অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলেশ্বৰ বৰা

কমলেশ্বৰ বৰা অসমৰ এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া আৰু সমাজসেৱক আছিল। তেওঁ কামৰূপ জিলাৰ উপায়ুক্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কমলেশ্বৰ বৰা অসমৰ এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া আৰু সমাজসেৱক আছিল১। তেওঁ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ উপায়ুক্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল২ ৩ ৪ ৫।

জন্ম আৰু শিক্ষাজীৱন

কমলেশ্বৰ বৰাৰ জন্ম হৈছিল ১৯২৭ চনৰ ৩ অক্টোবৰত নগাঁওৰ ফৌজদাৰীপট্টিত ৬। নগাঁৱৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত বৰাই ১৯৪৪ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ১৯৪৬ চনত নগাঁও বিশ্ববিদ্যালয়ৰ পৰাই আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৮ চনত কটন বিশ্ববিদ্যালয়ত ভৰ্তি হয়৭। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক প্ৰথম বৰ্ষৰ ছাত্ৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে৮। ১৯৫০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস্থাত তেওঁ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হোৱাৰ লগতে ক্ৰিকেট খেলুৱৈ হিচাপে একাধিকবাৰ ৰাজ্যৰ বাহিৰত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল।

কৰ্মজীৱন

১৯৫০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কমলেশ্বৰ বৰাই গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে যদিও ১৯৫৩ চনত অসম প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হৈ ১৯৫৪ চনৰ জুলাইত প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে৯। পিছলৈ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হৈ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৭ চনত তেওঁ শিক্ষা বিভাগৰ আয়ুক্ত সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ১৯৮৭ চনত যোগ দি ১৯৯২ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। উপাচাৰ্যৰ পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছত বৰা অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ বৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য হিচাপে মনোনীত হৈছিল।

কমলেশ্বৰ বৰাই একাধিকবাৰ অসম পেঞ্চনাৰ সন্থাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে মৃত্যু পৰ্যন্ত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি হৈ আছিল। এগৰাকী সমাজহিতৈষী সুবক্তা হিচাপে পৰিচিত বৰাৰ অসমীয়াৰ লগতে ইংৰাজী আৰু বাংলা ভাষাতো দখল আছিল১০।

মৃত্যু

২০১৩ চনৰ জানুৱাৰীত কমলেশ্বৰ বৰাৰ উচ্চ ৰক্তচাপজনিত কাৰণত মগজুৰ ষ্ট্ৰ'ক হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। একে বছৰৰে ৫ নৱেম্বৰৰ পুৱা বৰা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ জি আন আৰ চি হস্পিটেলত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি গৈছে।

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ amarasom.glpublications.in/Details.aspx?id=15526 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} আমাৰ অসম, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  2. ↑ anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/ link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} অসমীয়া প্ৰতিদিন, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  3. ↑ www.assamtribune.com/scripts/detailsnew.asp?id=n দ্য আসাম ট্ৰিবিউন
  4. ↑ www.sentinelassam.com/ghy_city/story.php?sec=1&a দ্য চেন্টিনেল
  5. ↑ www.assamtribune.com/epaper/nov0613/at05.html{{D link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} দ্য আসাম ট্ৰিবিউন
  6. ↑ anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/ link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} অসমীয়া প্ৰতিদিন, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  7. ↑ amarasom.glpublications.in/Details.aspx?id=15526 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} আমাৰ অসম, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  8. ↑ anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/ link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} অসমীয়া প্ৰতিদিন, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  9. ↑ amarasom.glpublications.in/Details.aspx?id=15536 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} আমাৰ অসম, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩
  10. ↑ amarasom.glpublications.in/Details.aspx?id=15536 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} আমাৰ অসম, ৬ নৱেম্বৰ ২০১৩, আহৰণৰ তাৰিখ: ০৬-১১-২০১৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলেশ্বৰ বৰা” প্ৰবন্ধৰ সংশোধন ৬৩২৮৮৪ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।