অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পুহ

পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। পুহ মাহত ২৯ দিন থাকে। পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি হৈ শীত ঋতুৰ আৰম্ভ হয়।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৪ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব’হাগ, জেঠ, আহাৰ (মাহ), শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।১ পুহ মাহত ২৯ দিন থাকে।২ পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি হৈ শীত ঋতুৰ আৰম্ভ হয়। এই মাহত মৃত লোকৰ শ্ৰাদ্ধাদিৰ বাহিৰে অন্য কোনো ধৰ্মীয় কাম-কাজ কৰা নহয়। এই মাহত গছ-লতা শুকাই যায়, শীতৰ প্ৰকোপ বাঢ়ে।

অন্য পঞ্জিকাত পুহৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত পুহ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত ডিচেম্বৰ আৰু জানুৱাৰী হয়। পুহ ডিচেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু জানুৱাৰীৰ মধ্যলৈকে থাকে।২ পুহ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মৃগশিৰা মাহ চলি থাকে।১

উৎসৱ-পাৰ্বন

পুহ মাহত খেতিয়কে ধান কাটি সামৰি ভঁৰালত ভৰাই বছৰলৈ যতন কাৰি ৰাখে। এই সময়ত সকলোৰে ঘৰত ধান-মাহকে আদি কৰি টকা-পইচাৰ অভাৱ কম হয়। সেয়ে মাহৰ শেষত মকৰসংক্ৰান্তিত অসমীয়া সকলে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰে।৩বঙালী সম্প্ৰদায়ৰ লোক সকলেও উৎসৱ উদযাপন কৰে। বাংলাদেশৰ ঢাকাত এই সময়ত ডাঙৰ মেলা বহে।৪৫ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Assamese months names
  2. ↑ বৰকটকী কোম্পানী, যোৰহাট
  3. ↑ (2016-01-05). Poush sankranti recipes. The Daily Star
  4. ↑ (2011-01-09). Winter melodies around Poush. The Daily Star
  5. ↑ (2015-01-09). Poush Mela held at Ramna. The Daily Star

সম্পৰ্কিত শ্ৰেণী

অসমীয়া মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুহ” প্ৰবন্ধৰ সংশোধন ৪৪০৭৯৩ (২৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।