অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীতানাথ ব্ৰহ্মচৌধুৰী

সীতানাথ ব্ৰহ্মচৌধুৰী (Sitanath Brahmachoudhury) অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

সীতানাথ ব্ৰহ্মচৌধুৰী (Sitanath Brahmachoudhury) অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল১। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল২।

চমু জীৱনী

৮ অক্টোবৰ, ১৯০৮ চনত কোকৰাঝাৰ জিলাৰ ভালুকমাৰী গাঁৱত তেখেতৰ জন্ম হয়২। ১৯৩০ চনত শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়২। পাছত কটন বিশ্ববিদ্যালয়ৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৯ চনত বঙাইগাঁৱৰ বীৰবনৰা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰি তাতেই শিক্ষকতা আৰম্ভ কৰিছিল১। ১৯৪৬ চনত ধুবুৰী লোকেল ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰাৰ পিছত ১৯৫২ চনত লোকসভালৈ নিৰ্বাচিত হয়। ১৯৮১ (তিনিচুকীয়া অধিবেশন) আৰু ১৯৮২ (ডিফু অধিবেশন) চনত তেখেতে দুবাৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰে৩। ১৯৮২ চনৰ ২৩ নৱেম্বৰত তেখেতৰ মৃত্যু হয়২।

ৰাজনৈতিক জীৱন

সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ৰূপে জড়িত আছিল। ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনত তেখেত গোৱালপাৰা গাৰো পাহাৰ সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল১।

প্ৰকাশিত গ্ৰন্থ

প্ৰকাশিত গ্ৰন্থৰ ভিতৰত কদম কলি, আবেগ, চকুলো, ফুলেশ্বৰী দৈমাৰী আদি অন্যতম। ১৯৪০ চনত তেওঁ গাও সংগঠন নামে এখন যুক্তাক্ষৰ বিহীন কিতাপ ৰচনা কৰিছিল

তথ্যসূত্ৰ

  1. ↑ অসমীয়া প্ৰতিদিন, প্ৰবন্ধ: সীতানাথ ব্ৰহ্মচৌধুৰী সামাজিক সহিষ্ণুতাৰ প্ৰতীক, লিখক: জনকলাল বসুমতাৰী, পৃষ্ঠা- ৯, দিনাংক: ১৮ নৱেম্বৰ, ২০১২
  2. ↑ সীতানাথ ব্ৰহ্মচৌধুৰী, লিখক অভিজিত বৰা বিপুলজ্যোতি ডট ইন ৱেবছাইটত, আহৰণ: ১৮ নৱেম্বৰ, ২০১২
  3. ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসম সাহিত্য সভাৰ সভাপতিঅসমৰ ৰাজনীতিকঅসমৰ স্বাধীনতা সংগ্ৰামীবড়ো জনগোষ্ঠীৰ ব্যক্তিবঙাইগাঁও জিলাকোকৰাঝাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতানাথ ব্ৰহ্মচৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫৯২৪৭৫ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।