অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আহাৰ (মাহ)

আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহাৰত ৩১ দিন থাকে। ১আহাৰ হ'ল এই মাহৰ প্ৰথম দিন।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৪ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।১ আহাৰত ৩১ দিন থাকে।২ ১আহাৰ (মাহ) হ'ল এই মাহৰ প্ৰথম দিন।

অন্য পঞ্জিকাত আহাৰৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহাৰ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাত জুন আৰু জুলাই হয়। অহাৰ ১৫ বা ১৬ মে'ত আৰম্ভ হয় আৰু জুলাইৰ মধ্যলৈকে থাকে।৩ আহাৰ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত জ্যেষ্ঠ মাহ চলি থাকে।৪

প্ৰাকৃতিক পৰিৱৰ্তন

অসমীয়া কবিতাত ৰঘুনাথ চৌধাৰী য়ে লিখিছে -

"আহাৰ মহীয়া ভৰ দুপৰীয়া

ৰ’দে খাওঁ খাওঁ কৰে,

ভমক ভমক কি চাবা চমক

চকু ছাট মাৰি ধৰে।"

অহাৰ মাহ প্ৰখৰ ৰ'দ আৰু গৰমৰ সময়। মাজে মাজে বৰষুণ হয়। এই সময়ত গ্ৰীষ্ম ঋতু চলি থাকে। আহাৰ মাহ অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ এই সময়ত পথাৰত হাল বোৱা আৰু কঠীয়া ৰোৱাৰ কামত অসমৰ খেতিয়ক সকল ব্যস্ত হৈ পৰে।

তথ্যসূত্ৰ

  1. ↑ hindupad.com/assamese-months/
  2. ↑ বৰকটকী কোম্পানী, যোৰহাট
  3. ↑ বৰকটকী কোম্পানী, যোৰহাট
  4. ↑ hindupad.com/assamese-months/

সম্পৰ্কিত শ্ৰেণী

অসমীয়া মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহাৰ (মাহ)” প্ৰবন্ধৰ সংশোধন ৪৪০৭৮১ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।