অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক শান্তি দিৱস

আন্তৰ্জাতিক শান্তি দিৱস (International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য।

হালনাগাদ: ১৮ অক্টোবৰ ২০২০ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক শান্তি দিৱস (International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোন প্ৰথমে ১৯৮২ চনত পালন কৰা হৈছিল। ২০১৩ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি শিক্ষাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰিবলৈ ঘোষণা কৰে।১

এই দিৱসৰ উদ্বোধনী অনুষ্ঠানত নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত জাপানী শান্তি ঘণ্টা বজোৱা হৈছিল। এই ঘণ্টা আফ্ৰিকা মহাদেশৰ বাদে আন সকলো মহাদেশৰ লৰা-ছোৱালীয়ে দান কৰা মুদ্ৰাৰে বনোৱা হৈছিল। "বিশ্ব শান্তিময় হওক" মূলমন্ত্ৰৰে "যুদ্ধত হোৱা মানুহৰ কষ্ট"ৰ চিন স্বৰূপে এই ঘণ্টা ৰাষ্ট্ৰসংঘৰ উপহাৰ আছিল।২

ইতিহাস

এখন যুদ্ধবিহীন বিশ্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৩৬/৬৭ নম্বৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ "তৃতীয় মংগলবৰ" ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন আৰম্ভ হোৱা দিনটোক "আন্তৰ্জাতিক শান্তি দিৱস" হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। পিছলৈ ২০০১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাতিসংঘ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৫৫/২৮২ নম্বৰ প্ৰস্তাৱ অনুসৰি ২০০২ চনৰ পৰা প্ৰতি বছৰে ২১ ছেপ্টেম্বৰ তাৰিখে "আন্তৰ্জাতিক শান্তি দিৱস " হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।

কাৰ্যসূচী

"আন্তৰ্জাতিক শান্তি দিৱস" উপলক্ষে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে "শান্তি ঘণ্টা" বজায় আৰু বিশেষ বাণী প্ৰদান কৰে। বিভিন্ন দেশৰ শিল্পী, শিক্ষাবিদ আৰু মানৱপ্ৰেমিক শান্তি দূত হিচাপে নিয়োগ কৰা হয় আৰু তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়। তদুপৰি বিভিন্ন দেশ আৰু সংস্থায়ে নিজাববীয়াকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা যায়।

২০১৬- বহনক্ষম উন্নয়নৰ লক্ষ্য: শান্তিৰ মুখ্য উপাদান

২০১৬ চনৰ আন্তৰ্জাতিক শান্তি দিৱসৰ থিম বা মূল বিষয় আছিল ২০১৬- বহনক্ষম উন্নয়নৰ লক্ষ্য: শান্তিৰ মুখ্য উপাদান ("The Sustainable Development Goals: Building Blocks for Peace".)।৩

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ International Day of Peace Event Information. Secretary-General of the United Nations
  2. ↑ Secretary-General's Message on the International Day of Peace 21 September 2002
  3. ↑ "UN International Day of Peace", Retrieved on 17 September 2016

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহৰাষ্ট্ৰসংঘ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক শান্তি দিৱস” প্ৰবন্ধৰ সংশোধন ২৪৯৭৮২ (১৮ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।