অসমীয়া মাহ
১২ প্ৰবন্ধ
-
ব’হাগ
ব’হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান এপ্ৰিল-মে' সময়ছোৱাৰ ভিতৰত পৰে। এই মাহত অসমীয়া নববৰ্ষ আৰু ব'হাগ বিহুকে ধৰি কেইবাটাও সাংস্কৃতিক-সামাজিক অনুষ্ঠান, লগতে বসন্ত ঋতুৰ প্ৰাকৃতিক লক্ষণ স্পষ্টভাৱে দেখা যায়।
-
ফাগুন
ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী-মাৰ্চ সময়ছোৱাত পৰে। এই মাহত ফাকুৱা আৰু মহা শিৱৰাত্ৰি আদি উৎসৱৰ লগতে ঋতুগত পৰিৱৰ্তন, প্ৰাকৃতিক ফুল-ফলনি আৰু কৃষিকাৰ্যৰ কিছুমান বৈশিষ্ট্য স্পষ্টভাৱে দেখা যায়।
-
মাঘ
মাঘ অসমীয়া বৰ্ষপঞ্জীৰ দশম মাহ আৰু শীত ঋতুৰ শেষভাগৰ সৈতে জড়িত এক ঋতুচক্ৰীয় মাহ। এই মাহত মাঘ বিহু, মকৰ সংক্ৰান্তি, সৰস্বতী পূজা আদিৰ লগতে কৃষিকাজ আৰু লোকবিশ্বাসৰ বহু পৰম্পৰা সক্ৰিয় থাকে।
-
জেঠ
জেঠ অসমীয়া বৰ্ষপঞ্জীৰ দ্বিতীয় মাহ, আৰু ইয়াৰ মুঠ দিন ৩২। এই মাহ কৃষিকাৰ্যৰ প্ৰস্তুতি আৰু “জেঠুৱা” পৰম্পৰাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, আৰু সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে'–জুন মাহৰ সময়ছোৱাত পৰে।
-
চ'ত
চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম। বহাগত ৩০ দিন থাকে। ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়।
-
ভাদ
ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। ভাদত ৩১ দিন থাকে। এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন।
-
কাতি
কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। কাতি মাহত ৩০ দিন থাকে।
-
আহাৰ (মাহ)
আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহাৰত ৩১ দিন থাকে। ১আহাৰ হ'ল এই মাহৰ প্ৰথম দিন।
-
আহিন
আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহিন মাহত ৩০ দিন থাকে। আহিন মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।
-
আঘোণ
আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম 'মাৰ্গশীৰ্ষ' হৈছে। এই সময়ত খেতি পথাৰ বোৰ পকা ধানেৰে শোভিত হৈ পৰে। অসমীয়া পৰম্পৰা অনুসৰি সেয়ে এই মাহ ধান চপোৱাৰ সময়।
-
পুহ
পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। পুহ মাহত ২৯ দিন থাকে। পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি হৈ শীত ঋতুৰ আৰম্ভ হয়।
-
শাওণ
শাওণ অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। শাওণত ৩২ দিন থাকে। ১শাওণ হ'ল এই মাহৰ প্ৰথম দিন।