অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক কন্যা শিশু দিৱস

আন্তৰ্জাতিক কন্যা শিশু দিৱস (International Day of the Girl Child) গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহে প্ৰতিবছৰে ১১ অক্টোবৰ তাৰিখে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম এই দিৱস পালন কৰা হৈছিল। লিংগ বৈষম্য দূৰ কৰা এই দিৱসৰ অন্যতম প্ৰধান উদ্দেশ্য।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক কন্যা শিশু দিৱস (International Day of the Girl Child) গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহে প্ৰতিবছৰে ১১ অক্টোবৰ তাৰিখে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম এই দিৱস পালন কৰা হৈছিল। লিংগ বৈষম্য দূৰ কৰা এই দিৱসৰ অন্যতম প্ৰধান উদ্দেশ্য। অন্যান্য উল্লেখযোগ্য ক্ষেত্ৰ সমূহ হল শিক্ষাৰ অধিকাৰ, পৰিপুষ্টি, আইনী সহায় আৰু ন্যায়িক অধিকাৰ, চিকিৎসা সুবিধা, আৰু বৈষম্যৰ পৰা সুৰক্ষা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু বলপূৰ্বক তথা বাল্য বিবাহ।

প্লেন ইণ্টাৰনেছেনেল নামৰ বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠ-পোষকতাত এটি প্ৰকল্প ৰূপে আন্তৰ্জাতিক কন্যা শিশু দিৱস জন্ম হৈছিল। প্লেন ইণ্টাৰনেছেনেল "কাৰণ মই এজনী ছোৱালী" (Because I Am a Girl) নামৰ আন্দোলনৰ ফলশ্ৰুতিত এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল। এই আন্দোলনৰ মূল কাৰ্যসূচী হল গোটেই বিশ্বজুৰি কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা। এই সংস্থাৰ কানাডাৰ বিষয়ববীয়া সকলে এই আন্দোলনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কানাডা চৰকাৰৰ সহায় লয়।

পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ মজিয়াত কানাডায়ে আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হয় আৰু ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰা হয়।১ প্ৰতি বছৰে ইয়াৰ এটা থিম বা প্ৰতিপাদ্য থাকে। প্ৰথম কন্যা শিশু দিৱসৰ থীম আছিল "বাল্য বিবাহ বন্ধ কৰা।"২ দ্বিতীয় বাৰ, ২০১৩ চনত থীম আছিল "ছোৱালীৰ শিক্ষা ক্ষেত্ৰ অভিনৱ কৰি তোলা।"৩ তৃতীয় আৰু চতুৰ্থ বাৰৰ থিম আছিল, "কৈশোৰক ক্ষমতা সম্পন্ন কৰা আৰু হিংসা চক্ৰ বন্ধ কোৱা"৪ আৰু "কৈশোৰ কন্যাৰ ক্ষমতা: ২০৩০ ৰ পথ-প্ৰদৰ্শক।"

২০১৬ চনৰ এই দিৱসৰ থীম হল "ছোৱালীৰ উন্নতি=লক্ষ্যৰ উন্নতি।"

কাৰ্যসূচী

আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষ্যে গুলপীয়া আলোকেৰে উদ্ভাসিত কিছুমান চৰকাৰী অট্টালিকা
আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষ্যে গুলপীয়া আলোকেৰে উদ্ভাসিত কিছুমান চৰকাৰী অট্টালিকাছবি: Foto: Kinderhilfswerk Plan, Fotograf: Marc Tornow · CC BY-SA 3.0 de
গুলপীয়া ফিনলেণ্ডিয়া হল, ২০১২
গুলপীয়া ফিনলেণ্ডিয়া হল, ২০১২ছবি: Htm · CC BY-SA 3.0

কন্যা শিশু দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন দেশত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। তাৰে কিছুমান ৰাষ্ট্ৰসংঘয়ে প্ৰযোজনা কৰে। যেনে ভাৰতৰ মুম্বাইত অনুষ্ঠিত সাংগীতিক অনুষ্ঠান।৫ কিছুমান বেচৰকাৰী সংস্থা যেনে অষ্ট্ৰেলিয়াৰ গাৰ্ল গাইড অষ্ট্ৰেলিয়ায়ে ভালে মন কাৰ্যসূচী পালন কৰে।৬ স্থানীয় সংঘয়ে নিজা নিজা অঞ্চলত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে। যেনে দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত টি-চাৰ্ট ছোৱালীৰ মাজত বিতৰণ কৰা হয়।৭৮

গ্ৰন্থৰাজি

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Ambrose, Rona and Rosemary McCarney. (December 29, 2011). International Day of the Girl Child: girls' rights are human rights. Edmonton Journal
  2. ↑ (2012-10-11). WHO | Ending child marriage. Who.int
  3. ↑ International Day of the Girl Child, WHO
  4. ↑ (17 October 2014). Day of the Girl Child - Gender equality - UNICEF. UNICEF
  5. ↑ Bhandary, Shreya. (September 25, 2012). 'Because I am a Girl Rock Concert' to celebrate first ever 'International Day of the Girl Child'. Times of India
  6. ↑ International Day of the Girl Child. Girl Guides Australia
  7. ↑ (September 14, 2012). South Africa: Women, Football and Song. All Africa (orig. in Daily Maverick)
  8. ↑ Martinson, Jane. (11 October 2013). Body Gossip puts spotlight on models and body image. The Guardian

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক কন্যা শিশু দিৱস” প্ৰবন্ধৰ সংশোধন ৩৭৯৯৩২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।