অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চিচিবৰগাঁও

চিচিবৰগাঁও অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ উত্তৰ দিশে গাইনদী,পূৱে চিলাপথাৰ চহৰ আৰু পশ্চিমে গাইনদী বৈ গৈছে। চিচিবৰগাঁও এখন উন্নত আৰু জনবসতিপূৰ্ণ গাঁও। শেহতীয়াকৈ চিচিবৰগাঁৱে এটা বিধান সভা সমষ্টি হিচাপে চিহ্নিত হয়।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৪ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চিচিবৰগাঁও অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ উত্তৰ দিশে গাইনদী,পূৱে চিলাপথাৰ চহৰ আৰু পশ্চিমে গাইনদী বৈ গৈছে। চিচিবৰগাঁও এখন উন্নত আৰু জনবসতিপূৰ্ণ গাঁও। শেহতীয়াকৈ চিচিবৰগাঁৱে এটা বিধান সভা সমষ্টি হিচাপে চিহ্নিত হয়। পূৰ্বতে ধেমাজি জিলাৰ দুটা সমষ্টি আছিল আৰু দুয়োটা সমষ্টিয়েই জনজাতিসকলৰ বাবে সংৰক্ষিত আছিল। বৰ্তমান তিনিটা সমষ্টি আৰু চিচিবৰগাঁও সমষ্টিটো অংসৰক্ষিত। আন দুটা সমষ্টি ক্ৰমে ধেমাজি আৰু জোনাই।

নামৰ উৎপত্তি

পুৰণি কালত এই ঠাইৰ মাজেৰে চিচি নদী বৈ গৈছিল। বৰ্তমান এই নদীৰ কোনো অস্তিত্ব নাই। এই নদীখনক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ বাবে এই গাঁওখনৰ নাম চিচিবৰগাঁও হ'ল বুলি বিশ্বাস কৰা হয়।

ভৌগোলিক বিৱৰণ

চিচিবৰগাঁও বিভিন্ন সেউজীয়া গছ-গছনিৰে ভৰপুৰ। এইবোৰে গাঁওখনৰ পৰিৱেশ নিৰ্মল কৰি ৰাখিছে। এই গাঁওখনৰ মাজেদি কেইবাখনো নৈ বৈ গৈছে। সেইবোৰৰ ভিতৰত গাই নৈ,বেওৰা নৈ, গেলুৱা নৈ আদি। এই নৈ কেইখনৰপৰা মানুহ উপকৃত হয় যদিও বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰপৰা বৈ অহা গাই নৈ, বেওৰা নৈয়ে চিচিবৰগাঁও অঞ্চলক বাৰিষাৰ কালছোৱাত ক্ষতিগ্ৰস্থও কৰে। নৈপৰীয়া মানুহখিনিয়ে এইক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। অৱশ্যে এই নৈবোৰৰপৰা প্ৰচুৰ পৰিমানে গাঁৱৰ জনগণে মাছ সংগ্ৰহো কৰি আহিছে। খেতি-পথাৰৰ কাৰণেও নৈ কেইখন মানুহৰ সহায়ক। চিচিবৰগাঁও অঞ্চলটোক সাংস্কৃতিক ঐক্য ৰক্ষা কৰাতো নৈ কেইখনে সহায় কৰিছে।

শিক্ষা ব্যৱস্থা

কেইবাখনো শিক্ষাপ্ৰতিষ্ঠান আছে যদিও চিচিবৰগাঁৱৰ শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত নহয়। চৰকাৰী স্কুলসমূহত প্ৰতিষ্ঠাকালৰেপৰাই পৰম্পৰাগত ব্যৱস্থাৰেই শিক্ষাদান দি অহা হৈছে। আধুনিক বিজ্ঞান-প্ৰযুক্তি তথা 'নিউ টেকনলজি'ক উপযুক্তভাৱে প্ৰয়োগ কৰি শিক্ষাপ্ৰদান কৰাৰ ব্যৱস্থা অসমৰ বেছিভাগ ঠাইৰ দৰেই এই অঞ্চলতো নাই। চিচিবৰগাঁও অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ভাল যদিও,গুণগত দিশত আগবঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা খুব কম। ধেমাজি জিলাৰ এই পুৰণি গাঁওখনত কেইবাখনো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। তাৰ ভিতৰত উল্লেখযোগ্য শিক্ষানুষ্ঠান কেইখন হ'ল:-

মহাবিদ্যালয়

  • চিচিবৰগাঁও মহাবিদ্যালয় (১৯৯২)
  • বৰ্তমান- চিচিবৰগাঁও জেষ্ঠ মাধ্যমিক বিদ্যালয়,পূৰ্বৰ( নাম চিচিবৰগাঁও কনিষ্ঠ মহাবিদ্যালয় ১৯৯২)
  • চিচিবৰগাঁও বিজ্ঞান মহাবিদ্যালয়

বিদ্যালয়

  • চিচিবৰগাঁও মজলীয়া বিদ্যালয় (১৯৪৬)
  • চিচিবৰগাঁও উচ্চতৰ মাধ্যামিক বিদ্যালয় (১৯৫২)
  • চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
  • শংকৰদেৱ শিশু/বিদ্যা নিকেতন, চিচিবৰগাঁও

ইয়াৰ উপৰি চিচিবৰগাঁৱত ভালেমান চৰকাৰী বিদ্যালয় আছে।

পৰিবহন

স্থলপথ চিচিবৰগাঁৱৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথে চিচিবৰগাঁৱক বহুতো সৰু বৰ নগৰৰ সৈতে সংযোগ কৰিছে। নতুনকৈ নিৰ্মাণ কৰা বগীবিলৰ দলংখনে চিচিবৰগাঁৱক ডিব্ৰুগড়ৰ লগত সংযোগ কৰিছে। ২০১৮ ডিচেম্বৰৰ ২৫ তাৰিখৰপৰা চিচিবৰগাঁও অঞ্চলৰ জনসাধাৰণে ডিব্ৰুগড়, তিনিচুকীয়া, ডুলিয়াজান, শিৱসাগৰ আদি ঠাইক সহজতে যোগাযোগ কৰিবপৰা হৈছে। চিচিবৰগাঁও অঞ্চলটোলৈ অহা এই পৰিৱৰ্তনে চিচিবৰগাঁওলৈ অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক আদি দিশলৈ ব্যাপক পৰিৱৰ্তন আনিব। বগীবিল দলং হোৱাৰ কাৰণে বেহা-বেপাৰ, চিকিৎসা, পৰ্যটন আদি দিশত চিচিবৰগাঁৱৰ লোকে বহু পৰিমাণে সুফল লাভ কৰিব।

ৰেলপথ বগীবিল দলং সম্পূৰ্ণ হোৱাৰ কাৰণে চিচিবৰগাঁও ৰেলৱে ষ্টেচনটোৰ নিৰ্মাণ কাৰ্য শেষ হৈছে। ২৫ ডিচেম্বৰ, ২০১৮-ৰ পৰা এই ৰেলপথেৰে নিয়মীয়াকৈ ৰেল চলাচল হয়। অসমৰ ইমূৰৰপৰা সিমূৰলৈ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ আন আন ৰাজ্যলৈকো ৰেলৰ সহায়ত চিচিবৰগাঁওৰ লোকে যোগাযোগ কৰিব পাৰে।

সম্পৰ্কিত শ্ৰেণী

ধেমাজি জিলাঅসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিচিবৰগাঁও” প্ৰবন্ধৰ সংশোধন ৪৪২৭১৪ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।