অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাতি বিহু

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

হালনাগাদ: ১৪ মে’ ২০২৫ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।১ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্‌যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।২ কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।৩ কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।৪

কাতি বিহুত গৃহস্থই পথাৰত চাকি জ্বলোৱাৰ আলোকচিত্ৰ
কাতি বিহুত গৃহস্থই পথাৰত চাকি জ্বলোৱাৰ আলোকচিত্ৰছবি: Bhaskarjyoti Bhuyan · CC BY-SA 4.0
কাতি বিহুৰ উপলক্ষত পৰম্পৰাগত ভাৱে ধাননি পথাৰত ঔটেঙাৰ চকলত চাকি দিয়াৰ পৰম্পৰা
কাতি বিহুৰ উপলক্ষত পৰম্পৰাগত ভাৱে ধাননি পথাৰত ঔটেঙাৰ চকলত চাকি দিয়াৰ পৰম্পৰাছবি: Pranabnlp · CC BY-SA 4.0

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Bihu Festival. www.festivalsofindia.in. Pan India Internet Private Limited (PIIPL)
  2. ↑ অসমৰ সংস্কৃতি: ড॰ লীলা গগৈ
  3. ↑ চুতীয়া, সতীশ. কাতি বিহুৰ লোকাচাৰ. https://as.vikaspedia.in. বিকাশপেডিয়া
  4. ↑ Bihu Festival. natunassam.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহবিহু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাতি বিহু” প্ৰবন্ধৰ সংশোধন ৫০৮৫৬৩ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।