অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুষ্পা ভূঞা

পুষ্পা ভূঞা (১৯৪৬–২০১৫) এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁ মূলতঃ ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰিছিল। তেওঁৰ অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০২ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৪ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পুষ্পা ভূঞা (১৯৪৬–২০১৫) এগৰাকী ভাৰতীয় নৃত্যশিল্পী। তেওঁ মূলতঃ ভাৰতনাট্যম আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰিছিল।১ তেওঁৰ অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০২ চনত তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰে।

শৈশৱ

পুষ্পা ভুঞাৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত প্ৰায় ১৯৪৬ চনত। তেওঁৰ পিতৃ থানুৰাম নিয়মকৰা বৰা এগৰাকী প্ৰসিদ্ধ নৃত্যশিল্পী আছিল। পুষ্পা ভুঞাই শৈশৱত নিজৰ পিতৃৰ পৰাই নৃত্য শিক্ষা লাভ কৰে।২

কেৰিয়াৰ

১৯৫৬ চনত পুষ্পা ভুঞাই প্ৰসিদ্ধ গুৰু ৰুক্মিণী দেৱীৰ পৰা নৃত্য শিক্ষা লাভৰ অৰ্থে যোৰহাটৰ পৰা মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ যাত্ৰা কৰে।৩ তেওঁ পৰৱৰ্ত্তী কালত গুৰু মানগুডি দ’ৰাইৰজা ( Mangudi Dorairaja) ৰ তত্ত্বাবধানত ভাৰতনাট্যমৰ আৰু গুৰু বিষ্ণু ভৈছালকাৰৰ পৰা কথক নৃত্যৰ প্ৰশিক্ষণ লয়।৪৫ পুষ্পা ভুঞাই নিজেও ভালেসংখ্যক শিষ্যক নৃত্য শিক্ষা দিছিল।৫

পুষ্পা ভুঞাই ভাৰত আৰু বিদেশৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰিছিল। তেওঁ অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সত নৃত্যৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।২ তেওঁ দুৰদৰ্শনৰ কেন্দ্ৰীয় অডিশ্যন সমিতিৰ সদস্যা আছিল। তেওঁৰ উদ্যোগতে গুৱাহাটীত পুষ্পাঞ্জলি সাংস্কৃতিক একাডেমী প্ৰতিষ্ঠা হয়।

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ (10 July 2006). Highbeam. Highbeam
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Sushanta Talukdar. (September 2010). Dance of the monks. Frontline
  4. ↑ (2015). Guru Mangudi Dorairaja Iyer. Kala Sadhanalaya
  5. ↑ (2015). Nrityabhinay. Nrityabhinay
  6. ↑ (2015). Padma Awards. Padma Awards

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীকমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পা ভূঞা” প্ৰবন্ধৰ সংশোধন ৪০৩৭৯৩ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।