অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তিলক হাজৰিকা

তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।

হালনাগাদ: ৩ অক্টোবৰ ২০২৩ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।

জন্ম আৰু বাল্যকাল

তেখেতৰ জন্ম হয় ১৯২১ চনৰ ৩ অক্টোবৰত, অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত। পিতৃৰ নাম ঈশধৰ হাজৰিকা।১

শিক্ষাজীৱন

১৯৪১ চনত কলিয়াবৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

স্নাতক হৈয়েই হাজৰিকা দেৱে নগাৱৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। ১৯৫১ চনত তেখেতে নতুন অসমীয়া কাকতত উপ-সম্পাদক হিচাপে যোগদান কৰি, তাৰ পাছত ক্ৰমান্বয়েঅসম বাণী, সাদিন, প্ৰতিদিন আদি কাকত সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে।

সাহিত্য কৃতি

  • আড্ডা -১৯৫৮ ( হাস্যৰসাত্মক)
  • কত কথা - ১৯৬০
  • আবেলিৰ ছাঁ- ২০০০ ( আত্মকথা)

সন্মান

মৃত্যু

২০১৬ চনৰ ২২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

তথ্যসূত্ৰ

  1. ↑ বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী, ১৯১২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমৰ সাংবাদিকসাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিলক হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৮৪৫৫৯ (৩ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।