অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৰূপহী পথাৰ

শিৱসাগৰ জিলাৰ ভটীয়াপাৰ আৰু দিখৌ নদীৰ পাৰলৈকে পূবফাললৈ বিস্তৃত পথাৰখনৰ নাম ৰূপহী পথাৰ।

হালনাগাদ: ২৭ জুন ২০২০ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শিৱসাগৰ জিলাৰ ভটীয়াপাৰ আৰু দিখৌ নদীৰ পাৰলৈকে পূবফাললৈ বিস্তৃত পথাৰখনৰ নাম ৰূপহী পথাৰ।১

ৰূপহী নামৰ উৎপত্তি

১৬৯৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুখ্ৰংফাই মেটেকাত ৰাজধানী স্থাপন কৰিছিল। তেওঁ ৰূপহী পথাৰত বিভিন্ন জন্তু,চৰাই-চিৰিকতিৰ যুঁজ,মালযুঁজ আৰু খেল ধেমালিৰ আয়োজন কৰিছিল।১গাভৰু নাচ আছিল আহোম শাসনকালত এক উপভোগ্য নাচ। এই নাচ আছিল বছা বছা নাচনীৰ নাচ। ব্যতিক্ৰমী নাচেৰে, অপৰূপ লয়-লাসেৰে নচা এজনী নাচনী আছিল- ৰূপহী। ৰূপহীৰ নাচ আৰু সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰূপহীক তেওঁৰ আলপৈচান ধৰাৰ দায়িত্ব দিছিল। আৰু তাইৰ প্ৰতিভাৰ স্বীকৃতি ৰূপে তাই নচা পথাৰখনৰ নাম দিছিল ৰূপহী পথাৰ।১

ভৌগোলিক বিৱৰণ

  • ভটিয়াপাৰ আৰু দিখৌ নদীৰ পাৰত পূৱলৈ অৱস্থিত ৰূপহী পথাৰ।
  • ৰূপহী পথাৰৰ এটা অঞ্চলৰ নাম চলা পথাৰ বা কেকাই পথাৰ।১
  • চাৰিসীমা
    • ৰূপহী পথাৰৰ উত্তৰে দিখৌ নদী, দক্ষিণে নামদাং, পূৱে মেটেকা পথাৰ আৰু পশ্চিমে ভটিয়াপাৰ।১

প্ৰবাদ

চুখ্ৰংফাই নিজে আনন্দ উপভোগৰ লগতে জনসাধাৰণৰ হৃদয় জয় কৰিবলৈ ৰূপহী পথাৰত বাঁহ কাঠেৰে এটা ৰংঘৰ নিৰ্মাণ কৰিছিল যিটো তেওঁৰ দ্বিতীয় পুত্ৰ‌ চুণেণফাই বৰ্তমানৰ দুমহলীয়া ৰংঘৰটো ইটাৰে নিৰ্মাণ কৰে। দুবৰণি আলি আৰু বৰ আলিৰ মাজৰ ৰূপহী পথাৰত থকা এই ৰংঘৰটো এছিয়াৰ সৰ্বপ্ৰথম ক্ৰীড়া উপভোগ ক্ষেত্ৰ।১এই ৰংঘৰটোৰ পিছফালে ৰূপহী পথাৰৰ মধ্যস্থলত কেইবা পূৰা মাটি আগুৰি ধোবা পুখুৰী নামৰ এটা পুখুৰী আছিল।১

অন্যান্য

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ শৰৎ হাজৰিকা. (২০১৬ খ্ৰীষ্টাব্দ,৫৬৭ শঙ্কৰাব্দ). ইতিহাসৰ এক সোণালী দলিচাঃৰূপহী পথাৰ. বৈকুণ্ঠ দুতয়. পৃ. ৩৯৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ প্ৰশাসনিক অঞ্চলশিৱসাগৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপহী পথাৰ” প্ৰবন্ধৰ সংশোধন ২৩৯৮৪৮ (২৭ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।