গ্ৰেগৰিয়ান বৰ্ষপঞ্জী, প্ৰাশ্চাত্য বৰ্ষপঞ্জী, ইংৰাজী বৰ্ষপঞ্জি বা খ্ৰীষ্টাব্দ হ’ল আন্তৰ্জাতিকভাৱে প্ৰায় সৰ্বত্ৰ স্বীকৃত বৰ্ষপঞ্জী।১২৩ ১৫৮২ চনৰ ২৪ ফেব্ৰুৱাৰীত পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ এক আদেশ অনুসাৰে এই বৰ্ষপঞ্জীৰ প্ৰচলন ঘটে।৪ সেই বছৰ কিছু মুষ্টিমেয় ৰোমান কেথলিক দেশে গ্ৰেগৰিয় বৰ্ষপঞ্জী গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত ক্ৰমশ অন্যান্য দেশসমূহটো এইটো গৃহীত হয়।
পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা বৰ্ষপঞ্জী সংস্কাৰৰ প্ৰয়োজনীয়তা আছিল কাৰণ পূৰ্বৱৰ্তী জুলিয়ান বৰ্ষপঞ্জীৰ গণনা অনুসাৰে এইটো মহাবিষুৱৰ পৰা আন এটা মহাবিষুৱ পৰ্যন্ত সময়কাল ধৰা হৈছিল ৩৬৫.২৫ দিন, যি প্ৰকৃত সময়কালৰ পৰা প্ৰায় ১১ মিনিট কম। এই ১১ মিনিটৰ পাৰ্থকৰ ফলত প্ৰতি ৪০০ বছৰৰ অন্তৰত মূল ঋতুৰ পৰা জুলিয়ান বৰ্ষপঞ্জীৰ প্ৰায় তিন দিনৰ ব্যৱধান আছিল। পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ সময়ত এই ব্যৱধান ক্ৰমশ বাঢ়ি গৈছিল ১০ দিন আৰু ফলস্বৰূপে মহাবিষুৱ ২১ মাৰ্চৰ পৰিৱৰ্তে ১১ মাৰ্চ পঢ়িছিল। যিহেতু খ্ৰীষ্টিয় উৎসৱ ইষ্টাৰৰ দিন নিৰ্ণয়ৰ লগত মহাবিষুৱ জড়িত সেয়ে মহাবিষুৱৰ লগত জুলিয়ান বৰ্ষপঞ্জীৰ এই ব্যৱধান ৰোমান কেথলিক গিৰ্জাৰ বাবে অপ্ৰত্যাশিত আছিল।
গ্ৰেগোৰিয়ান বৰ্ষপঞ্জীৰ সংস্কাৰ দুটা ভাগত বিভক্ত আছিল: পূৰ্বৱৰ্তী জুলিয়ান বৰ্ষপঞ্জীৰ সংস্কাৰ আৰু ইষ্টাৰৰ তাৰিখ নিৰ্ণয়ৰ বাবে গিৰ্জাত ব্যৱহৃত চান্দ্ৰ পঞ্জিকাৰ সংস্কাৰ। জনৈক চিকিৎসক অ্যালয়চিয়াচ লিলিয়াচৰ দ্বাৰা প্ৰস্তাৱৰ সামান্য পৰিৱৰ্তন ঘটায়েই এই সংস্কাৰ সাধন কৰা হয়।৫
বৰ্ণনা
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী এখন সৌৰ পঞ্জিকা। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী গাণিতিক বৰ্ষপঞ্জিকা। গ্ৰেগৰিয়ান বৰ্ষপঞ্জিকাত ১ বছৰত ১২ মাহ থাকে।
| ক্ৰমিক | নাম | দিন |
|---|---|---|
| ১ | জানুৱাৰী | ৩১ |
| ২ | ফেব্ৰুৱাৰী | ২৮ বা ২৯ |
| ৩ | মাৰ্চ | ৩১ |
| ৪ | এপ্ৰিল | ৩০ |
| ৫ | মে’ | ৩১ |
| ৬ | জুন | ৩০ |
| ৭ | জুলাই | ৩১ |
| ৮ | আগষ্ট | ৩১ |
| ৯ | ছেপ্টেম্বৰ | ৩০ |
| ১০ | অক্টোবৰ | ৩১ |
| ১১ | নৱেম্বৰ | ৩০ |
| ১২ | ডিচেম্বৰ | ৩১ |
বাহ্যিক সংযোগ
- Calendar Converter
- Inter Gravissimas (Latin and French plus English)
- History of Gregorian Calendar
- The Perpetual Calendar Gregorian Calendar adoption dates for many countries.
- World records for mentally calculating the day of the week in the Gregorian Calendar
- The Calendar FAQ – Frequently Asked Questions about Calendars
- Today's date (Gregorian) in over 400 more-or-less obscure foreign languages
তথ্যসূত্ৰ
- ↑ Introduction to Calendars. United States Naval Observatory. Retrieved 15 January 2009
- ↑ Calendars by L. E. Doggett. Section 2
- ↑ The international standard for the representation of dates and times, ISO 8601, uses the Gregorian calendar. Section 3.2.1
- ↑ See Wikisource English translation of the (Latin) 1582 papal bull Inter gravissimas, instituting Gregorian calendar reform
- ↑ Moyer (1983)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেগৰিয়ান বৰ্ষপঞ্জী” প্ৰবন্ধৰ সংশোধন ৪২৭১৬৪ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।