে হেইনৰীক জিম্মাৰমেন নামৰ এজন জাৰ্মান লেখক আৰু প্ৰকাশকে মেনশ্চ(Mensch) আৰু হুন্দ/মানুহ আৰু কুকুৰHund/Man and Dog) নামৰ আলোচনীৰ যোগেৰে পাতিছিল। তেওঁ ১৯২৫ চনৰ ২৪ মাৰ্চ তাৰিখে জাৰ্মানীৰ বাৰ্লিনৰ স্পৰ্ট পেলেচত এই দিৱস উদযাপন কৰিছিল। প্ৰায় ৫,০০০ লোক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই দিৱস আচলতে পৰিস্থিতিৰ বিজ্ঞানৰ চেইণ্ট এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি ৪ অক্টোবৰত পাতিবলৈ স্থিৰ কৰা হৈছিল। কিন্তু সেই সময়ত ঠাইৰ অভাৱৰ কাৰণে এই দিৱস পতা নহল। ১৯২৯ চনত প্ৰথমবাৰৰ বাবে এই দিৱস ৪ অক্টোবৰত পালন কৰা হয়। প্ৰথমতে এই দিৱস কেৱল জাৰ্মানী, অষ্ট্ৰিয়া, চুইটজাৰলেণ্ড আৰু চেকছশ্ল'ভাৱিয়াত পালন কৰা হৈছিল। প্ৰতি বছৰে জিম্মাৰমেনে বিশ্ব প্ৰাণী দিৱসৰ জনপ্ৰিয়কৰণৰ বাবে অশেষ কষ্ট কৰিছিল। অৱশেষত ১৯৩১ চনত ইটালীৰ ফ্লোৰেঞ্চত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰাণী সুৰক্ষা কংগ্ৰেছে তেওঁৰ উত্থাপন কৰা প্ৰস্তাৱমতে ৪ অক্টোবৰক বিশ্ব প্ৰাণী দিৱস ৰূপে স্বীকীৰ্তি দিয়া হয়।২
পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ বাবে বিশেষকৈ বিলুপ্তপ্ৰায় প্ৰাণীৰ ৰক্ষণা-বেক্ষণৰ বাবে ১৯৩১ চনৰ পৰা এই দিৱস পালন কৰা হয়।৩৪
বৰ্তমান বিশ্ব প্ৰাণী দিৱস এক গোলকীয় অনুষ্ঠানত পৰিগণিত হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি ২০০৩ চনৰ পৰা যুক্তৰাষ্ট্ৰৰ প্ৰাণী কল্যাণ ন্যাসে প্ৰাণী সুৰক্ষা আন্দোলনৰ নেতৃত্ব দি আহিছে।৫
তথ্যসূত্ৰ
- ↑ www.worldanimalday.org.uk/
- ↑ Origin of World Animal Day
- ↑ World Animal Day The Boston Globe
- ↑ World Animal Day Marked 2008-10-05. SINA English
- ↑ World Animal Day - Naturewatch Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব প্ৰাণী দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৫৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।