অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নাজিৰা

নাজিৰা (IPA: nəˈzɪərə) (Nazira) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷

হালনাগাদ: ১ আগষ্ট ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

নাজিৰা (IPA: nəˈzɪərə) (Nazira) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই৷

ইতিহাস

নাজিৰা আহোমৰ ৰাজত্ব কালত ৰাজধানী গড়গাওঁৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল৷ জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো 'নাও-জিৰা' ৰ পৰা আহিছে, আহোম ৰাজত্ব কালত নাজিৰাত দিখৌ নৈত নাও জিৰণি দি থোৱা হৈছিল। সেই সেই নাও জিৰোৱাৰ পৰা নাজিৰা হ’ল বুলি বুৰঞ্জীবিদসকলে কয়। দুই-এজন লেখকৰ মত— নজৰ কৰাৰ কাৰণে নাজিৰা হ’ল।৷ ইতিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মত অনুসৰি নাজিৰা নামৰ উৎস তাই ভাষাৰ শব্দৰ পৰাহে য'ত, না-ৰ অৰ্থ মাটি, জি-হেলনীয়া আৰু ৰা- যথেষ্ট৷ গতিকে নাজিৰাৰ অৰ্থ বৃহৎ হেলনীয়া মাটি বা অঞ্চল (a much inclined land)৷ ১

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে নাজিৰা ত অৱস্থিত৷ ২ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৩২ মিটাৰ ( ৪৩৩ ফুট)৷

আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, নাজিৰাৰ মুঠ জনসংখ্যা ১২,৪৬৬ জন৷৩ ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

নাজিৰাৰ গড় সাক্ষৰতাৰ হাৰ ৮১%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে-৮৪% আৰু ৭৮%৷

যাতায়ত ব্যৱস্থা

নাজিৰা শিৱসাগৰ জিলাৰ দিখৌ নৈৰ পাৰত অৱস্থিত৷ শিৱসাগৰ টাউনৰ পৰা ইয়াৰ দুৰত্ব ১৮ কিমি৷ নিকটবৰ্ত্তী বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ৷

শিক্ষা

নাজিৰাত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়

  • নাজিৰা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  • নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
  • নাজিৰাৰ বৰটোল উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ বিদ্যা ভৱন
  • কেন্দ্ৰীয় বিদ্যালয়
  • দিল্লী পাব্লিক স্কুল
  • ছেইণ্ট পিটাৰ্ছ
  • গুৰুকুল
  • অংকুৰণ জাতীয় বিদ্যালয়
  • জুভিয়েল ভেলী
  • শংকৰদেৱ বিদ্যা নিকেতন, নাজিৰা

মহাবিদ্যালয়

  • নাজিৰা মহাবিদ্যালয়
  • গড়গাঁও মহাবিদ্যালয়

ৰাজনীতি

নাজিৰা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷ ৪

উল্লেখযোগ্য ঠাই

  • গড়গাঁও কাৰেংঘৰ, গড়গাঁও গোলাঘৰ, ৰজাপুল নামৰ এটা ৰজাদিনীয়া পুখুৰী, কেইবাটাও ৰজাদিনীয়া পুখুৰী, কেইবাটাও ৰজাদিনীয়া মৈদাম থকাৰ লগতে, গৰখীয়া মন্দিৰ,মাদুৰি নাজিৰাৰ অৱস্থিত৷ ৫

উল্লেখযোগ্য ব্যক্তি

তথ্যসূত্ৰ

  1. ↑ Late Rajkumar Sarbananda, Etihase Suaura Chashata Bacharor,Page 272,First Edition December 2000,ISBN-81-7339-308-7 Banalata,New Bazar Dibrugarh-1
  2. ↑ Falling Rain Genomics, Inc - Nazira
  3. ↑ Population Finder. Censusindia.gov.in
  4. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India
  5. ↑ U. S. Army Special Operations in World War II, page 102-103

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰশিৱসাগৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজিৰা” প্ৰবন্ধৰ সংশোধন ৬২২১৯৮ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।