অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নাহৰকটীয়া

নাহৰকটীয়া (Naharkatia)(IPA: ˈnɑːəˌkətɪə) অসমৰ ডিব্ৰুগড় জিলা ত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো খাৰুৱা তেলৰ বাবে প্ৰসিদ্ধ৷

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নাহৰকটীয়া (Naharkatia)(IPA: ˈnɑːəˌkətɪə) অসমৰ ডিব্ৰুগড় জিলা ত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো খাৰুৱা তেলৰ বাবে প্ৰসিদ্ধ৷

ইতিহাস

নাহৰকটীয়া, ঠাইখনৰ এই নামটোৰ উৎপত্তিৰ লগত জৰিত আছে নাহৰ নামৰ এজন তোলনীয়া আহোম ৰাজকুমাৰৰ হত্যাকাণ্ড। নাহৰ আছিল আহোম ৰজা চ্যুখাম্ফা ওৰফে খুৰা ৰজাৰ তোলনীয়া পুত্ৰ। স্থানীয় লোককথাৰ পৰা জানিব পৰা মতে ৰাজকুমাৰ নাহৰে আহোমৰ গণ্যমান্য ব্যক্তি তথা মন্ত্ৰী সকলৰ বিৰুদ্ধে কৰা অপকৰ্মৰ বাবে বৰদৈয়ামূখত ৰাজকুমাৰ নাহৰৰ শাস্তি ন্যস্ত কৰা হৈছিল আৰু অবশেষত এজন কলীয়া চাউদাঙে নাহৰক বৰ্তমান এই ঠাইৰ ৰেলৱে ষ্টেচনৰ ওচৰতে হত্যা কৰে আৰু এই তথ্যৰ ওপৰতেই ঠাইখনৰ নাম নাহৰকটীয়া হৈছে বুলি জনাজাত। নাহৰ+কটীয়া অৰ্থাৎ নাহৰক কটা ঠাই।

ভৌগোলিক বিৱৰণ

নাহৰকটীয়া ভৌগোলিকভাৱে .১ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১২১ ফুট৷ বুঢ়ীডিহিং নামৰ ব্ৰহ্মপুত্ৰ নদৰ উপনৈখন এই অঞ্চলৰ মাজেৰে বৈ গৈছে৷

আন্তঃগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি নাহৰকটীয়াৰ মুঠ জনসংখ্যা ১৫,৫২৮ জন৷ ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ৷ নাহৰকটীয়াৰ গড় সাক্ষৰতাৰ ৭৮% হাৰ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৫৩% আৰু ৪৭%৷

যাতায়ত ব্যৱস্থা

এই অঞ্চলত অৱস্থিত নাহৰকটীয়া ৰে'লৱে ষ্টেচনে ৰে'লপথেৰে অন্যান্য ঠাইৰ সৈতে সংযোগ কৰিছৈ৷ তাৰোপৰি নাহৰকটীয়াৰ পৰা ডুলিয়াজান, নামৰূপ, তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ আদি ঠাইলৈ নিয়মীয়াকৈ বাছ চলে৷

শিক্ষা

বিদ্যালয়-

  • নাহৰকটীয়া চৰকাৰী মজলীয়া বিদ্যালয়, নাহৰকটীয়া।
  • শংকৰদেৱ শিশু নিকেতন, নাহৰকটীয়া
  • চেইন্ট মেৰিজ স্কুল, নাহৰকটীয়া।
  • নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।
  • নাহৰকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়।
  • বিদ্যা মন্দিৰ, নাহৰকটীয়া।

মহাবিদ্যালয়-

  • নাহৰকটীয়া মহাবিদ্যালয়

ৰাজনীতি

১২০ নং বিধানসভা সমষ্টি, নাহৰকটীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷২

অসমীয়া সাংস্কৃতিক জগতত নাহৰকটীয়া

(অভিনেতা/গায়ক)

উল্লেখযোগ্য স্থান

  • মেৰবিল

নাহৰকটীয়াৰ ওচৰতে থকা প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰৰে ভৰপূৰ এখন বিল। নানা প্ৰজাতিৰ গছ-গছনিৰ লগতে বন্যপ্ৰাণী ইয়াত দেখিবলৈ পোৱা যায়। বৰ্তমান ইয়াক Merbill Echo-Tourism নামৰ এক প্ৰকল্পৰ অধীনত অসমৰ এখন আকৰ্ষিত পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰি থকা হৈছে।

  • গাভৰু দলং

নাহৰকটীয়াৰ বৃহত্তৰ চাচনী অঞ্চলত বুঢ়িদীহিং নৈৰ ওপৰত থকা এখন দলং। প্ৰকৃততে ই দলং নহয়, তৈল পৰিবাহী নলী পাৰ কৰিবলৈ ইয়াক নিৰ্মাণ কৰা হৈছিল। কিন্তু ইয়াৰ ওপৰেদি মানুহ পাৰ হব পৰা ব্যবস্থা আছে আৰু বৰ্তমান এই গাভৰু দলং সকলোৰে বাবে আকৰ্ষিত হৈ পৰিছে, বিশেষকৈ বনভোজস্হলী হিচাপে।

  • নামফাকে গাঁও

নাহৰকটীয়াৰ ওচৰতে থকা এখন মনোমোহা গাঁও। টাইফাকেসকলে বাস কৰা এই গাওঁৰ কাষেদি বৈ যোৱা বুঢ়ীদিহিং নৈ আৰু গাওঁ খনত থকা বৌদ্ধ মন্দিৰ নান্দনিক দৃশ্যৰ বাবে এই ঠাইখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Naharkatia
  2. ↑ List of Parliamentary & Assembly Constituencies. অসম. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহৰকটীয়া” প্ৰবন্ধৰ সংশোধন ৬২২২০০ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।