দেৰগাঁও(Dergaon) (IPA: ˈdɜːˌgɑ̃ʊ)উজনি অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ঐতিহাসিক ঠাই। হেমকোষ প্ৰণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, জ্ঞানপীঠ বঁটাপ্ৰাপ্ত কবি নীলমণি ফুকন, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, প্ৰফুল্ল চন্দ্ৰ বৰা, নগেন ঠাকুৰ, নৃত্যাচাৰ্য যতীন গোস্বামীকে আদি কৰি অসমীয়া সমাজ-সংস্কৃতিৰ জগতখনত অনবদ্য অৱদান আগবঢ়োৱা কেইবাজনো বৰেণ্য ব্যক্তিৰ জন্মস্থান হৈছে দেৰগাঁও।
ভৌগোলিক বিৱৰণ
দেৰগাঁও ত অৱস্থিত। ১ ইয়াৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৮২ মিটাৰ (২৬৯ ফুট)। দেৰগাঁৱৰ উত্তৰে দিচৈ নৈ, দক্ষিণে গণকপুখুৰী, পূবে যোৰহাট জিলা আৰু পশ্চিমে বাদুলীপাৰ। তথ্যানুসৰি প্ৰাচীন সীমা আছিল - উত্তৰে ব্ৰহ্মপুত্ৰ, পূবে শিতলী নগৰ, দক্ষিণে ওপৰ দৈয়াং (ঢেকিয়াল) আৰু পশ্চিমে দৰিয়া। দেৰগাঁও অঞ্চলটোক দিচৈ, কাকডোঙা আৰু গেলাবিল এই তিনিখন নৈয়ে আগুৰি আছে। মূল দেৰগাঁও চহৰৰ পৰা উত্তৰে কমেও ৮ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদী অৱস্থিত। জন পেটাৰ ওৱেদ চাহাবে উল্লেখ কৰা মতে 'Devargaon famous for the temple of Sadasiva is eight long six broad... Khitali is about 12 miles long and 10 broad ... join the bank Cacadonga, directly east from Devargaon is established the custom house of Khitalorghat'.২
জনসংখ্যা
২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি দেৰগাঁৱৰ জনসংখ্যা ১৩,৩৬৪ জন। ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা। দেৰগাঁৱৰ গড় সাক্ষৰতাৰ হাৰ ৮৫%, পুৰুষ আৰু মহিলাৰ ক্ৰমান্বয়ে ৮৮% আৰু ৮১%। দেৰগাঁৱৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০% ছয়বছৰৰ অনুৰ্ধৰ।
ৰাজনীতি
দেৰগাঁও কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।৩
যাতায়াত
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো দেৰগাঁৱৰ মাজেদি পাৰ হৈ গৈছে। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে বৰুৱাবামুণ গাঁও ৰেলৱে ষ্টেচন। দেৰগাঁৱৰ নিকটবৰ্ত্তী বিমানবন্দৰ হৈছে যোৰাহাটৰ যোৰহাট বিমানবন্দৰ।
শিক্ষা
দেৰগাঁৱৰ প্ৰধান শিক্ষানুষ্ঠানসমূহ হৈছে-
- দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় (website),
- আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় (website)
- ৰেডিয়েণ্ট কলেজ
- উদয়ণ একাডেমী
- ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়
- দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়
- দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়
- দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- দেৰগাঁও টাউন অভ্যসন নিম্ন বুনিয়াদী বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন, কাকডোঙা
- দেৰগাঁও জাতীয় বিদ্যালয়
- শিশু ভাৰতী হাইস্কুল
- ডন বস্ক' হাইস্কুল
- শংকৰদেৱ শিশু নিকেতন, দেৰগাঁও ৪
- এলপাইন ইংৰাজী স্কুল
- মাৰিয়া নিৱাস স্কুল
- ন-ভঙ্গা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়
দেৰগাঁৱৰ অন্তৰ্গত গাঁওসমূহ
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Dergaon
- ↑ Geographical Sketch of Assam: J.P. Wade. পৃঃ ৮-৯
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ Shishu Shiksha Samiti Assam,vbassam.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৰগাঁও” প্ৰবন্ধৰ সংশোধন ৬৩৯২১৪ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।