অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জহৰুল হক

ড॰ জহৰুল হক( ১১ অক্টোবৰ ১৯২৬ – ১৮ জানুৱাৰী ২০১৭) এগৰাকী বিখ্যাত ইছলামিক বিদ্বান। তেওঁ অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত পৱিত্ৰ কোৰআনৰ অনুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে পৱিত্ৰ কোৰানক ভাঙনি কৰিছিল। এজন জনস্বাস্থ্য বিষয়া হিচাপে তেওঁ জীৱনৰ শেষৰফালে ওমানত বাস কৰিছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ড॰ জহৰুল হক( ১১ অক্টোবৰ ১৯২৬ – ১৮ জানুৱাৰী ২০১৭) এগৰাকী বিখ্যাত ইছলামিক বিদ্বান। তেওঁ অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত পৱিত্ৰ কোৰআনৰ অনুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে পৱিত্ৰ কোৰানক ভাঙনি কৰিছিল। এজন জনস্বাস্থ্য বিষয়া হিচাপে তেওঁ জীৱনৰ শেষৰফালে ওমানত বাস কৰিছিল।

জীৱন আৰু শিক্ষা

১৯২৬ চনৰ ১১ অক্টোবৰ তাৰিখে অসমৰ শ্ৰীভূমি জিলাৰ দেওবাৰী গাঁৱত ড॰ জহৰুল হকৰ এক চুন্নী মুছলমান পৰিয়ালত জন্ম হৈছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জনস্বাস্থ্য অধ্যয়ন কৰিছিল। তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়লৈ যায়। পিছলৈ তেওঁ অসমৰ স্বাস্থ্য সেৱাৰ সঞ্চালক হৈছিল। লগতে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ তেওঁ ওমানলৈ যায় আৰু তাতে স্থায়ী ভাবে থাকিবলৈ লয়।

অনুবাদ

প্ৰায় বাৰ বছৰ অশেষ কষ্ট কৰাৰ পিছত তেওঁ ১৯৮৬ চনত বঙালী ভাষাত কোৰআন অনুবাদ কৰে। বঙালী ভাষাত অনুবাদ কৰিবলৈ লোৱাৰ আগতেই তেওঁ অসমীয়া ভাষাত কোৰান অনুবাদ কৰিবলৈ লৈছিল।

ড॰ হকে কোৰানৰ অসমীয়া ভাঙনি তিনিটা খণ্ডত প্ৰকাশ কৰিছিল। তাৰ পিছত ১৯৯৩ চনত তেওঁ ইংৰাজী ভাষাত কোৰান অনুবাদ কৰিবলৈ লৈছিল। ২০০০ চনৰ ১ এপ্ৰিল তাৰিখে তেওঁ ১২৫০ পৃষ্ঠাজোৰা ট্ৰান্সলেচন এণ্ড কমেণ্টৰী অন দা হলি কোৰান প্ৰকাশ কৰে। এইখন পৱিত্ৰ কোৰান পূব প্ৰকল্পৰ অধীন আছিল।১

তেওঁৰ অসমীয়া অনুবাদ গ্ৰন্থখন গুৱাহাটীৰ বীণা লাইব্ৰেৰীয়ে প্ৰকাশ কৰিছিল।২

মৃত্যু

২০১৭ চনৰ ১৮ জানুৱাৰী তাৰিখে ওমানৰ ৰাজধানী মস্কটত তেওঁৰ মৃত্যু হয়।৩ মৃত্যুৰ পিছত তেওঁক ওমানৰ কেন্দ্ৰীয় ৰাজহুৱা কবৰস্থানত সমাধিস্থ কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hoque, Zohurul. (1 April 2000). Translation and Commentary on The Holy Qur-an. Holy Quran Publishing Project
  2. ↑ Qur'an Bangla Anubad. qurananubad.com
  3. ↑ K, Rejimon. (21 January 2017). Noted Indian Islamic scholar passes away in Oman. Times of Oman

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জহৰুল হক” প্ৰবন্ধৰ সংশোধন ৬০৬৩৫৩ (১৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।